ETV Bharat / state

আজি কাতি বিহু; আপোন পথাৰখনত আকাশ বন্তি জ্বলাবলৈ সাজু ঘৰফলীয়া জাপিসজীয়া গাঁওবাসী

Kongali bihu: সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিছে চহা অসমীয়াই ৷ গাঁৱে-ভূঞে পৰিলক্ষিত হৈছে কাতি বিহুৰ প্ৰকৃত মাদকতা । পথাৰত আকাশ বন্তি জ্বলাবলৈ সাজু আমগুৰিবাসী ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Kati Bihu 2024
আজি কাতি বিহু (ETV Bharat Assam)

আমগুৰি, ১৭ অক্টোবৰ : আজি কাতি বিহু । কৃষিজীৱী অসমীয়াৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰা তিনিটি বিহুৰ ভিতৰত কাতি বিহুৰো আছে সুকীয়া আমেজ আৰু মাদকতা । ৰাজ্যৰ প্ৰতিখন গাঁৱৰ লগতে কাতি বিহুৰ বাবে ব্যস্ততা বাঢ়িছে আমগুৰিৰ ঘৰফলীয়া জাপিসজীয়া গাঁৱৰ জীয়ৰী-বোৱাৰী সকলোৰে ।

পুৱাই উঠি কণমানিহঁতে সাজিছে তুলসীৰ ভেটি । প্ৰতিবছৰৰ দৰে এইবছৰো কাতি বিহুৰ পুৱা কণমানি শিশুৰ লগতে গাঁৱৰ বোৱাৰীসকলে চোতালত সমৱেত হৈ গাইছে হৰিনাম ৷ সন্ধিয়াৰ ভাগলৈ সকলোৱে নিজা ঘৰৰ তুলসীৰ ভেটিত জ্বলাব চাকি-ধূপ ।

কাতি বিহুৰ প্ৰকৃত মাদকতা (ETV Bharat Assam)

সকলোৱে সমৱেত হৈ তুলসীৰ তলত নাম গায়, প্ৰাৰ্থনা কৰি মাহ-প্ৰসাদ খাব । আনকি আজি পুৱাতে গাঁৱৰ সকলো সমবেত হৈ তুলসীৰ তলত মূৰ দোঁৱাই আশীষ লোৱা দেখা গ’ল ।

উল্লেখ্য যে, অসমীয়াৰ জাতীয় জীৱনৰ আজি এটি বিশেষ দিন । তিনিটা বিহুৰ ভিতৰত কাতি বা কঙালী বিহুৰ আছে বিশেষ তাৎপৰ্য ৷ কৃষি সম্পৰ্কীয়, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস এই বিহুটিৰ সৈতে সংপৃক্ত হৈ আছে ৷

শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল আবাহন কৰি তুলসী তলত বন্তি জ্বলোৱাৰ নিয়ম তথা পৰম্পৰা অসমৰ জনজীৱনৰ অভিন্ন লোকাচাৰ । যদিও ৰঙালী আৰু ভোগালীৰ দৰে এই বিহুত ৰং-ৰহইচৰ প্ৰাধান্য নাই, তথাপিও কাতি বিহুৱে অসমীয়া সমাজত গ্ৰহণ কৰি আহিছে এক স্বকীয় ভূমিকা । এই বিহুৱে আসমীয়াৰ জাতীয় জীৱনৰ পৰম্পৰা, স্বকীয় কৃষ্টিৰ এক নিজস্ব পৰিচয় দাঙি ধৰে ।

Kati Bihu 2024
আজি কাতি বিহু (ETV Bharat Assam)

কাতি বিহুৰ এই পবিত্ৰ দিনটোত অসমবাসীৰ মংগল কামনাৰে ভগৱন্তৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনায় ৷ যাতে তুলসী তলৰ চাকিগছি আৰু আকাশবন্তিৰ আলোকে চহা ৰাইজৰ ভঁৰাল ঘৰ উজলাই তোলে, লখিমীৰে উপচি পৰে ভঁৰাল ।

লগতে পঢ়ক : কংক্ৰিটৰ মহানগৰীত কাতি বিহু পালনৰ ব্যাপক প্ৰস্তুতি

লগতে পঢ়ক : কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমৰ কৃষক সমাজত ইয়াৰ তাৎপৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.