ETV Bharat / state

মহানগৰীৰ বজাৰত আলু-পিঁয়াজৰ দামে স্পৰ্শ কৰিলে অৰ্ধশতকৰ ঘৰ - PRICE HIKE IN GUWAHATI

Price hike in Guwahati : মহানগৰীৰ বজাৰত আলু-পিঁয়াজেও কোবাইছে হাফ চেঞ্চুৰী ৷ তাৰ পিচতো কিন্তু নিমাত ৰাজ্য চৰকাৰৰ যোগান বিভাগ ৷ পঢ়ক সবিশেষ খবৰ ...

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:13 PM IST

PRICE HIKE IN GUWAHATI
মহানগৰীৰ বজাৰত জুই (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুন: বৰষুণ-বানৰ দুৰ্দশাৰ মাজতে সৰ্বসাধাৰণক জলা-কলা খুৱাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ৷ আনকি এতিয়া পাকঘৰত অতি প্ৰয়োজনীয় পিঁয়াজৰ মূল্যইও স্পৰ্শ কৰিছে অৰ্ধশতকৰ ঘৰ ৷ কিন্তু কিহৰ বাবে এই অভাৱনীয় মূল্যবৃদ্ধি হৈছে, সেই সন্দৰ্ভত এতিয়াও নিমাত ৰাজ্য চৰকাৰৰ যোগান বিভাগ ৷

মহানগৰীত আলু-পিঁয়াজৰ মূল্যবৃদ্ধি (ETV Bharat Assam)

মহানগৰীৰ বজাৰত ৮০ টকাৰ তলত এতিয়া পাবলৈও নাই কোনো ধৰণৰ শাক-পাচলি ৷ পাকঘৰত অতি প্ৰয়োজনীয় আলুৰ দাম প্ৰতিকিলোত হৈছে ৪০ টকা, সেইদৰে প্ৰতিকিলো পিঁয়াজৰ দাম ৫০ টকালৈ বৃদ্ধি হৈছে ৷ ঈদৰ পূৰ্বৰে পৰা পিঁয়াজৰ দাম কিছু বৃদ্ধি হৈ আছিল যদিও ঈদৰ পিচতে হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ মূল্য ৷ পূৰ্বতে থকা ৩০ টকা মূল্যৰ পিঁয়াজ হৈছেগৈ ৪০ টকা ৷ একেদৰে ৩৫ টকা মূল্যৰ পিঁয়াজৰ দাম হৈছেগৈ ৫০ টকা ৷ অৰ্থাৎ প্ৰতি কিলোগ্ৰাম আলুত ১০ টকা আৰু পিঁয়াজত ১০-১৫ টকাকৈ বৃদ্ধি পাইছে মূল্য ৷

লগতে পঢ়ক: পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম - price hike in assam

মহানগৰীৰ বজাৰত বেংগল আলুৰ মূল্য ৩০ টকা, শ্বিলং আলুৰ মূল্য ৪০ টকা আৰু আগ্ৰা আলুৰ মূল্য প্ৰতিকিলোত ৪০ টকাকৈ বিক্ৰী হৈ আছে ৷ আনহাতে, নাচিকৰ পিঁয়াজ প্ৰতিকিলোত ৫০ টকাকৈ বিক্ৰী হৈছে মহানগৰীৰ বজাৰত ৷ এককথাত কবলৈ হ’লে বজাৰত ৮০ টকাৰ তলত পাবলৈ নাই কোনোবিধ পাচলি ৷ মহানগৰীৰ বজাৰত আন কেতবোৰ পাচলিৰ দাম হৈছে এনেধৰণৰ- প্ৰতি কিলোগ্ৰাম গাজৰত ১৬০ টকা, বিনত ১৬০ টকা, কেপচিকামত ১৬০ টকা, বিলাহীত ১২০ টকা, ভেণ্ডিত ৮০ টকা, জিকাত ৮০ টকা ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱে - Aasu Protest Against Price Hike

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পিচৰে পৰা ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি হৈছে বিভিন্ন সামগ্ৰীৰ মূল্য ৷ নি‌য়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ বজাৰ ৷ ঔষধ, টোল কৰ, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পাচতে এইবাৰ হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম ৷ সৰ্বসাধাৰণ লোকে আলু-পিঁয়াজ ক্ৰয় কৰিবলৈও চিন্তা কৰিবলগীয়া হৈছে ৷ কিয়নো মহানগৰীৰ বজাৰত এতিয়া আলু-পিঁয়াজেও কোবাইছে হাফ চেঞ্চুৰী ৷

লগতে পঢ়ক: মহানগৰীত এইবাৰ মহঙা হ’ল গাখীৰ - price hike of essential commodities

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.