ETV Bharat / state

জোৰা লগোৱা অভিযানৰ পিচতে কংগ্ৰেছ আকৌ ফুটিল: ভৱেশ কলিতা - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

BJP Joining program in Tezpur : কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অঞ্জন বৰাৰ নেতৃত্বত তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

BJP Joining program in Tezpur
জোৰা লগোৱা অভিযানৰ পিচতে কংগ্ৰেছ আকৌ ফুটিল- ভৱেশ কলিতা
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 8:00 PM IST

জোৰা লগোৱা অভিযানৰ পিচতে কংগ্ৰেছ আকৌ ফুটিল- ভৱেশ কলিতা

তেজপুৰ, ২১ মাৰ্চ : ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অঞ্জন বৰাৰ নেতৃত্বত তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত তেজপুৰৰ চানমাৰীৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ বিহু পথাৰত আয়োজন কৰা হৈছিল এক নিৰ্বাচনী প্ৰচাৰ সভা । এই সভাতে দলত্যাগ কৰি কংগ্ৰেছৰ নেতাসহ কৰ্মকৰ্তাসকলে গেৰুৱা বসন পিন্ধে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই সভাত ভৱেশ কলিতাই ভাষণ প্ৰসংগত বিজেপিক ফুটা বেলুন আৰু এই ফুটা বেলুনটো জোৰা লগাবলৈ দেশজুৰি যি জোৰা লগোৱা অভিযান আৰম্ভ কৰিছিল সেই অভিযানো পুনৰ ফুটি থাকিল বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে ৷ লগতে তেওঁ কয় যে, কংগ্ৰেছৰ এতিয়া অস্তিত্ব ক'তোৱেই নাই ৷

কলিতাই কয় যে, কংগ্ৰেছ দলটোৰ মাজত সাংগঠনিক তৎপৰতা নোহোৱাৰ বাবেই এতিয়া গুৰুত্বহীন হ’ল ৷ এই কথা উপলব্ধি কৰিয়েই এতিয়া সকলোৱে এজন এজনকৈ দলত্যাগ কৰিবলৈ বাধ্য হৈছে ৷

আনহাতে সাংবাদিকৰ আগত ৰাজ্যিক সভাপতিগৰাকীয়ে আজি প্ৰতিকুল বতৰৰ কথা কৈ কয় যে, বৰষুণত মাটি বোকা হয় আৰু বোকাতেই সকলোতে পদুম ফুল ফুলে ৷ নগাঁৱতো পদুম ফুল ফুলাটো নিশ্চিত ৷ এইবাৰ ৰাজ্যখনৰ ১৩ খন আসনেই বিজেপি দলে লাভ কৰিব ৷

এই যোগদান কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, কেন্দ্ৰীয় নেতা ঋতুবৰণ শৰ্মা, তুলসী বৰঠাকুৰ, দিগন্ত ঘাটোৱাৰ, শোণিতপুৰ জিলাৰ সভাপতি দীপামণি শইকীয়াসহ বহু লোক নেতা কৰ্মী উপস্থিত আছিল ৷

উল্লেখ্য যে, অঞ্জন বৰা বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ ৬২ হাজাৰ ভোট লাভ কৰি পৰাজয় হৈছিল ৷

লগতে পঢ়ক: বৰপেটা সমষ্টিটো কংগ্ৰেছে চি পি আই এমক এৰি দিয়াক লৈ দিল্লীত অব্যাহত আছে চৰ্চা- জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.