ডিব্ৰুগড়, ১৬ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত সংঘাত বৃদ্ধি পাইছে । চাহ জনগোষ্ঠীৰ বহুকেইটা সংগঠনৰ লগতে চাহ জনজাতিৰ ছাত্ৰ সন্থাই ৰামেশ্বৰ তেলীক বিজেপিয়ে পুনৰ টিকট দিলে বিজেপিক বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলিও ঘোষণা কৰি ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল । চাহ জনজাতি ছাত্ৰ সন্থাৰ এই প্ৰতিবাদৰ পাচতো টিকট কৰ্তন হৈছিল ৰামেশ্বৰ তেলীৰ ।
- " class="align-text-top noRightClick twitterSection" data="">
ডিব্ৰুগড়ৰ পৰা টিকট কৰ্তন হোৱা ৰামেশ্বৰ তেলীৰ ক্ষোভ মাৰ যোৱা নাই । এটা দিনৰ পূৰ্বে তিনিচুকীয়াৰ এখন সভাত চাহ জনজাতি ছাত্ৰ সন্থা মৰিলেও মোৰ সমান হ'ব নোৱাৰে বুলি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংগঠনটোক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল । ইয়াৰ পাচতে আজি অৰ্থাৎ শনিবাৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই চাবুৱাত এখন সংবাদমেল অনুষ্ঠিত কৰে ।
চাহ জনজাতি ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই কয় যে, মন্ত্ৰীগৰাকী মুৰ্খৰ স্বৰ্গত বাস কৰিছে । তেওঁলোকে লগতে সংগঠনটোৰ বিৰুদ্ধে এনে মন্তব্য কৰাক লৈ অহা ২৪ ঘন্টাৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ক্ষমা বিচাৰিবলৈ দাবী জনায় । সাংসদৰ টিকট লাভ নকৰি ৰামেশ্বৰ তেলীৰ মগজু বিকৃত হৈছে বুলিও কটাক্ষ কৰে সংগঠনটোৰ নেতৃত্বই ।
তেওঁলোকে লগতে কয়, বিজেপিৰ টিকটত নাপাই আবোল-তাবোল বকিছে ৰামেশ্বৰ তেলীয়ে । মন্ত্ৰী ৰামেশ্বৰ তেলীক নিষ্কৰ্মা আখ্যা দিয়ে চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বই । লগতে লোকসভাত নিৰ্বাচনৰ প্ৰাকক্ষণত চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৰ সৈতে হোৱা এই সংঘাতে বিজেপিৰ ৰাজনৈতিক অংকত আউল লগাব বুলিও এতিয়া জিলাখনত চৰ্চা চলিছে ।
লগতে পঢ়ক: ৰামেশ্বৰ তেলীক পুনৰ প্ৰাৰ্থিত্ব দিলে চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