ETV Bharat / state

মঞ্চ কঁপাবলৈ সাজু হৈছে সমন্বয় ছোৱালী হুঁচৰি দল - Rongali bihu 2024

Rongali bihu 2024 : নঙলামুখত ব’হাগ ৷ প্ৰতিবছৰৰ দৰে এইবাৰো বিহু মঞ্চত ৰাইজক নচুৱাবলৈ সাজুু হৈছে মৰাণ সমন্বয় ছোৱালী হুঁচৰি দল ।

Rongali bihu 2024
মঞ্চ কঁপাবলৈ সাজু হৈছে সমন্বয় ছোৱালী হুঁচৰি দল
author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 4:00 PM IST

মঞ্চ কঁপাবলৈ সাজু হৈছে সমন্বয় ছোৱালী হুঁচৰি দল

মৰাণ, 4 এপ্ৰিল : “ব’হাগ মাথোঁ এটা ঋতু নহয়,নহয় ব’হাগ এটি মাহ । অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ সাহ ।” পদূলিত হেঁপাহৰ বহাগ । সঁচা অৰ্থতে ব’হাগ হৈছে অসমীয়াৰ আয়ুস ৰেখা । স্মৰণাতীত কালৰে পৰাই অসমীয়া জাতিক দাঙি ধৰি আহিছে ব’হাগৰ ৰঙেৰে ।

প্ৰকৃতিয়ে ন-সাজেৰে দিলেহি ব’হাগৰ বতৰা । ঢোল-পেঁপাৰ শব্দত ৰজনজনাইছে গাঁও কিম্বা চহৰ । অসমীয়াৰ বাপতি সাহোন ৰঙালীক আদৰিবলৈ এতিয়া সকলোতে চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কপৌ-কেতেকী, মাধৈমালতী ফুলে ব’হাগৰ বতৰা লৈ বসন্তৰ সুবাস বিলাইছে । তাঁতশালত শিপিনীৰ ব্যস্ততাৰ অন্ত নোহোৱাৰ লগতে ঢুলীয়াই বতৰ চাই টানিছে ঢোলৰ বৰতী ।

ইয়াৰ সমান্তৰালকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুৰ আখৰা । মৰাণতো বিহুৰ আখৰাত ব্যস্ত মৰাণ সমন্বয় ছোৱালী হুঁচৰি দল । পুৰুষৰ হুঁচৰিক ফেৰ মাৰি ২০১৯ চনৰ পৰাই সমন্বয় ছোৱালী হুঁচৰি দলে প্ৰতিবছৰে ৰাইজৰ চোতালত হুঁচৰি গাই সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে ৷

ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ২১ গৰাকী যুৱতীৰে গঠিত এই ছোৱালী হুঁচৰি দলটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শনীমূলক হুঁচৰি গাই ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰি আহিছে । এইবাৰো পূৰ্ণ উদ্যমেৰে আৰম্ভ কৰিছে আখৰা ।

উল্লেখ্য যে, এই সমন্বয় ছোৱালী হুঁচৰি দলত ঢোল, পেঁপাকে ধৰি সকলো বিহুৰ বাদ্যযন্ত্ৰ ছোৱালীয়ে বজায় । ফলত ৰাইজৰ মাজত অতি সমাদৃত হৈ আহিছে মৰাণৰ সমন্বয় ছোৱালী হুঁচৰি দল । ইতিমধ্যে ৰাজ্যৰ ১০ খন বিহুমঞ্চত প্ৰদৰ্শনীমূলক হুঁচৰি গাবলৈ নিমন্ত্ৰণ লাভ কৰিছে ছোৱালী হুঁচৰি দলটোৱে ।

লগতে পঢ়ক: ২০২৩-২৪ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি সৰ্বাধিক পৰ্যটকৰ সংখ্যা - Highest Tourist in Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.