গুৱাহাটী : চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভাৰ সালসলনিৰ পিচত ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মন্ত্ৰীসভাৰ দপ্তৰসমূহ বিতৰণ কৰাৰ লগতে সালসলনি কৰে পূৰ্বৰ বহুকেইগৰাকী মন্ত্ৰীৰ দপ্তৰ । বহুকেইগৰাকী ৰথী-মহাৰথীৰ দপ্তৰ সালসলনি আৰু কৰ্তনৰ বিপৰীতে চাৰিওগৰাকী নতুন মন্ত্ৰীক দিলে গুৰুত্বপূৰ্ণ বিভাগ । নিজৰ হাতত মুখ্যমন্ত্ৰীয়ে ৰাখিলে পূৰ্বৰ দৰেই বহু গুৰুত্বপূৰ্ণ বিভাগ ।
মুখ্যমন্ত্ৰীৰ হাতত কি কি বিভাগ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ দৰেই নিজৰ অধীনত ৰাখিলে গুৰুত্বপূৰ্ণ গৃহ বিভাগ । কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক সুৰক্ষা আদি গৃহ বিভাগৰ বিষয়সমূহ সময়ে সময়ে মন্ত্ৰী ৰূপেশ গোৱালাক তদাৰকৰ দায়িত্ব প্ৰদান । লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখিলে পাৰ্চনেল বিভাগ, লোক নিৰ্মাণ বিভাগ (গৃহ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, পথ), স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ লগতে বিতৰণ নকৰা অন্যান্য বিভাগসমূহ ।
কোন মন্ত্ৰীৰ হাতত কি কি বিভাগ
১৮ জনীয়া মন্ত্ৰীসভাত পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, ৰণজিৎ দাস, যোগেন মহন, অশোক সিংহল আদিৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তনৰ বিপৰীতে অগপৰ দুই মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাৰ মন্ত্ৰীসভাত বিভাগীয় শক্তি বৃদ্ধি পালে ।
ৰণজিৎ কুমাৰ দাস : মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ হাতৰ পৰা কৰ্তন কৰিলে খাদ্য আৰু অসামৰিক যোগান বিভাগ । নতুনকৈ ৰণজিৎ কুমাৰ দাসৰ হাতত অৰ্পণ কৰা হ'ল মুখ্যমন্ত্ৰী ঘনিষ্ঠ জয়ন্ত মল্লবৰুৱাৰ হাতত থকা পৰ্যটন বিভাগ । পূৰ্বৰ দৰেই ৰণজিৎ কুমাৰ দাসৰ হাতত থাকিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগ আৰু নতুনকৈ পৰ্যটন বিভাগ ।
অতুল বৰা : মন্ত্ৰী অতুল বৰাৰ হাতত এইবাৰ দিয়া হ'ল পাঁচটাকৈ বিভাগ । নতুনকৈ অগপৰ মন্ত্ৰীগৰাকীক দিয়া হ'ল আবকাৰী বিভাগ । পূৰ্বৰ দৰেই বাহাল থাকিল কৃষি বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, উদ্যানশস্য বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব ।
কেশৱ মহন্ত : মন্ত্ৰী কেশৱ মহন্তৰ হাতৰ পৰা মুখ্যমন্ত্ৰীয়ে আবকাৰী আৰু মীন বিভাগ কৰ্তন কৰিলেও প্ৰদান কৰিলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ । আনহাতে, পূৰ্বৰ তথ্য-প্ৰযুক্তি বিভাগ, বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ মন্ত্ৰী কেশৱ মহন্তৰ হাততে থাকিল । নতুন মন্ত্ৰীসভাত দপ্তৰ বিতৰণত দেখা গ'ল অগপৰ দুই মন্ত্ৰীৰ বিভাগ সালসলনি হ'লেও অব্যাহত থাকিল গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব ।
উৰ্খাও গৌড়া ব্ৰহ্ম : মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ অধীনত পূৰ্বৰ দৰেই আছে বড়োলেণ্ড কল্যাণ বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ বিভাগ ।
চন্দ্ৰমোহন পাটোৱাৰী : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মুখ্যমন্ত্ৰীৰ নতুন দায়িত্ব অৰ্পণ । পীযুষ হাজৰীকাৰ হাতৰ পৰা আনি মুখ্যমন্ত্ৰীয়ে পাটোৱাৰীক দিলে সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব । আনহাতে, পূৰ্বৰ দৰেই পাটোৱাৰীৰ হাতত থাকিল এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগ, বন আৰু পৰিৱেশ বিভাগ ।
ডাঃ ৰণোজ পেগু : বিশেষ সালসলনি নাই ডাঃ ৰণোজ পেগুৰ বিভাগৰ । শিক্ষা, ভৈয়াম-জনজাতি উন্নয়ন বিভাগেই আৱণ্টন কৰা হৈছে মন্ত্ৰী ডাঃ ৰণোজ পেগুক ।
অশোক সিংহল : ২০২১ চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গুৰু দায়িত্ব বহন কৰি অহা অশোক সিংহলৰ হাতৰ পৰা মুখ্যমন্ত্ৰীয়ে কৰ্তন কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ । মন্ত্ৰী অশোক সিংহলৰ পৰা কৰ্তন কৰা হ'ল নগৰ উন্নয়ন আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকাৰী বিভাগ । তেওঁৰ হাতত এতিয়া নতুনকৈ থাকিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু পূৰ্বৰ জলসিঞ্চন বিভাগ ।
