ETV Bharat / state

এফালে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; আনফালে ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি দি ৰাইজৰ প্ৰতিবাদ - PROTEST AGAINST ABOLITION

মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তিৰ প্ৰতিবাদত মাণিকপুৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । চৰকাৰৰ সুমতি কামনাৰে ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি ৰাইজৰ ।

Protest against abolition of Manikpur revenue circle office
ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি দি প্ৰতিবাদ ৰাইজৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 9:00 PM IST

বঙাইগাঁও: এফালে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, আনফালে মাণিকপুৰৰ ৰাইজৰ বিশাল গণ সমাবেশেৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ । মাণিকপুৰস্থিত মহকুমা পৰ্যায়ৰ কাৰ্যালয়সমূহ আৰু ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তিৰ প্ৰতিবাদত মাণিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় বিশাল গণ সমাবেশ ।

অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ আন আন ৩৬ টা ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সমান্তৰালকৈ মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ো বিলুপ্তৰ সিদ্ধান্ত গ্ৰহণ কৰে । অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৃহত্তৰ মাণিকপুৰবাসী ৰাইজ । যোৱা কেইবাদিন ধৰি মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্ত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত সাব্যস্ত কৰি আহিছে তীব্ৰ প্ৰতিবাদ ।

ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি দি প্ৰতিবাদ ৰাইজৰ (ETV Bharat Assam)

বুধবাৰেও মাণিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত সহস্ৰাধিক স্থানীয় লোকৰ উপস্থিতিত ৰূপায়ণ কৰা হয় গণ সমাবেশ । এই গণ সমাবেশ কৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰী ৰাইজে । হাজাৰ হাজাৰ ৰাইজে সমদল কৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে আকাশ বতাহ । ৰাইজৰ প্ৰতিবাদত অসহায় হৈ পৰে আৰক্ষী প্ৰশাসন ।

ইফালে ঘাইপথটো অৱৰোধ কৰি হৰিধ্বনি দি চৰকাৰৰ সুমতি কামনা কৰে প্ৰতিবাদকাৰী ৰাইজে । আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত বহু সময় ধৰি শ শ বাহন আৱদ্ধ হৈ পৰে । মাণিকপুৰৰ পৰা এটাও চৰকাৰী কাৰ্যালয় বিলুপ্ত হ'বলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক: ৰাজহ চক্ৰ কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.