মৰাণ, 16 জুন : পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে পৰিবহণ বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এতিয়াও দৈনিক ৰাজ্যত সংঘটিত হৈ আহিছে সৰু-বৰ বিভিন্ন দুৰ্ঘটনা ৷ প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ইয়াৰ মাজতে দেওবাৰে বিয়লি ডিব্ৰুগড়ৰ লাহোৱালৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন লোকে ৷
প্ৰাপ্ত খবৰ অনুসৰি AS 23 M 6867 নম্বৰৰ মটৰ চাইকেল আৰু AS 06 AC 5404 নম্বৰৰ এখন টেম্প’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷ সংঘৰ্ষৰ ফলত বাইক আৰোহী দুজনৰ ভিতৰত এজন থিতাতে নিহত হয় ৷
আনজনক গুৰুতৰভাৱে আহত অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ আনহাতে মৃত ব্যক্তিজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই ৷
লগতে পঢ়ক : দেৰগাঁও ভয়ংকৰ পথ দুৰ্ঘটনাৰ চাৰ্জশ্বীট দাখিল - Golaghat Tragic Accident
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, লাহোৱালৰ পৰা তিনিচুকীয়ালৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো অতি জৰাজীৰ্ণ হোৱাৰ লগতে এজাক বৰষুণতে পানী উপচি পৰে ৷ ফলত প্ৰায়ে ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ পাছত আন এজনে প্ৰাণ হেৰুৱাবলগা হৈছে বুলি অভিযোগ কৰে ৰাইজে ৷
উল্লেখ্য যে, বাট-পথ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত, বিভিন্ন সময়ত সংঘটিত হৈ আহিছে সৰু-বৰ দুৰ্ঘটনা ৷ এনেধৰণৰ দুৰ্ঘটনাত প্ৰাণো হেৰুৱাইছে বহু নিৰীহ লোকে ৷ চৰকাৰ তথা বিভাগৰ গাফিলতিৰ বাবে মেৰামতি নোহোৱা এই জৰাজীৰ্ণ পথৰ বাবেই মৃত্যু হোৱাৰ লগতে বহুলোক চিৰজীৱনলৈ ঘূণীয়া হৈ পৰে ৷
লগতে পঢ়ক : কাহিলীপাৰাত দুৰ্বৃত্তৰ আক্ৰমণত আহত আছু নেতা - AASU leader attacked