ETV Bharat / state

ধিঙত ত্ৰাস চলাই থকা বাঘটোৰ মৃত্যু - Royal Bengal Tiger Dies in Zoo - ROYAL BENGAL TIGER DIES IN ZOO

Royal Bengal Tiger Dies : অৱশেষত মৃত্যু হ’ল ধিঙত ত্ৰাস চলাই থকা বাঘটোৰ ৷ অসম ৰাজ্যিক চিৰিয়াখানাতে মৃত্যু হয় বাঘটোৰ ৷ কিন্তু কিয় বাঘটোৰ মৃত্যু হ’ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে জানিব পৰা যাব ৷

Royal Bengal Tiger Dies
ধিঙত ত্ৰাস চলাই থকা বাঘটোৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 10:51 PM IST

গুৱাহাটী, ২৪ আগষ্ট : ধিঙত ত্ৰাস চলোৱা বাঘটোৰ অৱশেষত মৃত্যু হয় । দীৰ্ঘদিন ধৰি ধিঙত ত্ৰাস চলাই আহিছিল বাঘটোৱে ৷ ইতিমধ্যে অসম ৰাজ্যিক চিৰিয়াখানাত বাঘটোৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷

অসম ৰাজ্যিক চিৰিয়াখানাৰ বন বিষয়া জনোৱা অনুসৰি, নগাঁও জিলাৰ ধিঙত শুকুৰবাৰে ট্ৰেংকুলাইজ কৰা হয় বাঘটোক ৷ তাৰ পিছত বাঘটোক চিৰিয়াখানা লৈ নিশা লৈ অনা হয় । চিৰিয়াখানা লৈ অনাৰ পিছতে নিশাই মৃত্যু হয় ঢেঁকীয়াপতীয়া বাঘটো । প্ৰায় ৪ বছৰ বয়সৰ আছিল এই মতা ঢেঁকীয়াপতীয়া বাঘটো ।

ইতিমধ্যে চিৰিয়াখানাত বাঘটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে গম পোৱা যাব যে কিহৰ বাবে এই বাঘটোৰ হঠাৎ মৃত্যু হ'ল ।

উল্লেখ্য যে, ধিঙত প্ৰায় দুমাহ ধৰি ত্ৰাস চলাইছিল ঢেকীয়াপতীয়া বাঘটোৱে । বহু চেষ্টাৰ অন্তত অৱশেষত নগাঁও জিলাৰ বন বিভাগে বাঘটো শুকুৰবাৰে ধৰিবলৈ সক্ষম হৈছিল । শুকুৰবাৰে ধিঙৰ ঔদ্যোগিক পামৰ ভিতৰত সোমাই থকা বাঘটোক বন বিভাগে টেংকুলাইজ কৰি পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম হৈছিল ।

ঢেঁকীয়াপতীয়া বাঘটোৱে ৫ জনকৈ সাধাৰণ লোকক আক্ৰমণ কৰি আহত কৰিছিল ৷ লগতে এই বাঘটোৱে এজন বন বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰি আহত কৰিছিল । বাঘটোৰ ত্ৰাসৰ বাবে ধিং অঞ্চলৰ প্ৰায় হেজাৰ হেজাৰ হেক্টৰ মাটিত শালি ধান লগাব পৰা নাছিল কৃষকে । কিন্তু অতি পৰিতাপৰ বিষয় যে নগাঁও জিলাৰ বন বিভাগে আটক কৰা বাঘটো অৱশেষত মৃত্যু হয় ।

লগতে পঢ়ক : বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ - Tiger Terror

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.