ETV Bharat / state

মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি : শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা - fee waiver funds to colleges

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 5:08 PM IST

Fee-waiver funds to colleges: ৰাজ্যৰ মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবে বিগত ৩ বছৰত ৪২৭.৫১ কোটি টকা আদায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । এইবাৰ ১০ জুলাইত সামৰ্থ পৰ্টেল আৰু আগষ্টত উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চমুকৈ CUETৰ (Common University Entrance Test)ৰ পিচত বিনামূলীয়া নামভৰ্তিৰ ধন মহাবিদ্যালয়সমূহক আদায় দিব অসম চৰকাৰে ।

Fee-waiver funds to colleges
শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা (HBS TWITTER ACCOUNT)

গুৱাহাটী, ২৬ জুন: অসমৰ মহাবিদ্যালয়সমূহত এতিয়া উচ্চতৰ মাধ্যমিক আৰু স্নাতক শাখাত বিনামূলীয়া নামভৰ্তিক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তৎপৰ হৈ বিষয়টোত হস্তক্ষেপ কৰিছে ৷ চৰকাৰী আঁচনি অনুসৰি অসমৰ মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰি সময়মতে চৰকাৰৰ পৰা ধন লাভ নকৰি ৰাজ্যৰ বহু মহাবিদ্যালয় আৰ্থিক দুৰ্যোগত পৰা বিষয়টোৱে ৰাজ্যৰ শিক্ষা বিভাগত জোকাৰণি তুলিছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এই বিনামূলীয়া নামভৰ্তি বিষয়ত শিক্ষাৰ্থীসকলক আস্বস্ত কৰিবলৈ এক বিশেষ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি কয়, “যিসকল শিক্ষাৰ্থীৰ অভিভাৱকৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম তেওঁলোকৰ নামভৰ্তি মাচুল অসম চৰকাৰে বহন কৰি আহিছে । এইক্ষেত্ৰত আমি প্ৰতি বছৰে প্ৰায় ডেৰশ কোটি টকা খৰচ বহন কৰিম, যিটো জুলাই মাহত নিৰ্দিষ্ট মহাবিদ্যালয়সমূহত জমা কৰা হ’ব ।”

লগতে পঢ়ক: সমৰ্থ পৰ্টেল বিতৰ্ক : বিপাঙত শিক্ষাৰ্থী, জাঙুৰ খাই উঠিছে যুৱ ছাত্ৰ পৰিষদ - Samarth Portal

ভিডিঅ’ বাৰ্তাটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে । বহু মহাবিদ্যালয়ত ইতিমধ্যে নামভৰ্তিকৰণ প্ৰক্ৰিয়া সমাপ্ত হৈছে । তেওঁ লগতে কয়, “মোৰ ওচৰলৈ দুই-এটা খবৰ আহিছে যে বিনামূলীয়া নামভৰ্তি কৰিবলৈ যাওতে কিছু ছাত্ৰ-ছাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে । অসম চৰকাৰে 'প্ৰজ্ঞান ভাৰতী' নামৰ আঁচনিখনৰ জৰিয়তে কেইবাটাও বছৰে নামভৰ্তিৰ ব্যৱস্থা কৰি আহিছে । যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে নিঃসংকোচে উপায়ুক্ত বা শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷”

নামভৰ্তিক লৈ হঠাৎ কিয় মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা:

যোৱা তিনিটা শিক্ষাবৰ্ষত অসম চৰকাৰে 'প্ৰজ্ঞান ভাৰতী' আঁচনিৰ অধীনত মহাবিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক আৰু স্নাতকত ২ লাখতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰি আহিছে ৷ চৰকাৰৰ নিৰ্দেশনা অনুযায়ী মহাবিদ্যালয়সমূহেও বিনামূলীয়া নামভৰ্তি কৰি আহিছিল ৷ কিন্তু মহাবিদ্যালয়সমূহে চৰকাৰে দিবলগীয়া ধনসমূহ সময়মতে নিয়মীয়াকৈ আদায় নিদিয়াৰ তথ্যই চৰ্চা লাভ কৰে ৷ যাৰ ফলত মহাবিদ্যালয়সমূহে আৰ্থিক দুৰ্যোগত পৰাৰো অভিযোগ উত্থাপন হয় ৷ সেয়ে নামভৰ্তিক লৈ অনিশ্চয়তাত পৰে বহু দুখীয়া শিক্ষাৰ্থী । সেয়ে শিক্ষাৰ্থীসকলক আস্বস্ত কৰিবলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই বিশেষ বাৰ্তা প্ৰেৰণ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিনামূলীয়া নামভৰ্তিক লৈ দিশপুৰত শিক্ষা বিভাগৰ সৈতে এখন পৰ্যানোচনা সভাও আয়োজন কৰে ।

