ETV Bharat / state

সোণাৰিত উন্নয়নৰ নমুনা, দলং বুলিবলৈ আছে মামৰে ধৰা কেইডালমান লো - Public demand for bridge

Sonari road condition: অসম-অৰুণাচল সীমান্তৰ ঐতিহাসিক লাদৈগড় পথৰ ওপৰত থকা এখন দলঙৰ ওপৰেৰে নিতৌ বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে সহস্ৰাধিক লোকে । কেইবা দশক ধৰি প্ৰায় ৮ খন গাঁৱক সংযোগ কৰা দলংখন নিৰ্মাণ নহ'ল । শীঘ্ৰে দলঙৰ লগতে পথটো নিৰ্মাণৰ দাবী ৰাইজৰ ।

Sonari road condition
দলং বুলিবলৈ আছে মামৰে ধৰা কেইডালমান লো
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:58 PM IST

দলং বুলিবলৈ আছে মামৰে ধৰা কেইডালমান লো

মৰাণ,১৭ ফেব্ৰুৱাৰী : দেশৰ ৫ খন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । অসমৰ প্ৰতিটো কোণতে এই আঁচনিসমূহৰ যাতে সফল ৰূপায়ণ হয় তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰীয়ে । কিন্তু প্ৰকৃতাৰ্থত এই আঁচনিসমূহৰ সঠিক ৰূপায়ণ হৈছে নে ?

  • " class="align-text-top noRightClick twitterSection" data="">

কিয়নো বৰ্তমান সময়ত চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিত জৰাজীৰ্ণ পথ আৰু বিপদসংকুল দলঙেৰে ৰাইজে যাতায়াত কৰিব লগা হৈছে । চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ ঐতিহাসিক লাদৈগড় পথৰ ওপৰত থকা সাঁকো সদৃশ জৰাজীৰ্ণ এখন দলঙে অঞ্চলটোৰ প্ৰায় ৮-৯ খন গাঁৱৰ ৰাইজৰ ভৰসা । প্ৰতিদিনে কণ কণ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে জৰাজীৰ্ণ সাঁকো সদৃশ কেইডালমান লোৰ ওপৰেৰে পাৰ হৈছে ।

দশক দশক ধৰি সীমামূৰীয়া ৰাইজে বিপদসংকুল যাত্ৰা কৰাৰ উপৰিও ৰোগীকো কান্ধত তুলি ইয়াৰ ওপৰেৰে ভয়ংকৰভাৱে যাত্ৰা কৰি আহিছে । লাদৈগড় গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিদিনে অতি বিপদজনকভাৱে এই জৰাজীৰ্ণ লোৰ ওপৰেৰে যাতায়াত কৰিব লগা হৈছে । এই পথটোৰ দুৰৱস্থাই যমৰ-যাতনা ভোগাইছে সীমামূৰীয়া অঞ্চলৰ বহু কেইখন গাঁৱৰ ৰাইজক । যাৰ বাবে গাঁৱৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিসকলক এই পথৰ লগতে বিধ্বস্ত দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।

জানিব পৰা মতে ঐতিহাসিক লাদৈগড় পথ আৰু এই দলংখন নিৰ্মাণ কৰি দিলে চুবুৰীয়া অৰুণাচলৰ সৈতে যোগাযোগৰ এক সুব্যৱস্থা আৰম্ভ হ'ব । কিন্তু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কেতিয়া ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ ব্যৱস্থা ল'ব সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক :১০ বছৰেই মুকলি নহ'ল ধেমাজি জিলা বাছ আস্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.