নলবাৰী,২৪ জুলাই: নলবাৰী বিধানসভা সমষ্টিৰ বাঁহজানীত উপস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । পঞ্চায়তসমূহত সংঘটিত হৈ অহা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত নলবাৰী সমষ্টিৰ ৮ নং আৰু ১০ নং বাঁহজানী গাঁও পঞ্চায়তত উপস্থিত হৈ চৰজমিন তদন্ত কৰে মন্ত্ৰীগৰাকীয়ে । পঞ্চায়তৰ কাম-কাজত ক্ষুন্ন হৈ বহু সময়ত ৰাইজে পত্ৰযোগে কৰি আহিছিল অভিযোগ ।
উক্ত অভিযোগমৰ্মে বুধবাৰে চৰজমিন তদন্ত চলাবলৈ নলবাৰীত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ প্ৰথমে ৮ নং বাঁহজানী পঞ্চায়তৰ অগ্নিশালাত উপস্থিত হৈ এটি পথ আৰু এটি চুবুৰীত কৃত্ৰিম বানৰ সমস্যাৰ বুজ লয় । তাত সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰি পোনে পোনে ১০ নং দক্ষিণ বাঁহজানী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ তন্নতন্নকৈ পঞ্চায়তৰ অন্তৰ্গত কাম-কাজসমূহৰ খতিয়ান লয় মন্ত্ৰী দাসে । মন্ত্ৰীগৰাকীয়ে সকলো কাম-কাজৰ খতিয়ান লৈ অহা ১৫ আগষ্টৰ পূৰ্বে কামসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে পঞ্চায়ত কৰ্মীসকলক । অন্যথা বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে ৰণজিৎ কুমাৰ দাসে ।
ইফালে মন্ত্ৰীৰ পৰিদৰ্শন কালতে পঞ্চায়তৰ কামসমূহ সঠিকভাৱে ৰূপায়ন নোহোৱাৰ অভিযোগ তোলে একাংশই । মন্ত্ৰীৰ সমুখতে পঞ্চায়তৰ কামত একাংশই ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ । এই অভিযোগকো মন্ত্ৰী দাসে চোকা দৃষ্টি ৰাখিব বুলি আশ্বাস দি নলবাৰীত MGNREGA ৰ কাম শোচনীয় হৈ থকা বুলি স্বীকাৰ কৰে । আনহাতে পঞ্চায়তৰ কাম সঠিককৈ নকৰাসকলক বিভাগীয়ভাৱে বদলি কৰা হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।
ইপিনে ১০ নং দক্ষিণ বাঁহজানীৰ মাজেৰে যোৱা জাহা জানটো একাংশ লোকে বেদখল কৰি উক্ত অঞ্চলৰ লগতে নলবাৰী চহৰৰ পানী নিষ্কাষন নোহোৱাৰ ৰাইজে পোনপটীয়াকৈ অভিযোগ কৰে মন্ত্ৰীগৰাকীক । সেইসমূহ সমস্যাও অতি শীঘ্ৰে জিলা প্ৰশাসনৰ দ্বাৰা সমাধান কৰাৰ আশ্বাস মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।
লগতে পঢ়ক:অসমলৈ আলু কঢ়িওৱা ট্ৰাক পূৰ্বৰ দৰেই প্ৰৱেশ কৰিছে : ৰণজিৎ কুমাৰ দাস - Price Hike In Assam