ETV Bharat / state

বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়ালৈ পৰিৱেশ মিত্র সন্মান

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 2:17 PM IST

Paribesh Mitra Award: নেদাৰলেণ্ড চৰকাৰৰ ফেল'শ্বিপ লৈ অসমত জৈৱ বৈচিত্র্যতা সংৰক্ষণৰ হকে কাম কৰা বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়াৰ এই ক্ষেত্ৰত অৰিহণা অনবদ্য । শেহতীয়াকৈ তেওঁক ৰাজ্য চৰকাৰে প্ৰদান কৰে পৰিৱেশ মিত্র সন্মান ।

Paribesh Mitra Award to Scientist Dr Prabal Saikia
বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়ালৈ পৰিৱেশ মিত্র সন্মান

বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়ালৈ পৰিৱেশ মিত্র সন্মান

লখিমপুৰ,২৯ ফেব্ৰুৱাৰী: লখিমপুৰৰ এগৰাকী কৃষি বিজ্ঞানী । লখিমপুৰ আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্রত তেওঁ জ্যেষ্ঠ বিজ্ঞানী ৰূপে কৰ্মৰত হৈ আছে । তেওঁ হল ড৹ প্ৰৱাল শইকীয়া । সম্প্রতি ড৹ শইকীয়াৰ নাম চৰ্চালৈ আহিছে । জৈৱ বৈচিত্র সংৰক্ষণৰ হকে কৰা কাম-কাজৰ বাবে তেওঁৰ নাম চৰ্চালৈ আহিছে । জৈৱ বৈচিত্র সংৰক্ষণৰ বাবে ড৹ শইকীয়াই বহু ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰি আহিছে ।

নেদাৰলেণ্ড চৰকাৰৰ ফেলশ্বিপ লৈ তেওঁ অসমত কৃষি জৈৱ বৈচিত্র্যতা সংৰক্ষণৰ হকে কাম কৰাৰ উপৰিও বিশেষ কৈ শিহু, ঘৰচিৰিকা চৰাই সংৰক্ষণৰ বাবে বাবে কাম কৰি আছে । ঘৰচিৰিকা চৰাই সংৰক্ষণৰ বাবে ইতিমধ্যে তেওঁ ২০ হেজাৰ বাকচ বিতৰণ কৰিছে । ৰাজ্যৰ ২৩ খন জিলাত জৰীপ সম্পন্ন কৰা হৈছে । শিৱসাগৰৰ দিখৌমুখ আৰু লখিমপুৰৰ বৰবালি চমুৱা গাঁও দুখন ঘৰচিৰিকা গাঁও হিচাপে গঢ়ি তোলা হৈছে ।

প্রকৃতি আৰু বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত এজন নিষ্ঠাবান পৰিৱেশকর্মী ড৹ প্রবাল শইকীয়াই স্থানীয় চৰাই সংৰক্ষণৰ বাবে অসমত 'নাগৰিক ঘৰচিৰিকা' (Citizen Sparrow) কাৰ্যসূচী আৰম্ভ কৰি বৰবালি চমুৱা আৰু দিখৌমুখত দুখনক এইদৰে ঘৰচিৰিকা গাঁও হিচাপে প্রতিষ্ঠা কৰে । বিভিন্ন অঞ্চলত তেওঁ নিজে আর্হি প্রস্তুত কৰা ঘৰচিৰিকা বাহৰ বাকচৰ বিনামূলীয়া বিতৰণৰ জৰিয়তে ঘৰচিৰিকা সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অবদান আগবঢ়াইছে ।

গ্ৰীণ হেৰিটেজ,বিজ্ঞান সমিতি আদিৰ সৈতে জড়িত লখিমপুৰ জিলাৰ শতজান জলাশয় আৰু মাজুলীৰ দক্ষিণপাট সত্ৰৰ জলাশয় সংৰক্ষণৰ ক্ষেত্রত তেওঁ গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে । উল্লেখযোগ্য যে, নেদাৰলেণ্ডৰ বেগেনিনজেন ইণ্টাৰনেছনেল নামৰ প্রখ্যাত প্রতিষ্ঠানটোৱে কৃষি জীৱ বৈচিত্র্যৰ সম্পর্কত এবছৰীয়া এক বিশেষ প্রশিক্ষণত অংশ গ্রহণ কৰিবলৈ ড৹ শইকীয়াক নেডাৰলেণ্ড চৰকাৰৰ 'নেডাৰলেণ্ডছ ফেল’শ্বিপ প্রগ্রেম'ৰ বাবে নিৰ্বাচন কৰাৰ উপৰিও ভাৰতৰ কটকৰ 'চেন্ট্রেল বাইচ বিছাৰ্ছ ইন্সটিটিউট'ৰ'এপ্লাইড জুলজিষ্ট ৰিচাৰ্ছ এছ'চিয়েছনে' (AZRA) প্রায়োগিক পতংগবিজ্ঞান আৰু কৃষি পক্ষীবিজ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ অবদানৰ বাবে ড৹ প্রবাল শইকীয়াক ২০১৪ চনত AZRA ফেল'শ্বিপ বঁটা প্ৰদান কৰিছিল ।

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে ড৹ প্রবাল শইকীয়াক অসম চৰকাৰে ২০২৩ বৰ্ষৰ 'পৰিৱেশ মিত্র' সন্মান প্ৰদান কৰে । বুধবাৰে ৰাজ্যপালে তেওঁক এই সন্মান প্ৰদান কৰে । দেশ-বিদেশৰ সন্মান লাভ কৰি অসমৰ জৈৱ বৈচিত্র্যতা সংৰক্ষণৰ হকে কাম কৰি থকা ড৹ শইকীয়াৰ এনে সন্মান প্ৰাপ্তিত লখিমপুৰৰ ৰাইজে সন্তোষ প্রকাশ কৰিছে ।

লগতে পঢ়ক: নামৰূপ মহাবিদ্যালয়ক কালৰ বুকত হেৰাই যাবলৈ দিয়া নহ’ব : আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.