ETV Bharat / state

অগ্নিবীৰৰ হৈ যুঁজিব কংগ্ৰেছে, লখিমপুৰত জয় জোৱান কাৰ্যসূচী মুকলি এনএছইউআইৰ - Agniveer scheme

Congress Jay Jawan: লোকসভা নিৰ্বাচনৰ পূৰ্বে অগ্নিবীৰৰ হৈ যুঁজিবলৈ কংগ্ৰেছৰ যুৱ সংগঠন এনএছইউআইয়ে জয় জোৱান কাৰ্যসূচী আৰম্ভ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ বিৰোধিতা এনএছইউআইৰ । লখিমপুৰত এই কাৰ্যসূচী মুকলি ।

Congress Jay Jawan
লখিমপুৰত জয় জৱান কাৰ্যসূচী মুকলি এনএছইউআইৰ
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:07 PM IST

লখিমপুৰত জয় জৱান কাৰ্যসূচী মুকলি এনএছইউআইৰ

লখিমপুৰ,১৭ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছে বিশেষ অভিযান আৰম্ভ কৰিছে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলৰ যুৱ সংগঠন এন এছ ইউ আয়ে দেশজুৰি আৰম্ভ কৰা এই পদক্ষেপ অসমতো আৰম্ভ কৰা হৈছে । যাৰ অংশ হিচাপে ৰাজ্যৰ অগ্নিবীৰসকলৰ পক্ষত থাকি চৰকাৰৰ বিৰুদ্ধে যুঁজিব এন এছ ইউ আয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্রেছে অগ্নিবীৰক মূল বিষয়বস্তু হিচাপে ব্যবহাৰ কৰিব । নিৰ্বাচনী ইস্তাহাৰতো অন্যতম বিষয়বস্তু হিচাপে ইয়াক স্থান দিয়া হ'ব । ইয়াৰ অংশ হিচাপে এন এছ ইউ আয়ে দেশজুৰি জয় জোৱান নামৰ কাৰ্যসূচী মুকলি কৰিছে । লখিমপুৰত শনিবাৰে এন এছ ইউ আইৰ কৰ্মীসকলে এই কাৰ্যসূচী মুকলি কৰে ।

লখিমপুৰ জিলা কংগ্রেছ ভৱনত আনুষ্ঠানিকভাৱে 'জয় জোৱান' কাৰ্যসূচী মুকলি কৰি এন এছ ইউ আইৰ ৰাজ্যিক উপ-সভাপতি তানজিৎ হুছেইনে অগ্নিবীৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰে । তেওঁ কয় যে সেনাবাহিনীত লক্ষ্যাধিক পদ খালী হৈ থকাৰ পাছতো চৰকাৰে সেই পদ পূৰণ কৰা নাই । তাৰ পৰিৱৰ্তে চৰকাৰে কেৱল ৪ বছৰীয়া অগ্নিবীৰ আঁচনি সৃষ্টি কৰিলে ।

তেওঁ দাবী কৰা মতে এই ৪ বছৰীয়া কাৰ্যকালত অগ্নিবীৰসকলে কোনো অতিৰিক্ত সা-সুবিধা লাভ নকৰে । অৱসৰৰ পাছতো নাপায় কোনো সুবিধা । এনেদৰে অগ্নিবীৰ নিযুক্তিৰ নামত চৰকাৰে খেল খেলিছে বুলি তেওঁ অভিযোগ কৰে । 'জয় জোৱান' কাৰ্যসূচীৰ জৰিয়তে দেশৰ সকলো কৰ্মৰত অথবা কৰ্মৰ পৰা বিৰত অগ্নিবীৰৰ সৈতে যোগাযোগ স্থাপনৰ প্ৰয়াস কৰা হ'ব বুলি এন এছ ইউ আইৰ নেতাগৰাকীয়ে দাবী কৰে । হুছেইনৰ মতে অগ্নিবীৰৰ হৈ কংগ্রেছে মাত মাতিব ।

তেওঁ উল্লেখ কৰা মতে 'জয় জোৱান' কাৰ্যসূচীৰ পোষ্টাৰত ফোন নম্বৰ উল্লেখ আছে । ভুক্তভোগীসকলে এই নম্বৰত যোগাযোগ কৰি কংগ্রেছৰ সৈতে তেওঁলোকৰ ন্যায়ৰ যুঁজখনৰ অংশীদাৰ হ'ব পাৰিব । অগ্নিবীৰ নিযুক্তিৰ প্ৰক্ৰিয়া কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও তেওঁ দাবী কৰে । 'জয় জোৱান' কাৰ্যসূচী মুকলি অনুষ্ঠানটোত এন এছ ইউ আইৰ কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক :কোনবোৰ বিষয়ত বাতৰি হ’ব লাগিছিল, হৈ আছে কি ? ক’লে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.