ETV Bharat / state

ডিমা হাছাওকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰেমলৰ ত্ৰাস - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 1:25 PM IST

Cyclone Remal effect in Assam : ৰাজ্যজুৰি ৰেমলে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ ফলত জনজীৱন ব্যাহত হোৱাৰ লগতে বিভিন্ন ক্ষয়-ক্ষতিৰ লগতে বহু লোকো হতাহত হৈছে ৷

Remol's terror in different parts of the state
ডিমা হাছাওকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰেমলৰ ত্ৰাস (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 28 মে’ : ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱ অসমতো পৰা দেখা গৈছে ৷ ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ বাবেই দেওবাৰে নিশাৰ পৰা ৰাজ্যৰ বহু অঞ্চলত ধুমুহা আৰু মুষলধাৰ বৰষুণ হয় ৷ ফলত মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ ফলত জনজীৱন ব্যাহত হোৱাৰ লগতে বিভিন্ন ক্ষয়-ক্ষতি আৰু লোকো হতাহত হৈছে বুলি খবৰ পোহৰলৈ আহিছে ৷

মাজুলী

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে মাজুলীৰ অফলামুখ নিমাটিত ফেৰী সেৱা বন্ধৰ ঘোষণা কৰিছে । ৰেমলৰ সতৰ্কতা বাবে বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা । বিভাগীয় জাহাজসমূহ চলাচল কৰে আছে যদিও অনাগত সময়ত বতৰ অত্যধিক বেয়া হ’লে সম্পূৰ্ণৰূপে ফেৰী সেৱা বন্ধ হ’ব বুলি আভ্যন্তৰীণ জল পৰিবহন বিভগাৰ লোকে ৷

আনহাতে কমলাবাৰী ফেৰী ঘাটত পুৱাৰ ভাগত দুখন গুটীয়া ফেৰী চলিছিল যদিও কমলাবাৰী ঘাটত বন্ধ কৰি দিয়া হৈছে গুটীয়া ফেৰী ৷ জাহাজ চলাচল কৰিছে যদিও যিকোনো মুহূৰ্তত বন্ধ হ’ব পাৰে চৰকাৰী জাহাজো ।

গুৱাহাটী

মহানগৰীত পুৱতি নিশাৰে পৰা বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বতাহ-বৰষুণৰ ফলত মহানগৰীৰ জনজীৱন স্তব্ধ হৈ পৰিছে । মহানগৰীৰ ঠায়ে ঠায়ে গছ ভাঙি বিস্তৰ ক্ষতি সাধন কৰিছে । মহানগৰীৰ কাহিলীপাৰা, ভি আই পি ৰোড, শিলপুখুৰী, দীঘলী পুখুৰী, পানবজাৰকে ধৰি বিভিন্ন স্থানত গছৰ ডাল ভাঙি পৰিছে । শিলপুখুৰীত এডাল গছ উভালি এটা ঘৰৰ ওপৰত পৰে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰৰ ভিতৰত থকা লোকজনৰ ।

গুৱাহাটীৰ ভি আই পি পথত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । চলন্ত বাইকৰ ওপৰত এডাল প্রকাণ্ড গছ পৰাৰ ফলত গুৰুতৰভাৱে আহত হয় আৰোহীজন । আনহাতে ব্ৰহ্মপুত্ৰতো পানী বৃদ্ধি পাইছে ।

ৰেমলৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ বহু বিদ্যালয়ত পাঠদান বাতিল কৰা হৈছে । আগতীয়া সাৱধানতা অৱলম্বন কৰি গুৱাহাটীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে পাঠদান বাতিল কৰিছে ৷ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে একাংশ বিদ্যালয় কৰ্তৃপক্ষই ৷

কলিয়াবৰ

নগাঁও জিলাৰ কলিয়াবৰত কালঘূৰ্ণী ৰেমলে কালৰূপ লৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো বিধ্বংসী ধুমুহা-বৰষুণে কালৰূপ লৈছে । প্ৰবল ধুমুহা-বৰষুণে উৰুৱাই নিলে কলিয়াবৰৰ এঘৰ লোকৰ টিনপাত ৷

দৰং

দৰঙৰ ছিপাঝাৰত ৰেমলৰ তাণ্ডৱ ৷ এঘৰ লোকৰ ঘৰত উভালি পৰিল এডাল প্ৰকাণ্ড গছ । কথমপি শিশুসহ তিনিজনৰ প্ৰাণৰক্ষা পৰে ৷ ছিপাঝাৰৰ হাজৰিকাপাৰাৰ শ্বেতমদাৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে ৷ গছ উভালি পৰা সময়ত ঘৰৰ ভিতৰতে আছিল পৰিয়ালটো । একেবাৰে দুখীয়া তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা তিনিজনীয়া পৰিয়ালটোৰ এনে অৱস্থা দেখি সকলোৱে উদ্ধাৰ কৰিবলৈ দৌৰা দৌৰিকৈ আহে । আনহাতে ছিপাঝাৰৰ অন্যান্য প্ৰান্তৰ পথত গছ উভালি পৰাৰ ফলত যাতায়ত ব্যাহত হয় ৷

ডিমা হাছাও

ডিমা হাছাও জিলাত ৰেমলৰ তাণ্ডৱত প্ৰচণ্ড ক্ষয়-ক্ষতি হৈছে । প্ৰচণ্ড বৰষুণৰ বাবে বন্ধ হৈ পৰে হাফলং শিলচৰ 27 নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথ । জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে এক নিৰ্দেশনা জাৰি কৰি দুদিনৰ বাবে ডিমা হাছাও জিলা প্ৰশাসনে জিলাখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে ৷

ইপিনে প্ৰচণ্ড বৰষুণৰ ফলতে হাফলং শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । হাৰেংগাজাওৰ ওচৰতে ডিম্বৰুচৰা নৈৰ পানীয়ে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ চিঙি লৈ যায় । যাৰ ফলতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলত অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰে ৷

ইফালে ৰেমলৰ তাণ্ডৱত লামডিং শিলচৰ ৰেলপথৰ 14 নম্বৰ টানেলত পাহাৰৰ পৰা নামি অহা পানীৰ বাবে ৰে’লপথ সাময়িকভাৱে বন্ধ হৈ পৰিছে । বৰ্তমানে চিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীখন নিউ হাফলং ষ্টেশ্যনত আৱদ্ধ হৈ আছে । শিলচৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখন দামচৰা ষ্টেশ্যনত আৱদ্ধ হৈ আছে ।

ইপিনে প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলতে হাফলং চহৰৰ কনভেণ্ট ৰোড এলেকাত প্ৰকাণ্ড গছ পৰি পথটো বন্ধ হৈ পৰিছে । গছৰ লগতে বিদ্যুতৰ খুটি বাগৰি পৰি বিদ্যুৎ পৰিসেৱা সম্পূৰ্ণ বিপৰ্যয় হৈ পৰিছে হাফলং চহৰত ।

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱত অসমত হ’ব ধাৰাসাৰ বৰষুণ: বলিব ধুমুহাও - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.