যোগেন মহন : মন্ত্ৰী যোগেন মহনৰ পৰা মুখ্যমন্ত্ৰীয়ে কৰ্তন কৰিলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ । তাৰ পৰিৱৰ্তে মহনক নতুনকৈ দায়িত্ব দিয়া হ'ল পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ আৰু পৰিবহণ বিভাগ । লগতে মন্ত্ৰী মহনৰ হাতত থাকিল সমবায় বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগ ।
অজন্তা নেওগ : বিভাগীয় দায়িত্বৰ সালসলনি নঘটিল মন্ত্ৰী অজন্তা নেওগৰ । পূৰ্বৰ দৰেই অজন্তা নেওগৰ ওপৰত আস্থা ৰাখি বাহাল ৰাখিলে বিত্ত বিভাগ । লগতে থাকিল মহিলা আৰু শিশু উন্নয়ন বিভাগ ।
পীযুষ হাজৰীকা : মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰা মুখ্যমন্ত্ৰীয়ে কৰ্তন কৰিলে সংসদীয় পৰিক্ৰমাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ । পীযুষ হাজৰীকাত মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰিলে তিনিটা বিভাগ । পীযুষ হাজৰীকাৰ অধীনত থাকিব জলসম্পদ, তথ্য-জন সংযোগ আৰু মুদ্ৰণ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ ।
বিমল বড়া : মন্ত্ৰী বিমল বড়াৰ ওপৰত পূৰ্বৰ দৰেই আস্থা ৰাখিলে মুখ্যমন্ত্ৰীয়ে । সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু উদ্যোগ, বাণিজ্য বিভাগ বাহাল ৰাখিলে মুখ্যমন্ত্ৰীয়ে ।
জয়ন্ত মল্লবৰুৱা : মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰা কৰ্তন কৰিলে পূৰ্বৰ পৰ্যটন বিভাগ । তাৰ পৰিৱৰ্তে নতুনকৈ জয়ন্ত মল্লবৰুৱাক অৰ্পণ কৰিলে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ । বাহাল থাকিল পূৰ্বৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ ।
নন্দিতা গাৰ্লোচা : শক্তি কমিল নন্দিতা গাৰ্লোচাৰ । কৰ্তন হ'ল শক্তি বিভাগ । পূৰ্বৰ দৰেই দায়িত্বত থাকিল ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ । ইয়াৰ উপৰি নতুন দায়িত্ব দিয়া হ'ল সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ । লগতে সময় সাপেক্ষ লোক নিৰ্মাণ বিভাগৰো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তদাৰক কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।
কোন নতুন মন্ত্ৰীয়ে পালে কি দপ্তৰ ?
প্ৰশান্ত ফুকন : মন্ত্ৰীসভাত স্থান লাভ কৰিয়েই প্ৰশান্ত ফুকনে লাভ কৰিলে শক্তিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ । লগতে মুখ্যমন্ত্ৰীয়ে প্ৰশান্ত ফুকনক দিলে দক্ষতা, নিযুক্তি আৰু উদ্যমিতা বিভাগৰ দায়িত্ব । আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে সময়ে সময়ে স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব বহন কৰিব ।
কৌশিক ৰায় : আনগৰাকী নতুন মন্ত্ৰী কৌশিক ৰায়ক দিয়া হ'ল পূৰ্বে যোগেন মহনৰ দায়িত্বত থকা খনি আৰু খনিজ সম্পদ বিভাগ, ৰণজিৎ কুমাৰ দাসৰ দায়িত্বত থকা খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ লগতে বৰাক উপত্যকা উন্নয়ন বিভাগ ।
কৃষ্ণেন্দু পাল : নতুনকৈ মন্ত্ৰীসভাত স্থান পোৱা মন্ত্ৰী কৃষ্ণেন্দু পালক পশুপালন বিভাগ, মীন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সহায়কাৰী হিচাপে লোক নিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
ৰূপেশ গোৱালা : নতুন মন্ত্ৰী ৰূপেশ গোৱালাৰ হাতত থাকিব শ্ৰম বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে পালন কৰিব গৃহ বিভাগৰ দায়িত্ব ।
মন কৰিবলগীয়া যে ২০২১ চনত গঠিত ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ ২০২২ চনৰ ৯ জুনত প্ৰথমবাৰ সম্প্ৰসাৰণ কৰা হৈছিল । সেইবাৰ নন্দিতা গাৰ্লোচা আৰু জয়ন্ত মল্লবৰুৱাক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হৈছিল । আনহাতে, এইবাৰ চাৰিগৰাকী নৱনিযুক্ত মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীকে ধৰি মুঠ মন্ত্ৰীৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পায় ।