ETV Bharat / state

শিৱসাগৰত বহিৰাগতৰ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ: অভিযুক্তক উপযুক্ত শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ - Player Attack Case in Sivasagar

National level player attack in Sivasagar : শিৱসাগৰত বহিৰাগত বণিয়াৰ দাদাগিৰি । ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকপ্ৰাপ্ত পাঞ্জা খেলুৱৈক ৩-৪ জনীয়া দুৰ্বৃত্তৰ দলৰ দলবদ্ধ আক্ৰমণ । তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন দল-সংগঠনৰ ।

National level Player Attack in Sivasagar
শিৱসাগৰত বহিৰাগতৰ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 4:05 PM IST

আমগুৰি, ১৪ আগষ্ট : শিৱসাগৰত সংঘটিত হৈছে এক অনাকংক্ষিত ঘটনা । বহিৰাগত বণিয়াৰ হাতত লাঞ্ছিতা হ'বলগা হ'ল এগৰাকী কিশোৰী । ৰাজপথতে শাৰীৰিকভাৱে প্ৰহাৰ কিশোৰীগৰাকীক । বহিৰাগত বণিয়াৰ হাতত প্ৰহৃত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকী ।

শিৱসাগৰত বহিৰাগতৰ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ (ETV Bharat Assam)

ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকপ্ৰাপ্ত পাঞ্জা খেলুৱৈগৰাকীক ৩-৪ জনীয়া দুৰ্বৃত্তই দলবদ্ধ আক্ৰমণ কৰে । শিৱসাগৰৰ বাবুপট্টীত মঙলবাৰে সংঘটিত হয় এই ঘটনা । দলবদ্ধ আক্ৰমণৰ বলি হয় ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাস । তিনি দুৰ্বৃত্তই নিৰ্মমভাৱে আক্ৰমণ কৰে খেলুৱৈগৰাকীক । আনকি পিন্ধি থকা কাপোৰ ফালি পেলোৱাৰো অভিযোগ উঠিছে এই তিনি দুৰ্বৃত্তৰ বিৰুদ্ধে । বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে খেলুৱৈগৰাকী ।

মূৰ আৰু পেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৮ বছৰীয়া জিমি দাস হৈছে আছাম এনাৰ্জী ইনষ্টিটিউট অব ফায়াৰ এণ্ড ছেফটী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে শিৱসাগৰৰ বাবুপট্টীত পথ অৱৰোধ কৰে বিভিন্ন দল-সংগঠনৰ সদস্যই ৷ ফলত ব্যাহত হয় সকলো ধৰণৰ যাতায়াত ৷ জানিব পৰা মতে, আহত জিমি দাস বৰ্তমানেও শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷

ইফালে আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰাক লৈ অধিক ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ ৷ যাৰ ফলত উত্তাল হৈ পৰে শিৱসাগৰ চহৰ ৷ আনহাতে, ৰাজপথলৈ ওলাই আহে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ শ শ প্ৰতিনিধি ৷ যাৰ বাবে বাবুপট্টীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ আক্ৰমণকাৰী অৰুণ লাহতী আৰু তৰুণ লাহতীৰ বাসগৃহৰ পদূলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে আক্ৰমণকাৰীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ বাবে জিলা আৰক্ষীক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :লখিমপুৰত সাৰি নগ’ল নাবালিকা নিৰ্যাতনকাৰী: ২৫ বছৰৰ কাৰাদণ্ডৰ ৰায় - DHAKUAKHANA RAPE INCIDENT
লগতে পঢ়ক :দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুজনকৈ মাছমৰীয়া: আৰক্ষীৰ তদন্ত আৰম্ভ - MURDER IN BOKOLIAGHAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.