ETV Bharat / state

কিয় ৰাজ্যত বিলাতী সুৰাৰ বিপণীতকৈ বৃদ্ধি হৈছে বাৰৰ সংখ্যা ?

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 1:57 PM IST

liquor bars in Assam : ৰাজ্যত বিলাতী সুৰাৰ বিপণীতকৈ বৃদ্ধি হৈছে বাৰৰ সংখ্যা ৷ বিলাতী সুৰাৰ বিপণীতকৈ বাৰৰ অনুজ্ঞা পত্র প্ৰদানত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে । এই তথ্য উন্মোচিত হৈছে বিধানসভাৰ মজিয়াত ৷ বিতং তথ্যৰ বাবে পঢ়ক আমাৰ এই প্ৰতিবেদন -

Number of liquor bars increasing in Assam
কিয় ৰাজ্যত বিলাতী সুৰাৰ বিপণীতকৈ বৃদ্ধি হৈছে বাৰৰ সংখ্যা ?

গুৱাহাটী, 3 মাৰ্চ: বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ ঋণৰ ওপৰত ঋণ লোৱা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বাবে ৰাজহ সংগ্ৰহৰ অন্যতম এটা প্ৰধান উৎস হৈছে আবকাৰী ৰাজহ অৰ্থাৎ সুৰা । যাৰ বাবে চৰকাৰখনে সুৰাৰ প্ৰচলন বৃদ্ধিত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ।

লক্ষণীয় বিষয় যে চৰকাৰে পোনপটীয়াকৈ বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞা পত্র প্ৰদানৰ ধাৰা সীমিত ৰাখি বাৰৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে আবকাৰী ৰাজহ বৃদ্ধি কৰাৰ কৌশল গ্ৰহণ কৰিছে । ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বিগত 8 বছৰত 16 খন বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ দিয়াটো দেখুওৱা হৈছে যদিও সেই একেই সময়ত চৰকাৰে 685 খন বাৰৰ অনুজ্ঞা পত্ৰ দিছে ।

সাধাৰণতে সুৰাৰ বিপণীৰ হিচাপ বেছিকৈ লোৱা হয় যদিও বাৰৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ নাহে । যাৰ সুবিধা গ্ৰহণ কৰি চৰকাৰে সুৰাৰ বিপণীৰ বিপৰীতে বাৰৰ সংখ্যা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে আৰু পৰিণাম স্বৰূপে ৰাজ্যত 8 বছৰত গঢ় লৈ উঠিছে 685 খনকৈ বাৰ । এই তথ্য উন্মোচিত হৈছে বিধানসভাৰ মজিয়াত ।

সদ্যসমাপ্ত অসম বিধানসভাৰ বাজেট অধিৱেশনত বিধায়ক অখিল গগৈৰ লিখিত প্রশ্নৰ উত্তৰত এই তথ্য পোহৰলৈ আহিছে । লক্ষণীয় বিষয় যে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ পাঁচবছৰীয়া কার্যকালত যিমান সংখ্যকবাৰৰ অনুজ্ঞা পত্ৰ দিয়া হৈছিল প্ৰায় সিমান সংখ্যকবাৰৰ অনুজ্ঞা পত্র ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দুটা বছৰ পাৰ হোৱা কাৰ্যকালতে প্ৰদান কৰা হৈছে । এক কথাত ক'বলৈ গ'লে আবকাৰী ৰাজহেই হৈছে বিজেপি চৰকাৰখনৰ মূল চালিকা শক্তি ।

আবকাৰী বিভাগৰ তথ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষটোতেই ৰাজ্যখনত 100 খন বাৰৰ অনুজ্ঞা পত্র দিয়া হৈছে । সেইদৰে বিগত 8 বছৰৰ ভিতৰত 2022-23 বৰ্ষত সর্বাধিক সংখ্যক বাৰৰ অনুজ্ঞা পত্ৰ দি ৰাজ্য চৰকাৰে ইতিহাস ৰচিছে । 2022-23 বৰ্ষত সৰ্বমুঠ 191 খন বাৰৰ অনুজ্ঞা পত্ৰ ৰাজ্য চৰকাৰে প্ৰদান কৰিছিল ।

বিপৰীতে বিগত 8 বছৰৰ ভিতৰত 2021-22 বৰ্ষত পোনপটীয়াকৈ 16 খন বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ দিছে । 2021 চনত ৰাজ্যিক কেবিনেটে 20 খন বিলাতী সুৰাৰ বিপণীৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে যদিও তাৰ ভিতৰত 16 খনক অনুজ্ঞা পত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে, সুৰাৰ বিপণীৰ বাবে চৰকাৰে অনুজ্ঞা পত্র দিয়াক লৈ বিভিন্ন স্তৰত হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিপণীৰ বিপৰীতে বাৰৰ অনুজ্ঞা পত্র দিয়াৰ কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে পোনপটীয়াকৈ বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ দিয়াটো সীমিত ৰাখে যদিও প্ৰকৃতাৰ্থত কিন্তু বিলাতী সুৰাৰ বিক্ৰী সীমিত ৰখা হোৱা নাই ।

কাৰ্যতঃ বাৰৰ অনুজ্ঞা পত্ৰ বৃদ্ধি কৰি বিলাতী সুৰাৰ প্ৰচলন নগৰৰ পৰা গাঁৱলৈ লৈ যোৱা হৈছে । অতি সহজলভ্য কৰি তোলা হৈছে সুৰা । ইফালে ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতেই অর্থাৎ 2022 চনত গাঁও অঞ্চলত অৱস্থিত 408 খন বাৰক বিলাতী সুৰাৰ বিপণীলৈ পৰিৱৰ্তন কৰা হ’ল । প্রথমেবাৰৰ অনুজ্ঞা পত্ৰ দি পৰৱৰ্তী সময়ত সেই বাৰকে বিপণীলৈ ৰূপান্তৰ কৰিলে । এনেকৈ সুৰাৰ বিক্ৰী বৃদ্ধি কৰি চৰকাৰে ৰাজহ বৃদ্ধিৰ সুযোগ উলিয়াইছে ।

বিগত 8 বছৰত বিলাতী সুৰাৰ বাৰ বা বিপণীৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ 641 খন দেশীয় সুৰাৰ দোকানো স্থাপন হ’ল । সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথমটো বছৰত দেশীয় সুৰাৰ দোকানৰ অনুজ্ঞা পত্ৰ দিয়া হোৱা নাছিল যদিও 2017-18 বৰ্ষৰ পৰা নিয়মীয়াকৈ দেশীয় সুৰাৰ দোকানৰ অনুজ্ঞা পত্ৰ দিয়া হয় ।

বিভাগীয় তথ্য অনুসৰি 2017-18 বৰ্ষত 190 খন, 2018-19 বৰ্ষত 124 খন, 2019-20 বৰ্ষত 52 খন, 2020-21 বৰ্ষত 72 খন, 2021-22 বৰ্ষত 63 খন, 2022-23 বৰ্ষত 83 খন আৰু 2023-24 বৰ্ষত চৰকাৰে 57 খন দেশীয় সুৰাৰ দোকানক অনুজ্ঞাপত্ৰ দিছে ।

এনেকৈ সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰি চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিত গুৰুত্ব দি আহিছে । যাৰ বাবে যিকোনো উৎসৱ-পাৰ্বনতে সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ৰাজ্যত আছে তিনি সহস্ৰাধিক সুৰাৰ দোকান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.