ETV Bharat / state

ৰাজ্যজুৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি পালন

Sankardev Janmotsav: আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ । ৰাজ্যৰ সত্ৰ-নামঘৰে গুৰুজনাৰ সৃষ্টিৰাজিৰ গুণ-গান ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 1:55 PM IST

Updated : Oct 12, 2024, 4:13 PM IST

Sankardev Janmotsav observed in different part of state
ৰাজ্যত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী পালন (ETV Bharat Assam)

নিউজ ডেস্ক,১২ অক্টোবৰ: সমগ্ৰ ৰাজ্যতে শাৰদীয় দুৰ্গা পূজাৰ আনন্দ । ইয়াৰ মাজতে আজি ৰাজ্যবাসীয়ে পালন কৰিছে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম তিথি । ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে উলহ-মালহৰে পালন কৰিছে গুৰুজনাৰ জন্মোৎসৱ । বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিসমূহ স্মৰণ কৰিছে ৰাজ্যবাসীয়ে ।

দুৰ্গা পূজাবিহীন মাজুলীত গুৰুজনাৰ জন্মজয়ন্তী:

মাজুলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ জন্মোৎসৱ । ভকত-বৈষ্ণৱসকলৰ নাম কীৰ্ত্তন, আয়তীসকলৰ নাম, খোল তালৰ শব্দৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলী । সত্ৰ নগৰী মাজুলীৰ বিভিন্ন নামঘৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ লগত সংগতি ৰাখি আয়োজন হৈছে চিত্ৰাংকন প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আলোচনা চক্ৰ । মুঠৰ ওপৰত এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত ।

উখল-মাখল টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগন:

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আয়োজন কৰা হৈছে যুগমীয়া শংকৰদেৱৰ জন্মোৎসৱ । প্ৰাতঃপ্ৰসংগ, দিহানাম আদি বিভিন্ন কাৰ্যসূচীৰ লগতে উলিওৱা হৈছে ভাগৱত যাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা । য'ত প্ৰতিফলিত হয় গুৰুজনাৰ বিভিন্ন সৃষ্টিৰাজী । বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশ । ইপিনে শোভাযাত্ৰাৰ পাছতে মূল নাম, পাঠ আৰু এক ধৰ্মমূলক সভা আয়োজন হ'ব আৰু নিশালৈ মহাপুৰুষীয়া ভাওনাৰে দিনযোৰা কাৰ্যসূচীৰ সামৰণি মাৰিব বুলি জানিবলৈ দিয়ে নামঘৰ পৰিচালনা সমিতিয়ে ।

মাকুমত ভক্তিৰসৰ নৈ:

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মাকুমতো মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উদযাপন । ভাগৱত ভ্ৰমণৰ জৰিয়তে ভক্তিৰসত ডুব গ’ল মাকুম । চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ মাকুমবাসী ৰাইজৰ সহযোগত মাকুম ৰাজহুৱা নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উদযাপন কৰা হৈছে । আজি প্ৰথম দিনা কাৰ্যসূচী হিচাপে মাকুম নামঘৰৰ পৰা সমগ্র মাকুম অঞ্চলত এক দীঘলীয়া ভাগৱত যাত্ৰা বাহিৰ কৰা হয় ।

গুৰুজনাৰ নাম কীৰ্তনেৰে মুখৰিত খোৱাং:

পূজাৰ আনন্দ উল্লাসৰ মাজতে আজি খোৱঙতো পালন কৰা হয় মহাপুৰুষ শংকৰদেৱৰ ৫৭৬ সংখ্যক আৰ্বিভাৱ মহোৎসৱ । খোৱাঙৰ বাঁহনি পথাৰ নামঘৰতো পালন কৰা হয় গুৰুজনাৰ আৰ্বিভাৱ মহোৎসৱ । দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই মহোৎসৱত শুকুৰবাৰে দিনটোত কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয় । আজিৰ দিনটোত পুৱাৰ ভাগত বৰ্ণিল ভাগৱত ভ্ৰমণেৰে কাৰ্যসূচী আৰম্ভ হয় । শ শ ভক্তই অংশগ্ৰহণ কৰা এই ভাগৱত ভ্ৰমণত ওচৰৰ কেইবাটাও নামঘৰে সহযোগ কৰে ।

লগতে পঢ়ক: বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন

একতাৰ অনন্য নিদৰ্শন; গুৰুজনাৰ আবিৰ্ভাৱ তিথিত ভিন্ন ধৰ্মী লোকৰ মুখেৰে নিগৰিত হ’ল বৰগীত

Last Updated : Oct 12, 2024, 4:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.