ETV Bharat / state

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ পালেহি চুমী-বিশালসহ আঠ অভিযুক্ত - ONLINE TRADING SCAM CBI PROBE

চি বি আইৰ দলে ডিব্ৰুগড়ৰ পৰা পোনে পোনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ আনিলে ট্ৰেডিং কেলেংকাৰীৰ আঠ অভিযুক্তক ।

Online Trading Scam
ট্ৰেডিং কেলেংকাৰীৰ আঠ অভিযুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 10:59 PM IST

গুৱাহাটী : ডিব্ৰুগড়ৰ বিশেষ আদালতৰ পৰা অনুমতি লাভ কৰাৰ পাছতে চি বি আইৰ দলে শুকুৰবাৰে নিশা বিশাল ফুকন, চুমী, তাৰ্কিক, অম্লান, ৰঞ্জিত কাকতিক নিজৰ জিম্মাত লৈ আনিলে গুৱাহাটীলৈ । অৱশেষত চি বি আইৰ দলে ডিব্ৰুগড়ৰ পৰা পোনে পোনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ আনিলে ট্ৰেডিং কেলেংকাৰীৰ আঠ অভিযুক্তক ।

এই আঠ অভিযুক্ত ক্ৰমে চুমী বৰা, তাৰ্কিক বৰা, বিশাল ফুকন, ৰঞ্জিত কাকতি, অম্লান বৰা, অভিজিৎ চন্দ, শোভনজ্যোতি কুৰ্মী আৰু চন্দন নাথ । আটাইকেইজনক নিশাটো কেন্দ্ৰীয় কাৰাগাৰতেই ৰখা হ'ব । কাইলৈৰ পৰা চি বি আয়ে জেৰা চলাব ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইজন অভিযুক্তক । অহা 30 অক্টোবৰত চি বি আইৰ বিশেষ আদালতত বিশাল, চুমী, তাৰ্কিকক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে ।

ট্ৰেডিং কেলেংকাৰীৰ আঠ অভিযুক্ত (ETV Bharat Assam)

উল্লেখ্য যে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ ইতিমধ্যে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে চি বি আয়ে । যোৱা ১৮ অক্টোবৰৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছিল চি বি আইৰ দলে । ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ট্ৰেডিং সম্পৰ্কীয় দুই গোচৰৰ তদন্তৰ বাবে চি বি আয়ে ডিব্ৰুগড়ৰ বিশেষ আদালতত আবেদন কৰা পাছতে তদন্তৰ বাবে অনুমতি লাভ কৰে ।

ইয়াৰ পাছতে শুকুৰবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰাক নিজৰ জিম্মাত ল'লে চি বি আইৰ দলে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সকলো যাৱতীয় কাম সম্পূৰ্ণ কৰি তাত বন্দী হৈ থকা বিশাল ফুকন, চুমী আৰু তাৰ্কিক বৰাসহ ৮ জনক চি বি আইৰ দলে তদন্তৰ বাবে এখন ট্ৰেভেলাৰত গুৱাহাটীলৈ আনে ।

লগতে পঢ়ক:চুমী, বিশাল, তাৰ্কিক, ৰঞ্জিতহঁতক জেৰা চলাবলৈ সাজু চিবিআই

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল বিশাল-চুমী-তাৰ্কিক, পিছে নতুন ঠিকনা কি হ’ব?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.