ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত নন্দোৎসৱ পালন - Krishna Janmashtami 2024 - KRISHNA JANMASHTAMI 2024

Barpeta Satra : শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত সত্ৰ-নামঘৰ । শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হয় সত্ৰনগৰী বৰপেটা । ইয়াতেই অনুষ্ঠিত হয় 'পেকযাত্ৰা' ।

Krishna Janmashtami in Barpeta Satra
শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত বৰপেটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 12:18 PM IST

বৰপেটা, ২৭ আগষ্ট: সোমবাৰে ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰে সমগ্ৰ ৰাজ্য । শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হয় সত্ৰনগৰী বৰপেটাও । বৰপেটা সত্ৰত পালিত উৎসৱ-পাৰ্বন সমূহৰ ভিতৰত নন্দোৎসৱ অন্যতম ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ ৷ নন্দোৎসৱক বৰপেটাত স্থানীয়ভাৱে 'পেকযাত্ৰা' বুলিহে কোৱা হয় ৷

শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত বৰপেটা (ETV Bharat Assam)

শিশুলীলাৰ ঘোষা :

নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ টুপৰ চোতালত শিশুসকলে বোকাখেলি আনন্দত আপ্লুত হৈ পৰে ৷ নন্দোৎসৱ উপলক্ষে সত্ৰত পূৰ্বাপৰ ৰীতি অনুযায়ী পুৱাৰ গীত, ভটিমা গাই বন্তি প্ৰজ্বলনৰ লগতে নাম-প্ৰসঙ্গত চৰণ, যুগল, পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷

শিশু কৃষ্ণৰ ভাও লৈ নন্দোৎসৱ নাট প্ৰদৰ্শন :

নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দোৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে নাচ-গান কৰে ৷ ইপিনে, ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পিচত হোৱা আনন্দ উল্লাসৰ অনুকৰণত বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত বোকাভাওনা হৈছে ৷ গায়ন বায়ন আৰু নাম প্ৰসঙ্গত বহু ভকতেহ অংশগ্ৰহণ কৰাৰ লগতে সত্ৰীয়া ৰীতি পৰম্পৰাৰে গায়ন বায়নে শিশুলীলা পাঠ কৰি নন্দোৎসৱ পালন কৰে ৷

এই প্ৰসংগত স্থানীয় ব্য়ক্তি প্ৰিয়ৰঞ্জন দাসে কয়, "বৰপেটা সত্ৰৰ গুৰুআসনৰ পিছ পিনে দৈব্যজ্ঞই শ্ৰীকৃষ্ণৰ জন্মৰ গণনা সম্পন্ন কৰে ৷ ইয়াৰ পিছতে বৰপেটা সত্ৰৰ গায়ন-বায়ন প্ৰমুখ্যে ভকতসকলে নাম গাই বৰপেটা সত্ৰৰ গুৰু আসনৰ চাৰিওপিনে ৫ পাক ঘূৰি সত্ৰৰ পশ্চিম দুৱাৰেদি বাহিৰলৈ আহি সত্ৰৰ মূল কীৰ্তন ঘৰৰ চাৰিফালে ৭ পাক ঘূৰি মঠৰ চোতালত নামৰ সামৰণি মাৰিব ৷ ইয়াৰ লগে লগে বৰপেটা সত্ৰত পালিত নন্দোৎসৱৰ সামৰণি পৰিব ৷"

লগতে পঢ়ক:পবিত্ৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণময় হৈ পৰিছে ৰাজ্যৰ চৌদিশ - Krishna Janmashtami 2024

অসমীয়া মানুহে নিজৰ সংস্কৃতিৰ বাবে সচেতন হোৱাটো স্বাভাৱিক : জয়ন্ত মল্লবৰুৱা - Krishna Janmashtami 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.