ETV Bharat / state

মাতৃ-পিতৃক সময় দিয়াৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটী, মুকলি কৰা হৈছে প'ৰ্টেল - Matri Pitri Vandana

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 3:44 PM IST

Special CL to Assam employees : ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ নৈমিত্তিক ছুটী । দুদিনৰ বিশেষ ছুটীৰ লগত লাভ কৰিব তিনিদিনৰ স্বাভাৱিক বন্ধ । একেলেথাৰিয়ে পাব পাঁচদিনৰ বন্ধ । ৬ আৰু ৮ নৱেম্বৰত বিশেষ ছুটী । ৭ নৱেম্বৰত ষঠ পূজাৰ বন্ধ । ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ । আবেদনৰ বাবে মুকলি কৰা হৈছে প'ৰ্টেল ।

Special CL to Assam employees
মাতৃ-পিতৃক সময় দিয়াৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটী (Getty Images/DIPR Assam)

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : মাতৃ-পিতৃক সময় দিয়াৰ বাবে অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে । ২০২১ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা এই বিশেষ ছুটীৰ ব্যৱস্থা ৰাজ্য চৰকাৰে এই বছৰো কৰিছে ।

'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী । চলিত বৰ্ষতো ৰাজ্য চৰকাৰে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে । এই বছৰ ৬ আৰু ৮ নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । লক্ষ্যণীয় বিষয় যে এই বিশেষ দুটা দিনৰ ছুটীৰ উপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তিনিটাকৈ স্বাভাৱিক ছুটী লাভ কৰিব ।

Special CL to Assam employees
মাতৃ-পিতৃক সময় দিয়াৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটী (ETV Bharat Assam)

৭ নৱেম্বৰত ষঠ পূজাৰ বন্ধ । আনহাতে ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ । অৰ্থাৎ লগতে তিনিদিন স্বাভাৱিক বন্ধ । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধ মিলাই একেলেথাৰিয়ে পাঁচদিনৰ বন্ধৰ সুবিধা লাভ কৰিব । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিবে চৰকাৰী সকলো বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰযোগে চৰকাৰী বিশেষ ছুটীৰ নিৰ্দেশনাৰ বিষয়ে সদৰী কৰা হৈছে ।

নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 'মাতৃ-পিতৃ বন্দনা আঁচনি'ৰ অধীনত চলিত বৰ্ষৰ বাবে দুদিনৰ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰা হৈছে । সেই অনুসৰি ৬ নৱেম্বৰ আৰু ৮ নৱেম্বৰত এই বিশেষ ছুটীৰ ব্যৱস্থা কৰা হৈছে । এই দুদিন ছুটীৰ লগতে ৭ নৱেম্বৰৰ ষঠ পূজাৰ বন্ধ আৰু ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰৰ বন্ধ লাভ কৰিব । পাঁচদিন সময় মাতৃ-পিতৃক দিব পাৰিব । এই বিশেষ ছুটীৰ বাবে আবেদন কৰিবলৈ প'ৰ্টেল মুকলি কৰা হৈছে । মাতৃ-পিতৃৰ বন্দনাৰ বাবে বিশেষ নৈমিত্তিক ছুটী ল'ব বিচৰা কৰ্মচাৰীসকলে https://matripitrivandana.assam.gov.in প'ৰ্টেলত আবেদন কৰিব লাগিব । আবেদনৰ বাবে প'ৰ্টেল মুকলি কৰা হৈছে ।

উল্লেখ্য যে বছৰত দুটা দিন চৰকাৰী কৰ্মচাৰীসকলে যাতে নিজৰ পিতৃ-মাতৃ নাইবা শহুৰ-শাহুৰ লগত সময় কটাব পাৰে তাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নতুনকৈ এই আঁচনিৰ শুভাৰম্ভ কৰিছিল । ২০২১ বৰ্ষত কেবিনেটযোগে এই সিদ্ধান্ত লোৱা হৈছিল । এই আঁচনিৰ উদ্দেশ্য হৈছে মাতৃ-পিতৃ আৰু শাহু-শহুৰক সম্পূৰ্ণ সান্নিধ্যৰে সাহচৰ্য, পৰিচৰ্যা, শ্ৰদ্ধা-সন্মান প্ৰদৰ্শন কৰা । অত্যাৱশ্যকীয় সেৱাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব । মাতৃ-পিতৃ আৰু শাহু-শহুৰৰ অবৰ্তমানত এই সুবিধা প্ৰযোজ্য নহ'ব । বিষয়া-কৰ্মচাৰীসকলে মাতৃ-পিতৃ তথা শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ-বিনোদন নাইবা আন কোনো কামত এই বিশেষ ছুটীৰ সুবিধা গ্ৰহণ কৰা অনুচিত বুলি চৰকাৰীভাৱে কোৱা হৈছে ।

লগতে পঢ়ক : বিদ্যালয়ত ছাত্ৰৰ মৃত্যু; প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ

ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত উত্তাল গোৱালপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.