ETV Bharat / state

আলফাৰ শান্তি চুক্তিত কি আছে ৰাজহুৱা কৰিবলৈ দাবী নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ - NIRYATAN BIRODHI AKYA MANCHA ASSAM

ULFA Peace Accord : আলফাৰ শান্তি চুক্তি সন্দৰ্ভত পুনৰ চৰ্চা । এইবাৰ উক্ত শান্তি চুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 2:59 PM IST

Nirjatan Birodhi Akya Mancha Press Meet
নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ (ETV BHARAT ASSAM)

তিনিচুকীয়া, ৮ জুলাই: সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাই ভাৰত চৰকাৰৰ লগত কৰা শান্তি চুক্তিৰ বিৰুদ্ধে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ ক্ষোভ । দেওবাৰে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে কৰ্দৈগুৰিৰ বিষ্ণুপুৰ শ্বহীদ বেদীৰ সমীপত এখন সংবাদ মেলৰ আয়োজন কৰি এই শান্তি চুক্তিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । উক্ত শান্তি চুক্তিত স্বাক্ষৰ কৰা অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ভাৰত চৰকাৰৰ লগত হোৱা শান্তি চুক্তিত কি কি আছে সেয়া অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ কেন্দ্ৰীয় সম্পাদক লক্ষীনাথ ফুকন আৰু বিত্ত সম্পাদক ৰহেন্দ্ৰ মৰাণে ।

নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে উক্ত চুক্তিত কাঠ, কয়লা, তেল ইত্যাদিৰ ৰয়েল্টীৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে নে নাই সেয়া স্পষ্ট কৰিবলৈ দাবী জনায় । ১০/১১ হাজাৰ আত্মসমৰ্পন কৰা লোকসকলক এৰাই কিয় শান্তি চুক্তি কৰা হ'ল বুলিও তেওঁ আলফাক প্ৰশ্ন কৰে । তেওঁ শ্বহীদ সকলক শান্তি চুক্তিৰ জৰিয়তে কিবা সন্মান প্ৰদানৰ ব্যৱস্থা হ'লনে ইত্যাদি বহু প্ৰশ্ন উত্থাপন কৰি এক প্ৰকাৰে অনুপ চেতিয়া-অৰবিন্দ ৰাজখোৱাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

চুক্তি অনুসৰি তিনিচুকীয়াত তিনিটা উদ্যোগ স্থাপনৰ‌ দাবী জনোৱাৰ লগতে অসমৰ ৰাইজক আন্ধাৰত ৰাখি কিয় শান্তি চুক্তি কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ কেন্দ্ৰীয় সম্পাদক লক্ষীনাথ ফুকন আৰু বিত্ত সম্পাদক ৰহেন্দ্ৰ মৰাণে । সংবাদমেলত শতাধিক নিৰ্যাতিত পৰিয়ালৰ সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক:অৰ্থনৈতিক বিপ্লৱ কৰি পিঠিত লাগি থকা ছালফা শব্দটো আঁতৰাব বিচাৰিছোঁ : জিতেন দত্ত - Ex ULFA militant

পুত্ৰৰ ফটো বুকুত সাৱটি কান্দি কান্দি প্ৰতিবাদত বহিল দীপাংকৰ গগৈৰ মাতৃ - ULFA I GRENADE ATTACK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.