ETV Bharat / state

বনৰীয়া ম'হৰ উপদ্ৰৱ : খোৱাঙত ৰাইজে নিৰ্মাণ কৰি উলিওৱা দলং ভাঙি পেলালে বনৰীয়া ম'হে - Wild Buffalo Terror In Khowang

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 12:58 PM IST

Poor communication in Khowang : খোৱাঙত দলং ভাঙি তচনচ কৰিলে বনৰীয়া ম'হে ৷ পথ যোগাযোগ ব্যাহত ৷ নিৰ্বিকাৰ বন বিভাগ ৷ দলং নিৰ্মাণৰ দাবী ৰাইজৰ ৷

public demand for construction of bridge in Dibrugarh Khowang
বনৰীয়া ম'হৰ উপদ্ৰৱ: খোৱাঙত ৰাইজে নিৰ্মাণ কৰি উলিওৱা দলং ভাঙি পেলালে বনৰীয়া ম'হে (ETV Bharat Assam)

মৰাণ, 3 আগষ্ট : ডিব্ৰুগড়ৰ খোৱাঙত বনৰীয়া ম'হৰ উপদ্ৰৱত ত্ৰস্তমান ৰাইজ । দুদিন পূৰ্বে বুঢ়ীখোৱাঙত বনৰীয়া ম'হৰ আক্ৰমণত এজন লোক মৃত্যু হোৱাৰ পিছত এইবাৰ খোৱাং-বৰদলনিৰ কঁঠালবাৰী আৰু শেনচোৱা-নাহৰণিৰ সংযোগস্থলীৰ দিখাৰী নদীৰ ওপৰত ৰাইজে নিজাববীয়াকৈ অৰ্থ-শ্ৰমদানেৰে নিৰ্মাণ কৰি লোৱা এখন বাঁ‌হৰ দলং বনৰীয়া ম'হে ভাঙি তচনচ কৰাত সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, নিশা প্ৰায় ডেৰমান বজাত চাৰিটাকৈ বনৰীয়া ম'হে বাঁ‌হৰ দলংখনত উঠাৰ পিছতে দলংখনৰ ঠায়ে ঠায়ে ভাগি যায় । এই দৃশ্য নিশা নদীত মাছৰ সন্ধানত অহা দুজনমান লোকে প্ৰত্যক্ষ কৰে । ৰাইজে নিজা কষ্টৰে নিৰ্মাণ কৰি উলিওৱা দলংখন ভাগি যোৱাৰ ফলত ৰাইজৰ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে ।

কেৱল ইমানেই নহয়, বনৰীয়া ম'হ কেইটাই বৰদলনি, সৰু আলি, চিলচিলিকে ধৰি বহু কেইখন গাঁৱৰ কৃষকৰ খেতিপথাৰৰো অনিষ্ট সাধন কৰিছে বুলি জানিবলৈ দিয়ে । দুৰ্ভাগ্যজনক বিষয় যে, বন বিভাগে কিন্তু এই পৰ্যন্ত এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । স্থানীয় ৰাইজে নিজা প্ৰচেষ্টাৰে দলংখন নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰি লৈছিল যদিও বনৰীয়া ম'হকেইটাই ভাঙি তচনচ কৰি পেলোৱাত চিন্তিত হৈ পৰিছে ৰাইজ ।

উল্লেখ্য যে, খোৱাং সমষ্টিৰ অন্তৰ্গত দিখাৰী নদীৰ ওপৰত এই দলংখন নিৰ্মাণ কৰিবলৈ চৰকাৰ আৰু স্থানীয় বিধায়কক ৰাইজে দাবী জনাই আহিছে যদিও আজিও দলংখন নিৰ্মাণ নোহোৱাত নিজেই কোনোৰকম সাজি উলিৱালে যদিও ম’লে ভাঙি থৈ যোৱাত সমস্যাত পৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজ । শীঘ্ৰে দলংখন নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক: গেলিছে ৰাজপথ, খবৰ নাই বিধায়কৰ : মৰিয়নীত কৃষক মুক্তিৰ প্ৰতিবাদ - Poor Road Condition in Jorhat

নিকৰি-ধনশিৰি সংযোগী পথে জলা-কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক - Poor Road Condition in Golaghat

জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে চৰবাসীক; মেৰামতিৰ আহ্বান - Poor communication in dhubri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.