ETV Bharat / state

১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধনৰ বাবে অসমত প্ৰধানমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 7:02 PM IST

Updated : Mar 8, 2024, 8:09 PM IST

PM Modi NE visit : বিগত ৯ বছৰত ৬২ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পুনৰ দুদিনীয়া অসম-অৰুণাচল প্ৰদেশ ভ্ৰমণ কাৰ্যসূচীৰে উপস্থিত প্ৰধানমন্ত্ৰী । তেজপুৰত আদৰণি জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Warm welcome to PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তেজপুৰ, ৮ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া অসম-অৰুণাচল প্ৰদেশ ভ্ৰমণ কাৰ্যসূচীৰে শুক্ৰবাৰে বিয়লি ৪.৩০ বজাত তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত উপস্থিত হয় । প্ৰধানমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব পবন বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি বায়ুসেনাৰ বিষয়া, সেনা বিষয়াসকলে বায়ুসেনাৰ ঘাটিত উষ্ম আদৰণি জনায় । প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰা পোনে পোনে ৪.৫৫ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বায়ুসেনাৰ হেলিকপ্টাৰেৰে গমন কৰে ।

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে বিগত ৯ বছৰত ৬২ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে । এই সংখ্যা পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰীৰ মুঠ অসম ভ্ৰমণৰ সংখ্যাতকৈও অধিক হ'ব পাৰে । লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে "কা' বলবৎ হোৱাৰ প্ৰকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৪ ফেব্ৰুৱাৰীত অসম ভ্রমণৰ পিচত এইটো হৈছে দ্বিতীয় ভ্ৰমণ । লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা অৰুণাচল প্ৰদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰাৰ লগতে বহু কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰীক তেজপুৰ বায়ুসেনাৰ বিমান বন্দৰত আদৰণি জনোৱাৰ পিচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সামাজিক মাধ্যম 'X' যোগে কয় ,"মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পুণ্যভূমি অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মোদী পৰিয়ালৰ হৈ উষ্ম আদৰণি জনাইছো ৷" প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীনৰ অধীনত ৫,৫৫,৫৫৫ জনৰো অধিক হিতাধিকাৰীৰ গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰিব । লগতে লাখপতি বাইদেউ সকলক প্ৰত্যেক জিলাৰ পৰিবহণ বিভাগৰ জৰিয়তে যোৰহাটৰ মেলেং মেটেলিলৈ নিয়া হ'ব ।

Warm welcome to PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণত বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ ডিমৌত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডাঃ বি বৰুৱা কেন্সাৰ হাস্পতালত হেমাট’-লিম্ফ’ইড চেণ্টাৰ, ডিগবৈ শোধনাগাৰ ০.৬৫ৰ পৰা ১ এম এম টি পি এলৈ সম্প্ৰসাৰণ, গুৱাহাটী শোধনাগাৰ ১.০ৰ পৰা ১.২ এমএমটিপিএলৈ সম্প্ৰসাৰণ- ভাৰতীয় তেলৰ গুৱাহাটী টাৰ্মিনেল (বেতকুছি)ৰ অতিৰিক্ত সুবিধাসমূহৰ উন্নয়ন,আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে সমগ্ৰ অসমৰ একাধিক সুবিধাত ঘৰুৱা তেল শোধন ক্ষমতা বৃদ্ধিৰ বাবে ৩টা প্ৰকল্পৰ ভেটি স্থাপন কৰিব ।

Warm welcome to PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমূহৰ উপৰি শৌৰ্য্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ১২৫ ফুট ওখ প্ৰতিমূৰ্তিৰ উপৰি তিনিচুকীয়াত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে বাৰাউনী-গুৱাহাটী পাইপলাইন, এনবিপিএছৰ বাৰাউনী-বঙাইগাঁও-গুৱাহাটী খণ্ডৰ পাম্পিং ক্ষমতা বৃদ্ধিৰ বাবে উন্নীতকৰণ (ইউজিপিএছ দ্বিতীয় পৰ্যায়), ১ নং পাম্প ষ্টেচন, দুলীয়াজানৰ পৰা ডিগবৈ শোধনাগাৰলৈ ৮ ইঞ্চি স্পাৰ লাইন সলনি কৰা আদি মুকলি কৰিব ।

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যাত্ৰা কৰিব । ইটনগৰত এখন জনসভাত অংশগ্ৰহণ কৰি ৰিম'ৰ্টৰ দ্বাৰা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সংলগ্ন ১৩ হাজাৰ ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগ উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৯ ত এই সুৰংগৰ শিলান্যাস কৰিছিল । ইটানগৰৰ পৰা আহি মহাবীৰ লাচিতৰ মূৰ্ত্তি উদ্বোধন কৰিব আৰু তাৰ পাচতে যোৰহাটৰ মেলেং মেটেলিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰীয়ে অসমত প্ৰায় ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ এই প্ৰকল্পৰ কাম হাতত লৈ আহিছে ।

লগতে পঢ়ক:আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ

Last Updated : Mar 8, 2024, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.