ETV Bharat / state

উপযুক্ত খোড়াকী নাই ! সৰুপথাৰত নিৰ্বাচনত নিয়োজিত বাহনৰ কৰ্মচাৰীৰ ক্ষোভ - LS Polls 2024 - LS POLLS 2024

Heated situation in Sarupathar: নিৰ্বাচনৰ বাবে ভাড়ালৈ অনা বাহনৰ কৰ্মচাৰীক উপযুক্ত মাননি প্ৰদান নকৰাৰ অভিযোগত সৰুপথাৰত উত্তপ্ত পৰিস্থিতি । ভোকে-পিয়ালৈ আধাৰাতিলৈকে পৰ দিে বাহনৰ চালক-হেণ্ডিমেনে ।

Heated situation in Sarupathar
LS Polls 2024
author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 1:22 PM IST

সৰুপথাৰত নিৰ্বাচনত নিয়োজিত বাহনৰ কৰ্মচাৰীৰ ক্ষোভ

সৰুপথাৰ ১৮ এপ্ৰিল: অহা ১৯ এপ্ৰিল শুকুৰবাৰে দেশৰ আন ৰাজ্যৰ লগতে অসমৰো ৫ টা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰিছে । নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ যাতায়াতৰ বাবে ভাড়া কৰা হৈছে বহু বাহন । কিন্তু তাৰ মাজতেই সৰুপথাৰত বুধবাৰে নিশা সৃষ্টি হয় উত্তেজনাৰ । নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ অনা বাহনৰ চালক-হেণ্ডিমেনে এই উত্তেজনাৰ সৃষ্টি কৰে ।

নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ অনা উইংগাৰ বাহনৰ চালক আৰু হেণ্ডিমেনে প্ৰয়োজনীয় ধন (খোড়াকী) নোপোৱাৰ অভিযোগত নিশা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ উল্লেখযোগ্য যে, কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰলৈ প'লিং, প্ৰিজাইডিং বিষয়াসকলৰ যাতায়তৰ বাবে ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ Transportation Cell-এ বহু সৰু গাড়ী ভাড়ালৈ আনিছিল ৷

কিন্তু লক্ষণীয়ভাৱে উইংগাৰ গাড়ীসমূহৰ হেণ্ডিমেনসকলক খোড়াকী প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে চালকৰ লগতে হেণ্ডিমেনসকলো ৷ নিশা এপৰলৈকে ভোকে-পিয়াহে থাকিবলগীয়া হয় হেণ্ডিমেনসকল ৷

উল্লেখযোগ্য যে, গোলাঘাটত তিনিটা দিনৰ বাবে উইংগাৰসমূহৰ চালক আৰু হেণ্ডিমেনৰ বাবদ ২৮০০ টকা পৰিশোধ কৰাৰ বিপৰীতে একেখন জিলাৰে সৰুপথাৰত কেৱলমাত্ৰ চালকৰ বাবে ১৩৫০ টকাহে পৰিশোধ কৰাত ক্ষোভিত হৈ পৰে হেণ্ডিমেনসকল ৷ ইফালে, এই সন্দৰ্ভত বাতৰি কৰিবলৈ যোৱা সংবাদমাধ্যমৰ লোককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷

উল্লেখযোগ্য যে, কেৱল চালক-হেণ্ডিমেনৰ খোড়াকীয়েই নহয় বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ব্যৱহাৰ কৰা সৰু গাড়ীৰ একাংশ গৰাকীয়ে বৰ্তমানলৈকে প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ তুলিছে ৷

আনহাতে, হেণ্ডিমেনসকলে নিৰ্বাচনৰ তিনিটা দিনৰ প্ৰয়োজনীয় খোড়াকী নাপালে গাড়ী প্ৰশাসনৰ হাততে চমজাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ধনশিৰি জিলা নিৰ্বাচনী বিষয়া আৰু উইংগাৰ সন্থাৰ হস্তক্ষেপত বিষয়টো সমাধা হয় । কিন্তু একেখন জিলাৰে দুটা স্থানত খোড়াকী হিচাপে প্ৰদান কৰা ধনৰ পৰিমাণ পৃথক পৃথক হোৱাত উইংগাৰৰ লগত জড়িত লোকসকল ক্ষোভিত হৈ পৰিছে ৷

লগতে পঢ়ক: বদৰুদ্দিন আজমলৰ মনোনয়ন দাখিল, জিলা আয়ুক্তৰ বিৰুদ্ধে ক্ষোভ শুকুৰৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.