কলিয়াবৰ, ৫ আগষ্ট: কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ । কলিয়াবৰ মহকুমা ন্যায়িক আদালতে সোমবাৰে এক আদেশ যোগে তেলচোৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত অভিযুক্ত বিধায়কপুত্ৰক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । কলিয়াবৰ আৰক্ষীয়ে ৰকিবুলক দুদিনৰ আৰক্ষী জিম্মাত বিচাৰিছিল যদিও আদালতে এদিনৰ বাবেহে আৰক্ষীৰ আবেদন গ্ৰাহ্য কৰে ।
আনহাতে, হুদাৰ জামিনৰ আবেদনো নাকচ কৰিছে কলিয়াবৰ মহকুমা ন্যায়িক আদালতে । গোচৰটোৰ তদন্ত এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে থকাত মহকুমা ন্যায়িক আদালতে তদন্তৰ খাতিৰত ৰকিবুলৰ জামিন অগ্ৰাহ্য কৰে । কাইলৈ অৰ্থাৎ মঙলবাৰে পুনৰ ৰকিবুল হুদাক আদালতত হাজিৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মহকুমা ন্যায়িক আদালতে ।
লগতে পঢ়ক: বিধায়ক নুৰুল হুদাৰ পুত্ৰ জড়িত তেলচুৰিত ! বিধায়ক পুত্ৰৰ সন্ধানত আৰক্ষীৰ অভিযান - Oil Theft Racket
উল্লেখ্য যে, তেলচোৰ চক্ৰৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীয়ে অভিযান চলাই শনিবাৰে এই চক্ৰৰ সৈতে জড়িত পাঁচজনক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিধায়ক নৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ নাম এই তেল চুৰি চক্ৰৰ সৈতে সাঙোৰ খাই পৰে ৷ নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা অনুসৰি শনিবাৰে গ্ৰেপ্তাৰ হোৱা চামগুৰিৰ ইব্ৰাহিম আলীয়ে অনলাইনযোগে ৰকিবুলক টকা দিছিল ৷ সেই তথ্য লাভৰ পিচতে দেওবাৰে পুৱাৰে পৰা বিধায়কপুত্ৰগৰাকীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰক্ষীয়ে ৷
আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে দেওবাৰে নিশা বিধায়কপুত্ৰই উলুৱনী আৰক্ষী নিৱেশত আত্মসমৰ্পণ কৰে ৷ ৰকিবুলে আত্মসমৰ্পণ কৰাৰ পাচত আৰক্ষীয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিশাই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ ইয়াৰ পাচত আজি আৰক্ষীয়ে তেওঁ কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰে ৷
লগতে পঢ়ক: বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ আত্মসমৰ্পণ: তেলচুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ - Oil Theft Racket