লগতে পঢ়ক: সমৰ্থ পৰ্টেল চলোৱাৰ ন্যূনতম ধাৰণাও নাই শিক্ষা বিভাগৰ : উৎপল শৰ্মা - SAMARTH Portal

৩ বছৰত ৪২৭. ৫১ কোটি টকা আদায় মহাবিদ্যালয়সমূহলৈ :

যোৱা ৩ বছৰত মাচুল ৰেহাই পৰিশোধ হিচাপে কলেজ আৰু বিশ্ববিদ্যালয়লৈ মুঠ ৪২৭.৫১ কোটি টকা মুকলি কৰা হৈছে ৷ প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ দ্বাৰা ৰাজ্যত ১০ লাখ ৯৫ হাজাৰ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে । এই তথ্য সদৰী কৰিছে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে । অৱশ্যে এই ধনসমূহ কেতিয়া আদায় দিয়া হৈছে সেইটো স্পষ্টভাৱে প্ৰকাশ কৰা নাই শিক্ষামন্ত্ৰীগৰাকীয়ে ।

এই বছৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যৰ চৰকাৰী/প্ৰদেশীকৃত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ত মুঠ ৫৭,৪৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীক FYUGP (Four year Under Graduate Programme) ত নামভৰ্তি কৰা হৈছে । আন ৫০,০০০ ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ।

লগতে পঢ়ক: অসমৰ শিক্ষামন্ত্ৰীক পুতলা শিক্ষামন্ত্ৰী আখ্যা ছাত্র সন্থাৰ - NEET UG 2024 ROW

১০ জুলাইত মহাবিদ্যালয়সমূহক কৰিব ধন পৰিশোধ:

এতিয়াৰে পৰা মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ ধন আদায় দিয়াত পলম নহ’ব ৷ আস্বস্ত কৰিছে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ৷ কিয়নো এতিয়া সামৰ্থ পৰ্টেলে এই ক্ষেত্ৰত সহায় কৰিব বুলি দাবী শিক্ষামন্ত্ৰীগৰাকীৰ । মন্ত্ৰী ৰণোজ পেগুৱে কিয় মহাবিদ্যালয়সমূহক বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত কিছু পলম হৈ আহিছিল তাৰ কাৰণ ব্যাখ্যা কৰিছে সামাজিক মাধ্যম X ত ।

ৰণোজ পেগুৰ মন্তব্য, “সাধাৰণতে প্ৰতিষ্ঠানসমূহৰ পৰা তথ্য সংকলন কৰাৰ পিচত প্ৰতিটো বিত্তীয় বৰ্ষৰ শেষৰফালে প্ৰতিষ্ঠানসমূহক প্ৰাপ্য ধন পৰিশোধ কৰা হয় ৷ যিটো প্ৰক্ৰিয়াই বহু সময় লৈছিল । এইবাৰ তথ্য সামৰ্থ পৰ্টেলত সহজে উপলব্ধ ৷ সেয়ে মুখ্যমন্ত্ৰীয়ে অহা ১০ জুলাইত সকলো অনা-উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা (Non-Common University Entrance Test) নামভৰ্তিৰ বাবে প্ৰতিষ্ঠানসমূহক প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে ।" ঠিক তেনেদৰে CUET ভিত্তিক নামভৰ্তি সম্পূৰ্ণ হোৱাৰ পিচত আগষ্ট মাহত চৰকাৰে মহাবিদ্যালয়সমূহক প্ৰাপ্য ধন পৰিশোধ কৰিব ।

লগতে পঢ়ক: NEET-UGC NET, সমৰ্থ পৰ্টেলৰ বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ - NEET UG 2024 row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.