ETV Bharat / state

দিনৰ ১২.৫ বজাত হোলোঙোপাৰাৰ হেলিপেডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে

PM Modi assam visit :দেশবাসীৰ বাবে কেইবাটাও প্ৰকল্প,আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সাজু হৈছে যোৰহাট জিলা প্ৰশাসন ।

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:49 PM IST

PM Modi assam visit
জিলা আয়ুক্ত পুলক মহন্ত
জিলা আয়ুক্ত পুলক মহন্ত

যোৰহাট, ৮ মাৰ্চ :কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন ঘটিব যোৰহাটলৈ । সেয়েহে সাজু হৈছে অসম চৰকাৰ আৰু জিলা প্ৰশাসন । শনিবাৰে দুপৰীয়া ১২.৫ বজাত হোলোঙোপাৰাৰ হেলিপেডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ১২.১৫ বজাৰ পৰা ১.২৫ বজালৈ হোলোঙোপাৰাৰ লাচিত মৈদামত প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘ্য়ৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি দেশবাসীয়ে উচৰ্গা কৰাৰ লগতে মৈদামৰ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । আজি যোৰহাট জিলা সভাগৃহত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে জিলা আয়ুক্ত পুলক মহন্তই । ৯ মাৰ্চত অনুষ্ঠিতব্য় প্ৰধানমন্ত্ৰীৰ সভাত ১.৫০ লাখৰ ২ লাখ লোকৰ জনসমাগম হোৱা কথা সংবাদমেলত সদৰি কৰে জিলা আয়ুক্তগৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

জিলা আয়ুক্ত পুলক মহন্তই পুনৰ কয় যে হোলোঙোপাৰাৰ লাচিত মৈদামৰ পৰা ১২.৩০ বজাত পদপথৰে মেলেং মেটেলি ৰাজহুৱা সভালৈ যাব প্ৰধানমন্ত্ৰীগৰাকী আৰু ১২.৪০ বজাত মেলেং মেটেলি ৰাজহুৱা সভাত উপস্থিত হ'ব । দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.২৫ বজালৈ উক্ত ৰাজহুৱা সভাৰ পৰাই অসম তথা দেশবাসীৰ বাবে কেইবাটাও প্ৰকল্প,আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উপস্থিত ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীগৰাকীগৰাকীয়ে মেলেং গায়ন গাঁৱৰ হেলিপেডৰ পৰা ১.৩০ বজাত ৰৰৈয়া বিমানকোঠলৈ ৰাওনা হ'ব । দিনৰ ২ বজাত ৰৰৈয়া বিমানকোঠৰ পৰা বিশেষ বিমান যোগে নিজ গন্তব্য স্থানলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী ।

উক্ত সংবাদমেল যোগে যোৰহাট আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই যান-বাহনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলি কয় । গোলাঘাটৰ পৰা অহা গাড়ীসমূহ কমাৰগাঁৱ হৈ ধোদৰ আলিয়েদি তথা কমাৰগাঁৱ পৰা ধোদৰআলি হৈ আমগুৰি দিশলৈ যাব পাৰিব । গুৱাহাটীৰ পৰা অহা বানিজ্যিক বাহনসমূহ কলিয়াবৰ হৈ তেজপুৰ হৈ নিজ স্থানলৈ যাব পাৰিব । তিনিচুকীয়া দিশৰ পৰা অহা গাড়ী সমুহ বগীবিল দলং হৈ যাব পাৰিব । আনহাতে , প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ পশ্চিম দিশৰ পৰা অহা গাড়ীসমূহৰ বাবে ৰিলায়েন্স পেট্ৰ'ল পাম্পৰ কাষৰ ফিল্ডত,পূৱ দিশৰ পৰা অহা গাড়ীসমূহৰ বাবে লাইদৈগড় আৰু লাখপতি বাইদেউ অহা গাড়ীসমূহৰ বাবে সভাৰ নিকটৱৰ্তী ঘৰফলীয়াত পাকিঙৰ সু-ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক:১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধনৰ বাবে অসমত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.