ETV Bharat / state

চৰাইদেউৰ লাকুৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, শিশুসহ আক্ৰান্ত দুই - Japanese encephalitis - JAPANESE ENCEPHALITIS

JE outbreak :চৰাইদেউ জিলাৰ লাকুৱাৰ চাৰিঙীয়া কোঁৱৰ গাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগত কেইবাগৰাকী আক্ৰান্ত হোৱাত অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ । স্বাস্থ্য বিভাগে আঁঠুৱা ঔষধীকৰণ আৰু ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে যদিও শংকিত হৈছে ৰাইজ ।

JE outbreak in charaideo
লাকুৱাৰ চাৰিঙীয়া কোঁৱৰ গাঁৱত জাপানীজ এনকেফেলাইটিছ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 1:55 PM IST

মৰাণ, ১৭ জুন: উজনি অসমত বিশেষকৈ ডিব্ৰুগড় জিলাত কলেৰা আৰু ডায়েৰিয়াই ভয়ংকৰ ৰূপ লোৱাৰ সময়তেই এইবাৰ চৰাইদেউ জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ । জিলাখনৰ লাকুৱাৰ চাৰিঙীয়া কোঁৱৰ গাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।

লাকুৱাৰ চাৰিঙীয়া কোঁৱৰ গাঁৱত জাপানীজ এনকেফেলাইটিছ (ETV BHARAT ASSAM)

এই গাঁওখনৰ একেটা পৰিয়ালৰ এটি শিশু আৰু এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । লাকুৱাৰ চাৰিঙীয়া কোঁৱৰ গাঁৱৰ এগৰাকী মহিলা তীব্ৰ জ্বৰত আক্ৰান্ত হোৱাত মহিলাগৰাকীক পৰিয়ালৰ লোকে যোৱা ৭ জুনত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় ৷

তাৰ পাচত চিকিৎসকে তেওঁক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে । আক্ৰান্ত মহিলাগৰাকী সংকটজনক অৱস্থাত বৰ্তমানেও ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ইফালে, মহিলাগৰাকীৰ পৰিয়ালৰ এটি শিশুও জ্বৰত আক্ৰান্ত হোৱাৰ পাচতে শিশুটো জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে চিকিৎসকে । বৰ্তমান শিশুটো ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয় চিকিৎসাধীন হৈ আছে ।

লগতে সেই একেটা পৰিয়াল আন এটা শিশু কালি জ্বৰত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি‌ কৰা হৈছে যদি শিশুটো জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত হোৱা‌ নাই । জানিব পৰা অনুসৰি, ইতিমধ্যে সেই অঞ্চলটোৰ বহুকেইজন লোক জ্বৰত আক্ৰান্ত হৈছে ।

এই গাঁওখনৰ শিশুকে ধৰি কেইবাগৰাকীও লোক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ নিশ্চিত হোৱাৰ পাছতে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে আঁঠুৱা ঔষধীকৰণ আৰু ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে । অঞ্চলটোত ৰাইজে গাহৰি পালন কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰি আহিছে । প্ৰতিটো পৰিয়ালে গাহৰি পালন কৰে । সেয়েহে গাহৰিৰ পৰা এই ভয়ংকৰ ৰোগ সংক্ৰমণ হ'ব পাৰে বুলি সন্দেহ কৰিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক:Japanese Encephalitis: জাপানীজ এনকেফেলাইটিছত ৰাজ্যত 6 বছৰত মৃত্যু 476 জনৰ

Japanese encephalitis: জাপানীজ এনকেফেলাইটিছৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.