ETV Bharat / state

লেখাপানী উদয়পুৰ টায়াৰ জ্বলাই প্ৰতিবাদ ৰাইজৰ - Tinsukia Student death

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 1:57 PM IST

Tinsukia Student death : লেখাপানী উদয়পুৰত দ্বিতীয় দিনাও অব্যাহত উত্তাল প্ৰতিবাদ । ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অসন্তুষ্ট হৈ ৰাজপথলৈ ওলাই আহিল শতাধিক ৰাইজ । ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ।

Tinsukia Student death
লেখাপানী উদয়পুৰ টায়াৰ জ্বলাই প্ৰতিবাদ ৰাইজৰ (ETV Bharat Assam)

তিনিচুকীয়া, ৩ আগষ্ট : তিনিচুকীয়া জিলাৰ লেখাপানী উদয়পুৰত দ্বিতীয় দিনাও অব্যাহত উত্তাল প্ৰতিবাদ । প্ৰতিবাদকাৰীয়ে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । বৃহস্পতিবাৰে পুৱা উদয়পুৰস্থিত চেইণ্ট প'ল বিদ্যালয়ৰ ছাত্ৰাবাসত এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ পাচত শুকুৰবাৰেও উত্তাল হৈ পৰে সমগ্ৰ লেখাপানী অঞ্চলটো ।

মৃত ছাত্ৰজন পৰিয়ালে অতি শীঘ্ৰে ন্যায় পোৱাৰ দাবীত প্ৰতিবাদকাৰীয়ে ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বৃহস্পতিবাৰৰ পৰা অব্যাহত আছে প্ৰতিবাদ :

উল্লেখ্য যে বৃহস্পতিবাৰেও এইসকল প্ৰতিবাদকাৰীয়ে লেখাপানী আৰক্ষী চকীৰ সন্মুখত বেৰীকেটৰ ড্ৰাম জ্বলাই ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত মহকুমাধিপতিৰ হস্তক্ষেপত প্ৰতিবাদকাৰীসকলে নিজৰ প্ৰতিবাদী কাৰ্যসূচী উঠাই লৈছিল যদিও পুনৰ শুকুৰবাৰে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ অসন্তুষ্ট:

প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া অনুসৰি মৃত ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অসন্তুষ্ট হৈ পুনৰ এনেদৰে প্ৰতিবাদমুখী হৈছে প্ৰতিবাদকাৰীসকল । এই সন্দৰ্ভত এজন প্ৰতিবাদকাৰীয়ে কয়, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ আমি দল-সংগঠন বা পৰিয়ালৰ লোক কোনো সন্তুষ্ট নহয় । প্ৰশাসনে কৰ'বাত নহয় কৰ'বাত গাফিলতি কৰিছে যেন আমাৰ অনুভৱ হৈছে । যেতিয়ালৈকে আমি ন্যায় নাপাও তেতিয়ালৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাম ।"

উল্লেখ্য যে বৃহস্পতিবাৰে ছেইণ্ট পল নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ হোষ্টেলত দশম শ্ৰেণী ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল । ছাত্ৰজনৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশ বিৰাজ কৰিছিল সমগ্ৰ অঞ্চলটোত । একাংশ লোকে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও বিদ্যালয়ৰ চৌহদ, হোষ্টেল আৰু দুখনকৈ বিলাসী বাহন আৰু স্কুটিৰ ক্ষতিসাধন কৰে ।

লগতে পঢ়ক: উদয়পুৰস্থিত ছেইণ্ট পলৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা : ৭ জনক আটক - Tinsukia Student death

আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - Tinsukia suicide news

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.