ডিব্ৰুগড় : অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাই ইতিমধ্যে ৰাজ্য জোঁকাৰি গৈছে । ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বহুকেইজনক অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনা বন্ধ কৰাৰ লক্ষ্যৰে ৰাজ্যত এই ঘটনাক লৈ ৰুজু হোৱা সকলো গোচৰ ইতিমধ্যে চি বি আইলৈ হস্তান্তৰ কৰিছে ৰাজ্য চৰকাৰে ।
ডিব্ৰুগড় সদৰ থানাত ৰুজু হৈ থকা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ দুটাকৈ গোচৰত তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াইছে চি বি আয়ে । যোৱা ১৮ আক্টোবৰৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছে চি বি আইৰ দলে । ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিৰ ট্ৰেডিং সম্পৰ্কীয় দুই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চি বি আইৰ দলে ।
![Online Trading Scam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-10-2024/22741838_b2_aspera.png)
অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ ডিব্ৰুগড়ত পঞ্জীয়ন হৈ থকা দুটা গোচৰৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ চি বি আইৰ দলে ইতিমধ্যে কেইবাগৰাকীও বিনিয়োগকাৰী-ভুক্তভোগীক সোধা-পোছা কৰিছে ডিব্ৰুগড় সদৰ থানাত । কিয়নো ডিব্ৰুগড় সদৰ থানাত আৰক্ষীয়ে নিজাকৈ দুটা গোচৰ ৰুজু কৰি বিশাল ফুকন, অভিনেত্ৰী চুমী বৰা, চুমী বৰাৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা আৰু তাৰ্কিক ভাতৃ অম্লান বৰাক জে'ললৈ প্ৰেৰণ কৰিছে ।
ইয়াৰ সমান্তৰালভাৱে Trading FX নামৰ কোম্পানীটোৰ মূল মাষ্টৰমাইণ্ড ৰঞ্জিত কাকতি নামৰ আন এজন প্ৰৱঞ্চকক আৰক্ষীয়ে নিজা গোচৰত আটক কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । এই দুটা গোচৰৰ তদন্তৰ দায়িত্ব চি বি আয়ে লাভ কৰাৰ পাচতে ডিব্ৰুগড় কাৰাগাৰত থকা অভিযুক্তসকলক নিজৰ জিম্মাত বিচাৰি ডিব্ৰুগড়ৰ বিশেষ আদালতত চি বি আয়ে আবেদন দাখিল কৰে ।
![Online Trading Scam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-10-2024/22741838_b3_aspera.png)
ডিব্ৰুগড়ৰ বিশেষ ন্যায়াধীশ আদালতৰ পৰা অনুমতি চি বি আইৰ
ডিব্ৰুগড়ৰ বিশেষ আদালতৰ পৰা অনুমতি লাভ কৰাৰ পাচতে বিশাল ফুকন, চুমী, তাৰ্কিক, অম্লান, ৰঞ্জিত কাকতিক নিজৰ জিম্মাত লৈ ডিব্ৰুগড়ৰ কাৰাগাৰত জেৰা চলাব নে আন ঠাইত জেৰা চলাই তাৰ অৱশ্যে নিশ্চিত তথ্য লাভ কৰা নাই । কিন্তু চৰ্চা চলিছে যে বিশাল ফুকন আৰু ৰঞ্জিত কাকতিৰ গোচৰত ডিব্ৰুগড় কাৰাগাৰত থকাসকলক গুৱাহাটীলৈ নিয়া হ’ব । অৱশ্যে ডিব্ৰুগড় আৰক্ষী বা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই ।
কিন্তু এটা কথা নিশ্চিত যে অনলাইন ট্ৰেডিং কৰি কোটি টকাৰ গৰাকী হোৱা বিশাল ফুকন, চুমী, তাৰ্কিক, ৰঞ্জিত কাকতি এইবাৰ চি বি আইৰ জেৰাৰ সন্মুখীন হ'ব ।
![Online Trading Scam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-10-2024/22741838_b1_aspera.png)
কোন এই বিশাল ফুকন আৰু ৰঞ্জিত কাকতি
বিশাল ফুকন আৰু ৰঞ্জিত কাকতিৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাচতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল দুয়োজনকে । যোৱা ২ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল । আনহাতে, ৩ ছেপ্টেম্বৰত Trading FX নামৰ অনলাইন মানী ট্ৰেডিঙৰ অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিক ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে ।
দুয়োজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ ৰুজু কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act-ৰ অধীনত বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।
![Online Trading Scam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-10-2024/22741838_b4_aspera.png)
ইয়াৰ পাচতে বিশাল ফুকনৰ সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক আৰু অম্লান বৰাক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে বিশাল ফুকনে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা কৰি সংগ্ৰহ কৰা সম্পত্তি জব্দ কৰিছে । চি বি আয়ে ডিব্ৰুগড় আৰক্ষীৰ পৰা এইসমূহ তথ্য সংগ্ৰহ কৰিছে ।