ETV Bharat / state

স্মাৰ্ট মিটাৰ ইজ এ ছেনচিটিভ মিটাৰ: নতুন শক্তিমন্ত্ৰীৰ সংজ্ঞা - PRASANTA PHUKANS ON SMART METER

নতুন দায়িত্ব লাভ কৰিয়েই প্ৰশান্ত ফুকনে শক্তি বিভাগক অধিক আগুৱাই নিয়াৰ পৰিকল্পনাৰ কথা ব্য়ক্ত কৰিলে ।

Power Minister Prasanta Phukan
বোকাখাতত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 11:26 AM IST

গোলাঘাট: ৰাজ্য়ত বিগত কেইবামাহ ধৰি স্মার্ট মিটাৰ সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত আছে । ইয়াৰ মাজতেই সংসদৰ মজিয়াত স্মার্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষত থকাৰ তথ্য় প্ৰকাশ পোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইবাৰ শক্তিমন্ত্ৰীৰ দায়িত্ব লাভ কৰিয়েই স্মার্ট মিটাৰ সন্দৰ্ভত মন্তব্য় কৰিলে প্ৰশান্ত ফুকনে ।

মন্ত্ৰিত্ব লাভ কৰাৰ পাছতেই সোমবাৰে বোকাখাতত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য । মন্ত্ৰীগৰাকীৰ মতে 'স্মাৰ্ট মিটাৰ ইজ এ ছেনচিটিভ মিটাৰ' । শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে বিভাগটোক নতুনত্ব প্ৰদানৰ চিন্তা কৰিছে বুলি মন্তব্য় কৰি কয়, "শক্তি বিভাগ এটা ৰাইজৰ লগত জড়িত থকা গুৰুত্বপূৰ্ণ বিভাগ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি আগন্তুক দিনত এই বিভাগটো আগবঢ়ায় নিম বুলি ভাবিছো । ইয়াৰ উপৰি স্মাৰ্ট মিটাৰৰ বিষয়টো সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে সকলো কথা স্পষ্ট কৰিছে । বৰ্তমান ঠাণ্ডাৰ দিন,মানুহৰ মাজত এই গোটেই কথাটোক লৈ ক্ৰিয়া- প্ৰক্ৰিয়াৰ মাজত পাৰ হৈছে ।"

বোকাখাতত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "এই স্মাৰ্ট মিটাৰৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল 'স্মাৰ্ট মিটাৰ ইজ এ ছেনচিটিভ মিটাৰ' ই সাংঘাটিক ছেনচিটিভ মিটাৰ । উদাহৰণ স্বৰূপে আপোনাৰ ঘৰত ৰিমোট কন্ট্ৰোলেৰে টিভি বন্ধ কৰিলে, কিন্তু ছুইচ বন্ধ নকৰিলে তাৰ পৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে বি‌দ্যুৎ যোগান ধৰা পেলায় । যাৰ বাবে আমি সকলো কথা সুন্দৰকৈ উপলব্ধি কৰাবলৈ চিন্তা চৰ্চা কৰিছো । লগতে চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পলিচি আছে আৰু কাৰ্যালয়ত কিমান সময়ৰ পৰা কিমান সময় ব্যৱহাৰ কৰি ডিভাইজৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সহযোগত আগবঢ়াই নিবলৈ চেষ্টা কৰিম ।"

বোকাখাতত কালি মন্ত্ৰী প্ৰশান্ত ফুকনে পেৰা-পুৰিৰ জুতি লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় । বোকাখাতৰ পুৰি-পেৰাক সমন্বয়ৰ প্ৰতীক বুলিও উল্লেখ কৰি তেওঁ কয়, "উজনি-নামনিলৈ আহ-যাহ কৰা প্ৰায়সকলেই বোকাখাতত পেৰা-পুৰি খোৱা নিয়মত পৰিণত হৈছে । মই নিজেই ৫০ বছৰ ধৰি বোকাখাতৰ পেৰা-পুৰি খাই আহিছো ।"

লগতে পঢ়ক:সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগৰ তালিকাৰ শীৰ্ষত অসম - SMART METER CONTROVERSY

অসমৰ গ্ৰামাঞ্চলত সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ: Smart meter controversy - SMART METER CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.