ETV Bharat / state

পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা - NEW DELHI TO JORHAT DIRECT FLIGHT

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 2:07 PM IST

Gaurav Gogoi letter to Civil Aviation Minister : পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা ৷ অক্টোবৰ মাহৰ পৰা এই বিমানসেৱা আৰম্ভ হ’ব বুলি জনায় অসামৰিক পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুৱে ৷

New Delhi Jorhat Direct Flight Launching in October says Civil Aviation Minister Ram Mohan Naidu
চৰকাৰী পত্ৰ (ETV Bharat)

গুৱাহাটী, 27 জুলাই : বিমান যাত্ৰীৰ বাবে সুখবৰ ৷ বিশেষকৈ ৰাজ্যখনৰ যোৰহাট আৰু ইয়াৰ নিকটৱৰ্তী জিলাবাসীৰ বাবে ই এটা ভাল খবৰ ৷ যোৰহাট আৰু দিল্লীৰ মাজত পুনৰ আৰম্ভ হ’ব বিমান সেৱা । স্মৰ্তব্য যে, যোৰহাট আৰু দিল্লীৰ মাজত বৰ্তমান পৰ্যন্ত কোনো পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা নাছিল ।

উল্লেখযোগ্য যে, এই বিষয়টোক লৈ যোৰহাটৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বিগত 1 জুলাইত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰীজনক সাক্ষাতকালত সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীক শীঘ্ৰে যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল ৷

New Delhi Jorhat Direct Flight Launching in October says Civil Aviation Minister Ram Mohan Naidu
চৰকাৰী পত্ৰ (ETV Bharat Assam)

সাংসদ গৌৰৱ গগৈয়ে যোৰহাট -দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ হ’লে ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজৰ দিল্লী ভ্ৰমণৰ নামত অধিক সময় অপব্যয় নহ’ব বুলি লিখিতভাৱে জনাইছিল । সমান্তৰালভাৱে ইয়াৰ ফলত বিমান টিকটৰ বাবেও অত্যাধিক ভাড়া দিবলগীয়া নহ’ব বুলি কয় গগৈয়ে । শিক্ষাৰ্থী, ৰোগী, ব্যৱসায়ী, পৰ্যটন উদ্যোগৰো যথেষ্ট সকাহ হ’ব । সেয়েহে মন্ত্ৰীগৰাকীক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছে সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদ গৌৰৱ গগৈৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই অসামৰিক পৰিবহন মন্ত্ৰী নাইডুৱে অহা অক্টোবৰ মাহৰ পৰা পুনৰ যোৰহাট-দিল্লীৰ মাজত Spice jet পোনপতীয়া বিমান সেৱা আৰম্ভ কৰা হ’ব বুলি পত্ৰযোগে আশ্বাস প্ৰদান কৰে । এই কথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে জনাইছে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শীঘ্ৰে মেৰামতি দাবী কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল ।

লগতে পঢ়ক: ধাৰাসাৰ বৰষুণৰ ফলত বিমান উৰণত বাধাৰ সন্মুখীন এয়াৰ ইণ্ডিয়া : ভাৰা ওভোতাই দিয়াৰ প্ৰতিশ্ৰুতি - HEAVY RAINS EFFECTED FLIGHT SERVICE

অৰুণাচললৈ বিমান সেৱা বৃদ্ধিৰ বাবে অসামৰিক বিমান পৰিবহণ বিভাগলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ - Arunachal CM Pema Khandu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.