নলবাৰী, ২১ জানুৱাৰী: চৰকাৰে দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ৰাজ্যত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত নতুনকৈ সংযোজন কৰিছে ১০ লাখ ৭৩ হাজাৰ ৪৮৯খন ৰেচন কাৰ্ড । মুকালমুৱাত নলবাৰী জিলা প্ৰশসানৰ উদ্যোগতো ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত হয় । এই অনুষ্ঠানটোত উপস্থিত থাকে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
মুকালমুৱাস্থিত দেশভক্ত ময়দানত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়ায় নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই । বৰক্ষেত্ৰী বিধানসভা সমষ্টিত নতুনকৈ ৯,৬৫৭ খন ৰেচন কাৰ্ড বিতৰণ কৰা হয় ।
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সন্দৰ্ভত কয় যে বিতৰণ কৰা ৰেচন কাৰ্ড সমূহৰ জৰিয়তে ৩৭,১৯৯ গৰাকী হিতাধিকাৰী উপকৃত হ'ব । সমবায় এজেন্ট বা অন্য কোনো লোকে যাতে হিতাধিকাৰীৰ পৰা ১০০/২০০/৫০০ ল'ব নোৱাৰে তাৰ বাবে এনেকৈ ৰাজহুৱা সভা পাতি ৰেচন কাৰ্ড সমূহ বিতৰণ কৰা হৈছে বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধীকাৰী সকলে বিনামূলীয়া চাউলৰ উপৰি আয়ুষ্মান কাৰ্ড আৰু উজলা আঁচনিৰ ৰন্ধন গেছো লাভ কৰিব বুলি তেওঁ কয় ।
আজিৰ এই কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, জি এম ডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে নলবাৰী জিলাৰ যোগান বিভাগৰ বিষয়া কৰ্মচাৰী আৰু হিতাধিকাৰীসকল ।
উল্লেখ্য যে ৰাজ্য চৰকাৰে নতুনকৈ প্ৰদান কৰা এই ৰেচন কাৰ্ডৰ লগতে হিতাধিকাৰীয়ে লাভ কৰিব হেল্থ কাৰ্ডো ৷ যাৰ দ্বাৰা হিতাধিকাৰীসকলে পাঁচ লাখ টকালৈকে চিকিৎসা ব্যয় ৰেহাই পাব ৷ তদুপৰি ৰাজ্যৰ মহিলাৰ বাবে বছৰৰ আৰম্ভণিতে চৰকাৰে লৈ আহিছে আন এক আঁচনি ৷ 'লাখপতি বাউদেউ' নামৰ এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাই চৰকাৰৰ পৰা ১০ হাজাৰকৈ টকা লাভ কৰিব ৷