লখিমপুৰ, ২ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰালে নিবনুৱা সন্থাই । সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই প্ৰতিটো পৰিয়ালত নিয়োগৰ ব্যবস্থা কৰাৰ দাবী জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী গৰাকীয়ে দুদিনীয়া অসম ভ্রমণত কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ কৰিব ।
সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনৰ প্ৰাকমুহূৰ্তত তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দি তেওঁৰ এই ভ্ৰমণৰ সময়তে নিবনুৱা নিয়োগৰ ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনায় । সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক গৰাকীয়ে মোদীৰ অসম ভ্ৰমণলৈ সদৌ অসম নিবনুৱা সন্থাই আদৰণি জনাই কয়," মোদীয়ে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়তে ভয়াবহ নিবনুৱা সমস্যা দেশৰ অন্যতম সমস্যা বুলি অভিহিত কৰিছিল । এইক্ষেত্ৰত তেওঁ দেশৰ প্ৰতিটো পৰিয়ালত নিয়োগৰ ব্যবস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । পিছে পৰৱৰ্তী সময়ত তেওঁ এই প্ৰতিশ্ৰুতি পাহৰি গ'ল ।"
সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই পুনৰ কয়," নিবনুৱা সমস্যা সমাধান কৰাৰ বাবে বিশেষ একো ব্যবস্থা তেওঁ গ্ৰহণ নকৰিলে । প্ৰতিটো পৰিয়ালক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁ ব্যৰ্থ হ'ল । এইদৰে ক্ষোভ উজাৰি তেওঁ কয় সম্প্ৰতি অসম ভ্ৰমণলৈ অহাৰ সময়ত তেওঁৰ আমি তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিছো ।"
উল্লেখ্য় যে ৩ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীয়ে ৪ ফেব্ৰুবাৰীত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এখন বিশাল সভাত ভাষণ দিব । লগতে এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে ৷ ইয়াৰ লগতে এই ভ্ৰমণতে প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ হোলোঙাপাৰাত নির্মাণ হোৱা মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব ৷ মহাবীৰ লাচিত মৈদামত অসম চৰকাৰৰ দ্বাৰা ১৫০ কোটি টকা ব্য়য়ৰে নির্মাণ কৰা হৈছে ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি ৷
লগতে পঢ়ক:৩ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী