ETV Bharat / state

কলং বোৱাই নিয়াৰ আঁচনি বন্ধ কৰাৰ দাবীত পথ অৱৰোধ - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 3:47 PM IST

Flood in Kaliabor: বান সমস্য়া সমাধানৰ দাবী ক্ষুব্ধ ৰাইজৰ । জনতা ৰাজপথলৈ ওলাই আহিল মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে । ২০১৫ চনৰ বানৰ ভয়াবহ ছবিখন চাব নোখোজে ৰাইজে ।

Protest in Kaliabor
জলসম্পদ বিভাগৰ বিৰুদ্ধে শ্লোগান (ETV BHARAT ASSAM)

কলিয়াবৰ, ৩ জুলাই: ৰাজ্যৰ ২৮ খন জিলাত বানে প্রলয়ংকৰী ৰূপ ধাৰণ কৰিছে । মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । ঘৰ-বাৰী এৰি ওখ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্রান্তই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত ৰাইজক সাহায্য আগবঢ়োৱাত যাতে কোনোধৰণৰ কৃপণালি নকৰে তাৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এনে নিৰ্দেশনাৰ পিচতো বানাক্ৰান্তই উপযুক্ত সাহাৰ্য নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে, বুধবাৰে কলিয়াবৰত ৰাইজে ৰাজপথলৈ ওলাই আহি মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে । প্ৰতিবাদকাৰীসকলে বান সমস্য়া সমাধানৰ বাবে দাবী জনায় ।

৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্য়স্ত কৰিলে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ প্ৰেছ ক্লাব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লোৱা বানপীড়িতই । ২০১৫ চনৰ বানৰ ভয়াবহ ছবিখন মনৰ পৰা আঁতৰি নাযাওতেই মঙলবাৰে কলংমুখৰ হাতীমূৰা মথাউৰি ছিগি পুনৰ কলিয়াবৰত বানৰ সৃষ্টি হয় । ইয়াৰ পিচতেই বুধবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে । অৰৰোধ কৰে পথ ।

লগতে পঢ়ক:আহাৰমহীয়া বানৰ বিভীষিকা: ক্ষতিগ্ৰস্ত 11,34,446 লোক, মৃতকৰ সংখ্যা 38 লৈ বৃদ্ধি - ASSAM FLOOD 2024

কলং বোৱাই নিয়াৰ আঁচনি বন্ধ কৰি কলঙৰ মুখ বন্ধ কৰি কলিয়াবৰীয়া ৰাইজক সকাহ দিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰীয়ে মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে । এই প্ৰতিবাদৰ ফলত উজনি-নামনিৰ যাতায়ত সেৱা বিঘ্নিত হৈ পৰে ।

হাতীমূৰা মথাউৰি ছিগি ব্ৰহ্মপুত্ৰৰ পানী হোৰাহোৰে কলঙৰ বুকুৰে সোমাই জলমগ্ন কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁও । বৰ্তমান পানীৰ সোঁত কমিছে যদিও ন-ন অঞ্চল বুৰিছে । কেৰিবাকৰি, দেৱসত্ৰ, ঢেকীয়াল, শেনচোৱা, বৰভকতি, মিৰিভেটি কেইবাখনো গাঁও জলমগ্ন হৈছে । কলিয়াবৰ বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়, বিদ্যালয়, ঘৰ-দুৱাৰ এতিয়া বানপানীৰ কৱলত । জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ প্ৰেছ ক্লাব, ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বানপীড়িত লোকে আশ্ৰয় গ্ৰহণ কৰে। এতিয়ালৈকে কলিয়াবৰ ৰাজহ চক্ৰৰ ২৮ খন গাঁও বানৰ কৱলত পৰিছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা : প্ৰশাসন হৈ পৰিছে সষ্টম - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.