ETV Bharat / state

দায়িত্বজ্ঞানহীন অইল ! পুনৰ তৈলক্ষেত্ৰৰ খননত নিয়োজিত ‘জন এনাৰ্জী’ - OIL rig in Naharkatia

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 12:58 PM IST

OIL rig in Naharkatia : নাহৰকটীয়াৰ বালিমৰা 15 নং তৈলক্ষেত্ৰত খনন চলি থকাৰ মাজতে খহি পৰিল অইলৰ ৰিগ ৷ অঞ্চলজুৰি আতংকময় পৰিৱেশ ৷ বাঘজানকাণ্ড সংঘটিত কৰা ‘জন এনাৰ্জী’ প্ৰাইভেট লিমিটেডৰ খনন কামত এই ঘটনা সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে দল-সংগঠন ৷

oil rig collapsed during the drilling in Naharkatia balimora
নাহৰকটীয়াৰ বালিমৰা 15 নং তৈলক্ষেত্ৰ (Etv bharat assam)

মৰাণ, 10 মে’ : পুনৰ বাঘজানকাণ্ডৰ আশংকা ! নাহৰকটীয়াৰ বালিমৰা 15 নং তৈলক্ষেত্ৰত খনন চলি থকাৰ মাজতে অইলৰ ৰিগ খহি পৰাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত । জানিব পৰা অনুসৰি, বাঘজান ঘটনাৰ পাচত নিষিদ্ধ হোৱা ‘জন এনাৰ্জী’ এই কাৰ্যত নিয়োজিত হৈ আছে ৷ নিষিদ্ধ ‘জন এনাৰ্জী’ক পুনৰ অইল ইণ্ডিয়া লিমিটেডে দায়িত্ব অৰ্পণ কৰাত নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় লোক ৷

জানিব পৰা অনুসৰি, বৃহস্পতিবাৰে জন এনাৰ্জী প্ৰাইভেট লিমিটেডৰ অধীনত কাম চলি থকা 30 নম্বৰ ড্ৰিলিং ৰিগটো খনন ক্ষেত্ৰতে ভাগি পৰে । 15 নং তৈলক্ষেত্ৰত খনন চলি থকা ৰিগটোৰ খনন সমাপন হোৱাত ৰিগ ডাউন প্ৰক্ৰিয়া চলি থকাৰ সময়তে ৰিগটো ভাগি পৰে । বহু শক্তিশালী ৰিগটোৰ কাষতে দুটাকৈ উৎপাদন চলি থকা তৈলখাদ আছে । উৎপাদন চলি থকা খাদৰ ওপৰত ৰিগটো বাগৰি পৰা হ'লে বাঘজানৰ দৰে অতি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন বুলি স্থানীয় লোকসকলে আশংকা প্ৰকাশ কৰিছে ।

ৰিগটো ভাগি পৰাৰ পাচতে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ । অভিযোগ অনুসৰি, এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় ৰাইজক ভয় ভাবুকি দি উক্ত স্থানৰ পৰা অইল ইণ্ডিয়া কৰ্তৃপক্ষই আঁতৰাই পঠিয়ায় ।

তথ্য অনুসৰি, খননৰ নিবিদা লাভ কৰাৰ পাচত ব্যক্তিগত প্ৰতিষ্ঠানটোৰ ৰিগৰ ফিটনেছ নিৰীক্ষণ কৰা হয় । তেনেক্ষেত্ৰত ড্ৰিলিং ৰিগ এটাত কৰ্মচাৰীয়ে কাম কৰি থকা অৱস্থাতেই ভাঙি পৰা ঘটনাই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

বিতৰ্কিত জন এনাৰ্জী প্ৰাইভেট লিমিটেড নামৰ ঠিকা প্ৰতিষ্ঠানটোৰ 30 নম্বৰ ড্ৰিলিং ৰিগটোত সংঘটিত হোৱা এনে ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই । শুকুৰবাৰৰ পুৱাই বালিমৰাৰ ৰিগটোত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দল উপস্থিত হৈ এনে ঘটনা‌ সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে কয়, "ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেডক বাৰম্বাৰ দাবী জনাই আহিছে যে এই ‘জন এনাৰ্জী’ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোক কোনো ধৰণৰ কাম কাজ কৰিব দিব নালাগে । বাঘজানত হোৱা ভয়ংকৰ ঘটনাত জড়িত থকা এইটো জন এনাৰ্জী প্ৰাইভেট লিমিটেডক অইলে কেনেকৈ পুনৰ ঠিকা প্ৰদান কৰিলে সেইটো এটা ৰহস্যৰ বিষয় ।’’

‘‘অইল ইণ্ডিয়া লিমিটেডৰ ৰাইজৰ প্ৰতি আৰু ৰাইজৰ সম্পত্তিৰ সুৰক্ষা ক্ষেত্ৰত কোনো ধৰণৰ সতৰ্কতা বা দায়িত্ববোধ নাই । অইল ইণ্ডিয়াই জন এনাৰ্জী প্ৰাইভেট লিমিটেডক অসমত সম্পূৰ্ণভাৱে কাম কৰাত নিষিদ্ধ কৰিব লাগে অন্যথা অনাগত দিনত ছাত্ৰ সন্থাই অইল অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব ।" নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে কয় ৷

লগতে পঢ়ক : কৃষিপথাৰত এয়া কিহৰ বুৰবুৰণি; চিন্তিত স্থানীয় লোক - Threat in crop field

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.