ETV Bharat / state

ধুবুৰীত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত : আৰক্ষীৰ জালত কেইবাজনো - Sex Racket

Sex Racket: ধুবুৰীত নাৰীদেহৰ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাইজ । ৰাইজে উৎখাত কৰে নাৰীদেহ ব্যৱসায়ৰ ঘাটি । গৌৰীপুৰ আৰক্ষীৰ জালত দেহ ব্যৱসায়ৰ লগত জড়িত মূল মাষ্টাৰমাইণ্ড । এই অবৈধ ব্যৱসায় বন্ধ কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত ৰাইজৰ প্ৰতিবাদ ।

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:18 PM IST

People protest against prostitution at Gauripur in Dhubri
ধুবুৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত (ETV Bharat Assam)

ধুবুৰী,১১ জুলাই: নাৰীদেহ ব্যৱসায়ীৰ বিৰুদ্ধে গৰজি উঠিছে ধুবুৰীৰ ৰাইজ । গৌৰীপুৰত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাতৰ পিচতেই গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল দেহ ব্যৱসায়ৰ লগত জড়িত মূল মাষ্টাৰমাইণ্ড । দীৰ্ঘদিনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়াভাৱে চলাইছিল নাৰীদেহ ব্যৱসায় । ইফালে ধুবুৰীৰ পাণবাৰীতো নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে ৰাইজে । গৌৰীপুৰৰ পাণবাৰীত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰি ৰাইজে আটক কৰে কেইবাজনো দেহ ব্যৱসায়ৰ লগত জড়িত মহিলাসহ পুৰুষক ।

ধুবুৰীত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত (ETV Bharat Assam)

গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে ছফিৰ ঘৰত তেওঁৰ পত্নীৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা চলি আছিল নাৰীদেহৰ ব্যৱসায় । স্থানীয় ৰাইজে বহুবাৰ বিৰোধ কৰাৰ পিচতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে । অৱশেষত ৰাইজ অতিষ্ঠ হৈ গোপন খবৰৰ ভিত্তিত ছয়-সাতগৰাকী মহিলা আৰু পাঁচজন পুৰুষক আটক কৰিবলৈ সক্ষম হয় । উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায় ঘাটিৰ ঘৰ-দুৱাৰ, আচবাব ভাঙি চূৰমাৰ কৰাৰ লগতে বিচনা পত্ৰ আদি জ্বলাই দিয়ে ।

পিচত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । নাৰীদেহ ব্যৱসায় বন্ধ কৰাৰ লগতে জেল হক আৰু ছফিউৰ ৰাহমানক উচিত শাস্তি প্ৰদানৰ দাবী জনাই ৰাইজে । গৌৰীপুৰ আৰক্ষীয়ে নাৰীদেহ ব্যৱসায়ৰ লগত জড়িত ছয়গৰাকী মহিলা আৰু পাচঁজন পুৰুষক আটক কৰি থানালৈ লৈ যায় ।

প্ৰতিবাদী ৰাইজৰ অভিযোগ অনুসৰি পৰিয়ালটোৱে বহু দিনৰ পৰা অবৈধভাৱে এই ব্যৱসায় চলাই গৈছিল । নাৰীদেহ ব্যৱসায়ৰ মূল নায়ক আছিল পাণবাৰী দালানেৰ আলগাৰ মুন্নাফ আলী । ৰাইজৰ প্ৰতিবাদৰ পিচতেই আৰক্ষীয়ে মূল মাষ্টাৰ মাইণ্ড মুন্নাফ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গৌৰীপুৰ আৰক্ষী থানাত মুন্নাফ আলীক সোধ-পোচ কৰাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: দলগাঁৱত নাৰীদেহৰ ৰমৰমীয়া বেহা, গ্ৰেপ্তাৰ 5

বন্ধ কোঠাত নষ্ট বেহা ! নগাঁৱৰ এটা ঘৰৰ পৰা আটক কেইবাগৰাকীও যুৱক-যুৱতীক

Home Stay ৰ নামত গোলাঘাটত দেহ ব্যৱসায় চক্ৰ, উদ্ধাৰ যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.