ETV Bharat / state

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰিলে হিন্দী বিষয় - Rain Forest Research Institute - RAIN FOREST RESEARCH INSTITUTE

Recruitment process at Rainforest Institute : বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত চলি থকা নিযুক্তি প্ৰক্ৰিয়াত হিন্দী বিষয়ৰ প্ৰশ্ন বাধ্যতামূলক কৰা হৈছিল । অৱশেষত অসম সেনা আৰু আছুৰ হেঁচাত এই সিদ্ধান্ত কৰিলে প্ৰত্য়াহাৰ ।

Recruitment process at Rainforest Institute
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:12 PM IST

যোৰহাট, ৬ আগষ্ট : অসম সেনা আৰু আছুৰ হেঁচাত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে নিম্ন বৰ্গৰ সহায়ক পদৰ বাবে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা হিন্দী বিষয় অৱশেষত প্ৰত্যাহাৰ কৰা হ'ল । যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত চলি থকা নিযুক্তি প্ৰক্ৰিয়াত হিন্দী বিষয়ৰ প্ৰশ্ন বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহবায়ক বিজয় শংকৰ বৰদলৈৰ নেতৃত্বত এটি প্ৰতিনিধি দলে যোৱা ১ আগষ্টত সঞ্চালকক এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ।

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান (ETV Bharat Assam)

চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ নীতিন কুলকাৰ্ণীক সাক্ষাৎ কৰি হিন্দী বিষয়ৰ প্ৰশ্ন বাধ্যতামূলক কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰি আলোচনাত মিলিত হয় অসম সেনা আৰু আছু । সঞ্চালকগৰাকীয়ে অসম সেনা আৰু আছুৰ প্ৰতিনিধি দলটোক দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰিছিল । সেই অনুসৰি, মঙলবাৰে প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জাননী নং 3/213/2015-Estt/Vol.XIII/ ৰ জড়িয়তে পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা বাধ্যতামূলক হিন্দী বিষয়ৰ প্ৰশ্ন সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে বুলি সদৰী কৰে ।

প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা উক্ত সিদ্ধান্তক আদৰণি জনাই অসম সেনাৰ মুখ্য আহবায়ক বিজয় শংকৰ বৰদলৈয়ে কয়, "এয়া থলুৱা নিবনুৱা যুৱক-যুৱতীসকলৰ জয় । অসম সেনাৰ হেঁচাত প্ৰতিষ্ঠানটোৱ অসমীয়া বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল । " তেওঁ পুনৰ কয়," অসমত থকা সমূহ কেন্দ্ৰীয়, অৰ্ধকেন্দ্ৰীয় সমূহ প্ৰতিষ্ঠানৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত এশ শতাংশ থলুৱা নিযুক্তি হ’বই লাগিব ।"

তেওঁ ক্ষোভেৰে কয়," অসমৰ বিভিন্ন কেন্দ্ৰীয়,অৰ্ধকেন্দ্ৰীয় বিভাগসমূহত থকা একাংশ অসমীয়া বিদ্বেষী মনোভাৱৰ বহিৰাগত বিষয়াই সময়ে সময়ে থলুৱা নিবনুৱাসকলক বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীসকলক অসমত নিযুক্তি প্ৰদান কৰাৰ অভিপ্ৰায়েৰে এনেধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰ ৰচি আহিছে । অসম সেনাই এনেকুৱা ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ’বলৈ নিদিয়ে ।" ভৱিষ্যতৰ দিনত এনেধৰণৰ থলুৱা স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ বৰদলৈয়ে সকলো পক্ষকে সকীয়াই দিয়ে ।

উল্লেখযোগ্য যে ২০২৩ চনৰ ২৯ আগষ্টত প্ৰতিষ্ঠানটোৱে ৭ টাকৈ নিম্নবৰ্গৰ সহায়ক পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে জাননী কৰিছিল । কিন্তু অতি আশ্চৰ্য্যজনকভাৱে যোৱা ২৩ জুলাইত প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা পূৰ্বৰ নিৰ্দেশনাটোৰ সালসলনি কৰি নতুনকৈ পাঠ্যক্ৰমত হিন্দী বিষয়ক প্ৰশ্ন বাধ্যতামূলকৰূপে সন্নিৱিষ্ট কৰিছিল য’ত আই বি পি এছ, এছ এছ চি, ইউ পি এছ চিকে ধৰি সৰ্বভাৰতীয়মূলক পৰীক্ষাতো হিন্দী বিষয়ৰ প্ৰশ্ন বাধ্যতামূলক কৰাৰ নজিৰ নাই ।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ আৰু অসম সেনাৰ যোৰহাট জিলা সমিতিৰ মুখ্য আহবায়ক অৰূপ পূজাৰীয়ে সাংবাদিকসকলৰ সামাজিক দায়বদ্ধতাক শলাগ জ্ঞাপন কৰি কয়,"সংবাদকৰ্মীসকলে থলুৱা নিবনুৱাৰ প্ৰশ্ন জড়িত হৈ থকা এই স্পৰ্শকাতৰ বিষয়টোত যি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে সেয়া অত্যন্ত প্ৰশংসনীয় ।"

লগতে পঢ়ক:NEET-UG পৰীক্ষাত অনিয়মৰ অভিযোগ: গোচৰ ৰুজু চি বি আইৰ - NEET UG exam

আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া গ্ৰন্থ বিতৰণ সৰুপথাৰ আছুৰ - AASU free book distribution

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.