ETV Bharat / state

ৰাজনৈতিক আৰু ধৰ্মীয়ভাৱে কাকো পৃথক নকৰাকৈ প্ৰদান কৰা হৈছে আঁচনি: কেশৱ মহন্ত

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 4:01 PM IST

Ration card distribution : নগাঁৱত পাঁচ সহস্ৰাধিক পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ । নগাঁও বটদ্ৰৱা সমষ্টিৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

Ration card distribution program
ৰেচন কাৰ্ড বিতৰণ
ৰেচন কাৰ্ড বিতৰণ

নগাঁও, ২৩ জানুৱাৰী : “মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজনৈতিক আৰু ধৰ্মীয়ভাৱে কাকো পৃথক কৰা নাই । সেয়ে সকলোৱে চৰকাৰী আচঁনিক সঁহাৰি জনাব লাগে ।” মঙলবাৰে এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

মঙলবাৰে নগাঁৱৰ নেহৰুবালিত আয়োজন কৰা হয় ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কেতবোৰ মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । উল্লেখ্য যে, নগাঁৱৰ নেহৰুবালিত আয়োজিত অনুষ্ঠানত নতুনকৈ গঠিত নগাঁও বটদ্ৰৱা সমষ্টিৰ পাঁচ সহস্ৰাধিক পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

পাঁচ সহস্ৰাধিক পৰিয়ালৰ ২৮ হাজাৰৰো অধিক সদস্য নতুনকৈ ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পাঁচ সহস্ৰাধিক পৰিয়ালক উজ্বলা আঁচনিৰ অধীনৰ গেছ প্ৰদানৰ লগতে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত স্বাস্থ্য সেৱাৰ কাৰ্ড প্ৰদানৰো ব্যৱস্থা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

এই স্বাস্থ্য সেৱা কাৰ্ডৰ জৰিয়তে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা নগাঁও বটদ্ৰৱা সমষ্টিৰ পাঁচ সহস্ৰাধিক পৰিলয়ালে বছৰি পাঁচ লাখ টকাৰ স্বাস্থ্য সেৱা বিনামূলীয়াকৈ লাভ কৰাৰ কথাও উল্লেখ কৰে স্বাস্থ্য বিভাগৰ মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, মঙলবাৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ হিতাধিকাকাৰীসকলৰ মাজত ৰেচন বিতৰণৰ উদ্দেশ্যে আয়োজিত উক্ত অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা প্ৰশাসনৰ কেবাগৰাকীও বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : চিৰাঙৰ ১৯ নং চিদলী সমষ্টিৰ ৯৫৭৪ টা পৰিয়ালৰ লোকক ৰেচন কাৰ্ড বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.