ETV Bharat / state

স্বপ্ননীল দাসকাণ্ডত টুইষ্ট : দিছপুৰ থানাত কি অভিযোগ অৰ্ধ শতাধিক লোকৰ ? - online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 5:53 PM IST

Swapnanil Das row : শেহতীয়াভাৱে ৰাজ্য জোকাৰি আছে অনলাইন বিনিয়োগ প্ৰৱঞ্চনাৰ ঘটনাই । প্ৰথমে ডি বি ষ্টকছ, তাৰ পিছত বিশাল ফুকন আৰু মাজতে স্বপ্ননীল দাস । ইয়াৰে ভিতৰত ডি বি ষ্টকছৰ দীপাংকৰ বৰ্মন পলাতক । কিন্তু আৰক্ষীৰ জালত আন দুই অভিযুক্ত স্বপ্ননীল দাস আৰু বিশাল ফুকন । কিন্তু ইয়াৰ মাজতে স্বপ্ননীল দাসকাণ্ডই নাটকীয় মোৰ লৈছে । প্ৰৱঞ্চনাৰ অভিযোগত আটক হোৱা স্বপ্ননীলৰ বাবে ওলাই আহিছে একাংশ লোক । মঙলবাৰে দিছপুৰ থানাত উপস্থিত হৈ এইসকল লোকে স্বপ্ননীল সন্দৰ্ভত কি ক'লে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Swapnanil Das Row
স্বপ্ননীল দাসকাণ্ডত টুইষ্ট (ETV Bharat Assam)

গুৱাহাটী, 3 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া অনলাইন বিনিয়োগৰ নামত প্ৰৱঞ্চনাৰ এটাৰ পিছত আনটো অভিযোগ পোহৰলৈ আহিছে । আনহাতে, অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত দুজনকৈ লোক আৰক্ষীৰ জিম্মাত । তাৰে এগৰাকী হৈছে গুৱাহাটীৰ পৰা আটক কৰা স্বপ্ননীল দাস আৰু আনজন হৈছে ডিব্ৰুগড়ৰ বিশাল ফুকন । কিন্তু এইবাৰ স্বপ্ননীল দাসক আটক কৰা ঘটনাই নাটকীয় মোৰ লৈছে । সোমবাৰে নিশা স্বপ্ননীল দাসক আটক কৰাৰ পিছত মঙলবাৰে দিছপুৰ থানাত উপস্থিত হয় একাংশ লোক ।

দিছপুৰ থানাত কি অভিযোগ অৰ্ধ শতাধিক লোকৰ ? (ETV Bharat Assam)

কি অভিযোগ এই লোকসকলৰ ?

স্বপ্ননীল দাসক আটক কৰাৰ পিছতে এই কাণ্ডত এক টুইষ্ট আহিছে । কিয়নো অনলাইন ট্ৰেডিং অপৰাধৰ অভিযুক্ত হিচাপে আটক কৰা স্বপ্ননীলৰ সমৰ্থনত এইবাৰ ওলাই আহিছে অৰ্ধ শতাধিক লোক । তেওঁলোকৰ পোনপটীয়া প্ৰশ্ন, স্বপ্ননীল দাসক কিয় প্ৰৱঞ্চক বুলিব ?

স্বপ্ননীল দাসৰ সমৰ্থনত ওলাই অহা এগৰাকী লোকৰ সংবাদ মাধ্যমলৈ প্ৰশ্ন, "তেওঁৰ নামত যে এটা কথা ওলাই আছে প্ৰৱঞ্চক, কিহৰ প্ৰৱঞ্চক তেওঁ ? তেখেতে প্ৰৱঞ্চনা কি কৰিলে ? আপোনালোকে জানেনে কিবা ? নজনাকে এইটো শব্দ কিয় ব্যৱহাৰ কৰি আছে ? তেখেতে এখন এডুকেশ্যনেল ইনষ্টিটিউট খুলিছে । ফিনেন্সিয়েল এৱাৰনেছ অসমত আনিছে, আমাক বুজাইছে । তেখেতেতো আমাক মাতি মাতি অনা নাই, আমি নিজেই গৈছো তেওঁৰ ওচৰলৈ । আমাৰ জিৰো নলেজ আছিল, এতিয়া আমি যিখিনি শিকিছো তেওঁৰ পৰাই শিকিছো ।"

