ETV Bharat / state

আনন্দৰাম বৰুৱা বঁটাৰ পঞ্জীয়নৰ বাবে প'ৰ্টেল মুকলি, ২৫ জুলাইলৈ থাকিব খোলা - Anundoram Borooah Award - ANUNDORAM BOROOAH AWARD

Anundoram Borooah Award 2024 : শিক্ষা বিভাগে আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । মাধ্যমিক শিক্ষা সঞ্চালকে ৰাজ্যৰ সকলো বিদ্যালয় পৰিদৰ্শকলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা ।

Anundoram Borooah Award 2024
আনন্দৰাম বৰুৱা বঁটা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 3:38 PM IST

গুৱাহাটী, ১৬ জুলাই : চলিত বৰ্ষৰ 'আনন্দৰাম বৰুৱা বঁটা' প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা বিভাগে । ৰাজ্য চৰকাৰৰ এই বঁটাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন । ডি বি টি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন । এই সন্দৰ্ভত ইতিমধ্য়ে শিক্ষা বিভাগৰ পৰা জাননী জাৰি কৰা হৈছে । মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে ৰাজ্যৰ সকলো বিদ্যালয় পৰিদৰ্শকলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা ।

Anundoram Borooah Award 2024
আনন্দৰাম বৰুৱা বঁটা (ETV BHARAT ASSAM)

উল্লেখ্য় যে এই বঁটাৰ বাবে অহা ২৫ জুলাইৰ পূৰ্বে 'বিদ্যাৰ্থী' শীৰ্ষক প'ৰ্টেলত শিক্ষাৰ্থীসকলে নাম পঞ্জীয়ন কৰিব লাগিব । মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰা উক্ত নিৰ্দেশনাটোত আনন্দৰাম বৰুৱা বঁটাৰ নগদ ধনৰ বাবে অনলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে । সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীৰ লগতে শিক্ষাৰ্থীসকলক অৱগত কৰিবলৈ বিদ্যালয় পৰিদৰ্শকসকলক নিৰ্দেশ দিয়া হৈছে ।

নাম পঞ্জীয়নৰ বাবে ইতিমধ্যে প'ৰ্টেল মুকলি কৰা হৈছে আৰু ২৫ জুলাইৰ মাজনিশালৈ মুকলি থাকিব । উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীলৈ 'আনন্দৰাম বৰুৱা বঁটা' আগবঢ়োৱা হয় । এই বঁটাৰ জৰিয়তে শিক্ষাৰ্থীসকলক বেংকৰ একাউণ্টৰ যোগেদি ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয় । পূৰ্বতে এই বঁটাত শিক্ষাৰ্থীসকলক লেপটপ প্ৰদান কৰা হৈছিল । পৰৱৰ্তী সময়ত এই লেপটপৰ পৰিৱৰ্তে নগদ ধন দিয়াৰ ব্যৱস্থা কৰা হয় । ছাত্ৰ-ছাত্ৰীসকলক উন্নত প্ৰদৰ্শনৰ বাবে প্ৰেৰণা আৰু উৎসাহ যোগোৱাৰ বাবে এই বঁটা প্ৰদান কৰি অহা হৈছে ।

লগতে পঢ়ক:মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪৩৩ গৰাকী কৃতি শিক্ষাৰ্থীক এককালীন সাহাৰ্য বিতৰণ - Mising Autonomous Council

লখিমপুৰত জিলা ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান - AASU Felicitation Programme

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.