ETV Bharat / state

উন্নয়নৰ নামত কেতিয়ালৈ বনধ্বংসযজ্ঞ, গছ কটাৰ বিৰুদ্ধে গোচৰ ৰুজু - Deforestation in Assam

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 3:02 PM IST

Deforestation in Jorhat: নীৰ্তি বহিৰ্ভুতভাৱে শতায়ু গৰকা এজোপা গছ কটাক লৈ উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ তৰিলে প্ৰকৃতিপ্ৰেমী যুৱকে । শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে যোৰহাটৰ বন বিষয়া দুগৰাকীৰ বিৰুদ্ধে সেউজ ন্যায়ধীকৰণ আদালতত দ্বাৰস্থ হোৱাৰ ইংগিত ।

Nature-lover youth file case against cutting a tree that has crossed a hundred years in Jorhat
গছ কটাৰ বিৰুদ্ধে গোচৰ ৰুজু (ETV Bharat Assam)

যোৰহাট, ৭ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰাসৰণ তথা উন্নয়নৰ নামত এফালৰ পৰা কাটি পেলোৱা হৈছে বহু পুৰণি আৰু মূল্যবান গছ । সময়ে সময়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈ আহিছে যদিও লাভ কৰা নাই ইয়াৰ সুফল । পিচে এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰাসৰণ তথা উন্নয়নৰ আওতাত নপৰা স্বত্বেও যোৰহাট লাহদৈগড় আৰু নৃসিংহ মুৰাৰী প্ৰভুখ্যাত মইনাপৰীয়া নামঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থকা শতবৰ্ষ গৰকা এজোপা প্ৰকাণ্ড জৰীগছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এই কাৰ্যক লৈ জাঙুৰ খাই উঠিছে সচেতন ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী যুৱক অৰূপ বৰা ।

ইতিমধ্যে গছজোপা আশী শতাংশ কাটি শেষ কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । কেইজনমান ব্যৱসায়ীৰ ব্যক্তিগত স্বাৰ্থত উক্ত গছজোপা ২০১৫ বৰ্ষতেই কটাৰ ষড়যন্ত্ৰত ৰচনা হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল । হাতীশালত হাতী হত্যাত জড়িত থকা এজন বীট অফিচাৰে নিজৰ মুনাফা লাভৰ স্বাৰ্থত ২০১৫ চনতেই জীৱিত গছজোপাক মৃত বুলি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু এই প্ৰতিবেদনৰ ভিত্তিতে গছজোপা কটাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছিল ।

কিন্তু ৰাইজ আৰু বিভিন্ন দল-সংগঠন, প্ৰকৃতিপ্ৰেমী লোকৰ তীব্ৰ প্ৰতিবাদত সেই ষড়যন্ত্ৰ সফল নহ'ল । তেতিয়া ঘটনাস্থলীত জিলা প্ৰশাসনৰ লগতে সেই সময়ৰ পূৱ ৰাজহ চক্ৰ তদানীন্তন চক্ৰ বিষয়া উপস্থিত হৈ এই গছজোপা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ নীতিৰ আওতাত নপৰে বুলি উল্লেখ কৰাৰ ফলত গছজোপা ধ্বংস কৰাত বিফল হৈছিল তেওঁলোক । ফলত গছজোপাই নতুন জীৱন লাভ কৰিছিল ।

কিন্তু পুনৰ ২০১৫ চনত বন বিভাগৰ এইগৰাকী বিতৰ্কিত বীট অফিচাৰে দিয়া জাননীকে লৈ পুনৰ বৃহস্পতিবাৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গছজোপা কাটিবলৈ আৰম্ভ কৰে যদিও ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী যুৱক অৰূপ বৰাৰ তৎপৰতাত গছজোপা সম্পূৰ্ণকৈ কাটিবলৈ সক্ষম নহ'ল ।

ইতিমধ্যে গছজোপা আশী শতাংশ কাটি তহিলং কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । নীৰ্তি বহিৰ্ভুতভাৱে এজপো শতবৰ্ষ গৰকা গছ কটাৰ কাৰ্যত ক্ষুব্ধ হৈ প্ৰকৃতিপ্ৰেমী যুৱক অৰূপ বৰাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰিচালন সঞ্চালক ধৰ্মেন্দ্ৰ কুমাৰ, অভিযন্তা গৌৰীশংকৰ হাজৰিকাৰ বিৰুদ্ধে যোৰহাটৰ লাহদৈগড় আৰক্ষী চকী আৰু যোৰহাট বন বিষয়াৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰে । শীঘ্ৰে যদি এই দুগৰাকী বিষয়াৰ বিৰুদ্ধে যোৰহাট বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে বন বিভাগৰ ৰেঞ্জাৰ আৰু বন বিষয়াৰ বিৰুদ্ধে সেউজ ন্যায়ধীকৰণ আদালতলৈ যোৱাৰ ইংগিত দিয়ে বৰাই ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে লাহদৈগড় আৰু মইনাপৰীয়া নামঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থকা বৃহৎ আকাৰৰ গছজোপাত বিভিন্ন সময়ত পৰিভ্ৰমী চৰায়ে বসবাস কৰে । কিন্তু বিদ্যুৎ পৰিবাহী তাঁৰ পাৰ কৰি নিয়াৰ বাবদ এই গছজোপা ধ্বংস কৰিব বিচাৰিছিল । প্ৰাধিকৰণে ইচ্ছা কৰাহেতেন ইনছুলিন কেবলৰ জৰিয়তেও এই কাৰ্য সমাধান কৰিব পাৰিলেহেঁতেন । কিয়নো ইনছুলিন কেবলৰ জৰিয়তে গিবন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বিদ্যুতৰ তাঁৰ সংযোগ কৰা হৈছে ।

লগতে পঢ়ক: উৰণ সেতু, পথ সম্প্ৰসাৰণৰ নামত প্ৰকৃতিৰ ওপৰত হাতোৰা - Deforestation in Assam

সৰুপথাৰত নলা নিৰ্মাণৰ নামত এফালৰ পৰা কাটিছে গছ - Deforestation in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.