তেওঁ লগতে কয়, "তেখেতে নিজে ট্ৰেডিং কৰে । ট্ৰেডিং এপ নহয় । তেখেতে ৫-৬ বছৰৰ পৰা ট্ৰেডিং কৰি আছে । তেখেত বহুত ছাকছেছফুল । সেই কাৰণে আমি তেখেতৰ পৰা শিকিবলৈ আহিছো ।"

স্বপ্ননীল দাসৰ সমৰ্থনত আন এগৰাকী ব্যক্তিয়ে কয়, "ট্ৰেডিঙত তেওঁ ছাকছেছ হৈছে । আমি যিখিনি মানুহে কেৱল ট্ৰেডিঙৰ নামটো শুনিছো কিন্তু ট্ৰেডিং কি নাজানিছিলো, সেইখিনি শিক্ষা তেওঁ আমাক দিছে । এজন ব্যক্তিয়ে জনা বিষয়টোত আন এজনক জ্ঞান দিয়াটো পাপ হ'ব নোৱাৰে । আৰক্ষীয়ে কিয় আটক কৰিলে সেইটো জানিবলৈয়ে আমি এতিয়া থানালৈ আহিছো । আৰক্ষীৰ কৰ্তব্য আৰক্ষীয়ে কৰিছে আৰু আমি আমাৰ কৰ্তব্য কৰিম ।"

আন এগৰাকী সমৰ্থকে কয়, "তেওঁ ক'ৰ্ছৰ নামত পইচা লৈছে সেইটো হয় । কিয়নো জ্ঞান আপুনি এনেয়ে নাপায় । তিনি মাহ তেওঁৰ লগত আছো, তেওঁ আমাক শিকাইছে আৰু আগবাঢ়িব পাৰিছো । ট্ৰেডিংটো মিছা নহয় । তেওঁ ট্ৰেডিং নহয়, ফিনেন্সিয়েল এৱাৰনেছহে দি আছে । ট্ৰেডিংটো হৈছে পাৰ্ট অব এৱাৰনেছ । মাৰ্কেটৰ নলেজ তেওঁ দি আছে । বাকী যিসকলে স্কেম কৰি আছে, যিসকলে বুজি নাপাই ক'ব যে সকলো একেই ।"

তেওঁ লগতে কয়, "আমি স্বপ্ননীল দাসৰ শিক্ষাৰ্থী । স্বপ্ননীল দাস এজন নিৰ্দোষী ব্যক্তি । মিছাতে আৰক্ষীয়ে আটক কৰি আনিছে । ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা নাই স্বপ্ননীলে । আমি তদন্তকাৰী আৰক্ষীক কথাবোৰ অৱগত কৰিম । স্বপ্ননীল দাসে ভুল কৰিছে যদি ব্যৱস্থা লওক, অন্যথা সময়খিনি নষ্ট কৰিব নালাগে ।"

উল্লেখ্য যে অতি কম বয়সতে ষ্টক মাৰ্কেটত বিনিয়োগ কৰাই কোটিপতি হোৱা বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পিছতে সোমবাৰে নিশা স্বপ্ননীল দাসক মহানগৰ আৰক্ষীয়ে আটক কৰে । তাৰ উপৰি তেওঁৰ দুখন বিলাসী বাহনো দিছপুৰ আৰক্ষীয়ে জব্দ কৰে ।

এতিয়া স্বপ্ননীল দাসৰ সমৰ্থনত ওলাই অহা এইসকল ব্যক্তিৰ বক্তব্যৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে বা যদি তেওঁ আদালতলৈ যায় তেনেহ'লে আদালতৰ ৰায় কি হ'ব সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :অসমত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাক লৈ সষ্টম আৰক্ষী : গুৱাহাটীত আটক স্বপ্ননীল দাস - SAPNANIL DAS DETAINED
লগতে পঢ়ক :অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.