ETV Bharat / state

পবা সংৰক্ষিত বনাঞ্চল হ’ব ২৫৭.২৯ বৰ্গ কিলোমিটাৰৰ বন্যপ্ৰাণী অভয়াৰণ্য : বিধানসভাত চৰকাৰৰ ঘোষণা - Poba Rain forest - POBA RAIN FOREST

Poba Reserve Forest to get wildlife sanctuary tag : অপেক্ষা আৰু কিছু ক্ষণৰ ৷ শীঘ্ৰেই বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্বীকৃতি পাব পবা সংৰক্ষিত বনাঞ্চলে ৷ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনা অসম চৰকাৰে এই কথা ঘোষণা কৰে ৷

Poba Reserve Forest to get wildlife sanctuary tag
ন্যপ্ৰাণী অভয়াৰণ্যলৈ স্বীকৃতি পাব পবা সংৰক্ষিত বনাঞ্চলে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 9:46 AM IST

গুৱাহাটী, ৩১ আগষ্ট : অসমত শীঘ্ৰেই বৃদ্ধি হ’ব আৰু এখন অভয়াৰণ্য । ধেমাজি জিলাৰ অন্তৰ্গত পবা সংৰক্ষিত বনাঞ্চলক এক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ় দিয়াৰ পৰকল্পনা কৰিছে অসম চৰকাৰে । শীঘ্ৰেই ইয়াৰ বাবে অধিসূচনাও জাৰী কৰিব অসম চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতিৰে শুকুৰবাৰে সামৰণি পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনত এই কথা সদৰী কৰে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

বিধানসভাত জোনাইৰ বিধায়ক ভূৱন পেগুৱে শুকুৰবাৰে উত্থাপন কৰা শূন্যকালীন ঘণ্টাৰ এক জাননী সন্দৰ্ভত উত্তৰ দি পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰাজিৰ লগতে জৈৱ-বৈচিত্ৰৰ সংৰক্ষণ আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ়ি তুলিব বিচাৰিছে । পবা সংৰক্ষিত বনাঞ্চল, কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু নদী অঞ্চল সামৰি ২৫৭.২৯ বৰ্গ কিলোমিটাৰৰ পবা বন্যপ্ৰাণী অভয়াৰণ্য গঢ়ি তোলা হ’ব ।”

লগতে পঢ়ক : কলিয়াবৰত অমৃত বৃক্ষ আন্দোলনৰ বাবে চাৰি লাখ গছপুলিৰে সাজু বন বিভাগ - Amrit Brikshya Andolan 2024

  • পবা সংৰক্ষিত বনাঞ্চলক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ সামাজিক মাধ্যমত এই প্ৰসংগত কয়, “আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে শীঘ্ৰেই ধেমাজিৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আমি আগবাঢ়িছো । ১০,০০০ হেক্টৰতকৈ অধিক ভূমিৰে আৱৰা পবাৰ এই সেউজ আবৃত পৰিৱেশ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ সমৃদ্ধিৰে এক উল্লেখনীয় জৈৱ বৈচিত্ৰৰ কেন্দ্ৰ ।”

  • বর্ষা-অৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ বৈশিষ্ট :

উল্লেখ্য যে, পবা সংৰক্ষিত বনাঞ্চল অসমৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত বন্য জীৱ-জন্তুৰে সমৃদ্ধ এক জৈৱ বৈচিত্ৰপূর্ণ বর্ষা-অৰণ্য । ডি এৰিং বন্যপ্ৰাণী অভয়াৰণ্য-কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংযোগ হৈ থকাৰ বাবে জীৱ-জন্তু, বিশেষকৈ হাতীৰ প্ৰৱজনৰ পথ হিচাপে ই অতি গুৰুত্বপূর্ণ ।

লগতে পঢ়ক : সংৰক্ষিত বনাঞ্চল সন্দৰ্ভত অসমৰ বন বিভাগক সিদ্ধান্ত ল’বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ - Forest land and wildlife of Assam

ৰাজ্যখনৰ পানপুৰ-কাজিৰঙাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰৰ পৰা দক্ষিণ পাৰলৈ হাতীৰ এইটো দ্বিতীয় প্ৰব্ৰজন পথ । হাতীয়ে ডি এৰিং অভয়াৰণ্যৰ পৰা কবু চাপৰিলৈ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰৱজন কৰে । প্ৰায় ৭০-৮০ টা হাতীৰ জাক বিভিন্ন সময়ত নদী পাৰ হৈ উত্তৰৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে । কিন্তু মতা হাতীবিলাকে প্ৰায় গোটেই বছৰজুৰি এই পথ ব্যৱহাৰ কৰে ।

ইযাৰ উপৰিও, বিভিন্ন প্ৰজাতিৰ বান্দৰ পবা সংৰক্ষিত বনাঞ্চলত পোৱা যায় আৰু ইয়াৰে ভিতৰত প্ৰধান প্ৰজাতি হৈছে লাজুকী বান্দৰ আৰু টুপীমূৰীয়া বান্দৰ । প্ৰধানকৈ পোৱা স্তন্যপায়ী প্ৰজাতিৰ ভিতৰত বনৰীয়া গাহৰি অন্যতম । বনাঞ্চলখনত প্ৰায় ৪৫ বিধ প্ৰজাতিৰ চৰাই আৰু সৰীসৃপ পোৱা যায় । ইয়াৰ ছিয়াং আৰু লোহিত নদীৰ সংগম স্থলত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ।

অৰ্কিডৰ বাবেও এই বনাঞ্চলৰ বিশেষ সুনাম আছে । পবা সংৰক্ষিত বনাঞ্চলক লৈ অসম চৰকাৰৰ এই ঘোষণাক লৈ বনাঞ্চলখনৰ সমীৱৰ্তী ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীৰ উৎসাহ দেখা পোৱা গৈছে ৷

লগতে পঢ়ক : পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন - Rain Forest Poba

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.