ETV Bharat / state

হজযাত্ৰা কৰিবলৈ ইচ্ছুক নেকি ? হজলৈ যোৱাৰ পূৰ্বে জানি লওঁক এইসমূহ নিয়ম - rules of going to Hajj

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:58 PM IST

Hajj Pilgrims 2024 : 16 মে'ৰ পৰা আৰম্ভ হ’ব পৱিত্ৰ হজ যাত্ৰা ৷ অসমৰ পৰা পৱিত্ৰ হজ আদায়ৰ বাবে মক্কা-মদিনালৈ যাব তিনি সহস্ৰাধিক হজযাত্ৰী । কিন্তু হজলৈ যোৱাৰ পূৰ্বে প্ৰতিগৰাকী হজযাত্ৰীয়েই পালন কৰিব লাগিব কিছু নীতি-নিয়ম । কি এই নীতি নিয়ম ? এই সন্দৰ্ভত জানিবলৈ চাওক ই টি ভি ভাৰত অসমে প্ৰস্তুত কৰা এই বিশেষ প্ৰতিবেদন...

special interview on Rules and Regulations for hazz Pilgrims
হজযাত্ৰা (Etv bharat)
হজলৈ যোৱাৰ পূৰ্বে জানি লওঁক এইসমূহ নিয়ম (Etv bharat)

নগাওঁ, 15 মে’: কাইলৈ অৰ্থাৎ 16 মে'ৰ দিনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজযাত্ৰীৰ দল ৰাওনা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ জ্ঞান কৰা পৱিত্ৰ হজ আদায়ৰ বাবে । অৱশ্যে হজ আদায়ৰ বাবে পৱিত্ৰ ভূমিত উপস্থিত হোৱাৰ পূৰ্বেও জানিবলগীয়া তথা পালন কৰিবলগীয়া হয় বহু গুৰুত্বপূৰ্ণ নিয়ম । কেৱল হজলৈ যোৱাৰ পূৰ্বেই নহয় হজ আদায় কৰাৰ সময়তো পালন কৰিবলগীয়া হয় বহুকেইটা নিয়ম । আনকি কিছু কিছু ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া হয় কিছু সাৱধানতাও ।

অসমৰ পৰা বহু হজযাত্ৰীক পোনপটীয়াকৈ মক্কালৈ লৈ যোৱাৰ বিপৰীতে আন একাংশ হজযাত্ৰীক লৈ যোৱা হয় মদিনালৈ । গুৱাহাটীৰ পৰা চিধা মক্কালৈ যোৱা হজযাত্ৰীসকলে গুৱাহাটীতেই নিয়ম অনুযায়ী বান্ধিব লাগে হজৰ এহৰাম । কিন্তু এইক্ষেত্ৰত আকৌ মদিনালৈ যোৱা যাত্ৰীসকলে গুৱাহাটীৰ বিপৰীতে মদিনাৰ পৰা মক্কালৈ যোৱাৰ সময়তহে এহৰাম বান্ধিব লাগে ।

এহৰামত থকা অৱস্থাত হজযাত্ৰীসকলে কৰিবলগীয়া আৰু নকৰিবলগীয়া কামবোৰ: এহাৰামৰ পৰা কুৰবাণী, শিলগুটি দলিওয়া আৰু সম্পূৰ্ণ হজ আদায় কৰালৈকে কি কি নিয়ম মানি কেনেদৰে হজ আদায় কৰিব লাগিব নগাঁও জিলা হজ কমিটীৰ যুটীয়া সম্পাদক তথা হজৰ এগৰাকী প্ৰশিক্ষক, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আলহাজ অমিনুল ইছলামে কয়, "এহৰাম নাবান্ধিলে হজ আদায় নহয় ৷ হজৰ গুৰুত্বপূৰ্ণ নিয়মটোৱেই হ’ল এহৰাম পিন্ধা ৷ এহৰাম পিন্ধা প্ৰাক-মুহূৰ্তত তেওঁ চাফ-চিকুণ হৈ থাকিব লাগিব ৷ উজপ কৰি থাকিব লাগিব ৷ এবাৰ এহৰাম পিন্ধাৰ পাচত তেওঁলোকে খুলিব নোৱাৰিব ৷ লগতে তেওঁলোকে কোনো সুগন্ধিও ব্যৱহাৰ কৰিব নোৱাৰিব ৷"

লগতে পঢ়ক: ১৬ মে'ত মক্কালৈ উৰা মাৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দল - Hajj Pilgrims 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.