ETV Bharat / state

নীপকোৱেও এৰিলে প্ৰকল্পৰ পানী : ৰেমলৰ মাজতে লখিমপুৰত আন এক বিভীষিকা - NEEPCO releases excess water

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 6:09 PM IST

Ranganadi dam impact in Lakhimpur: ৰেমলৰ মাজতে লখিমপুৰত নীপকোৱে পানী এৰি সৃষ্টি কৰিছে বিভীষিকাৰ ৷ মঙলবাৰে পুৱা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়া হয় ৷

Ranganadi dam impact in Lakhimpur
নীপকোৱে এৰিলে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী (ETV Bharat Assam)

লখিমপুৰ, 28 মে’: ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱে ৰাজ্যত সংহাৰ সৃষ্টিৰ সময়তে লখিমপুৰত সৃষ্টি হৈছে আন এক বিভীষিকাৰ ৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জিলাখনত চৰম বিপৰ্যয়ৰ আশংকা কৰা হৈছে ৷

উল্লেখ্য যে বংগোপসাগৰত উৎপত্তি হোৱা ঘুৰ্ণিবতাহ ৰেমালৰ প্ৰভাৱ অসমতো পৰিছে । ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাতো পৰিছে ৰেমলৰ প্ৰভাৱ । দেওবাৰৰ নিশাৰ পৰা ৰেমালৰ প্ৰভাৱত লখিমপুৰত বতাহ-বৰষুণ আৰম্ভ হয় । সোমবাৰৰ দুপৰীয়া বতাহ-বৰষুণৰ প্ৰভাৱ কিছু হ্ৰাস পাইছিল যদিও নিশাৰ পৰা পুনৰ প্ৰৱল ৰূপত জিলাখনত বৃষ্টিপাত হয় ।

বৰষুণৰ লগতে বতাহে জিলাখনৰ বিভিন্ন স্থানত ক্ষতিসাধন কৰাৰ খবৰ আহিছে ৷ বিশেষকৈ বতাহৰ প্ৰকোপত গছৰ প্ৰকাণ্ড প্ৰকাণ্ড ডাল ভাগি ক্ষতি কৰিছে । মঙলবাৰে আগবেলা এনেদৰে ডাল ভাগি পৰি থকাৰ ফলত বহু পথৰ যাতায়াত ব্যাহত হয় ৷ যাতায়াত ব্যাহত হোৱাকে ধৰি কেতবোৰ সৰু-সুৰা ক্ষতি হোৱাৰো খবৰ লাভ কৰা গৈছে ।

ৰেমলৰ প্ৰভাৱত জিলাখনত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি জিলাখনলৈ আন এক সংকট নামি আহিছে । জিলাখনৰ বাবে এই সংকট নমাই আনিছে উত্তৰ-পূৱ শক্তি নিগম, চমুকৈ নীপকোৱে ৷ নীপকোৱে অৰুণাচল প্ৰদেশৰ য়াজালিত থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে ।

মঙলবাৰে পুৱা নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হয় । প্ৰৱল বৃষ্টিপাতৰ ফলত প্ৰকল্পটোত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে অতিৰিক্ত জলৰাশি মোকলাই দিয়া হ’ব পাৰে বুলি নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনক সতৰ্ক কৰি দিয়ে । ইয়াৰ পিচতে নীপকোৱে প্ৰকল্পটোৰ এখন গেটৰ দুশ মিলিমিটাৰ খুলি দিয়ে ৷

পৰৱৰ্তী সময়ত ইয়াৰ পৰিমাণ ৮ শলৈ বৃদ্ধি কৰাৰ পিচত বিয়লি ১৫ শ মিলিমিটাৰলৈ বঢায় । ফলত ৰঙানদীৰ জলপৃষ্ঠ ক্ৰমে বাঢ়িবলৈ ধৰিছে । ইয়াকে লৈ নদীপৰীয়া ৰাইজ শংকিত হৈ পৰিছে ।

ৰেমালৰ প্ৰভাৱত হৈ থকা ধাৰাসাৰ বৰষুণ আৰু বতাহৰ উপৰি নীপকোৱে পানী এৰি দিয়াত জিলাখনলৈ অশনি সংকেত নামি আহিছে । ৰেমালৰ দৰে প্ৰাকৃতিক দুৰ্যোগে জিলাখনক জোকাৰি থকাৰ সময়তে নীপকোৱে প্ৰকল্পৰ পানী খুলি দিয়াত ৰাইজ শংকিত হৈ পৰিছে । ৰাইজে নীপকোক একেলগে বহুত বেছি পৰিমাণৰ পানী এৰাৰ বিপৰীতে কম কমকৈ এৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.