ETV Bharat / state

মৃত্যুঘণ্টা বাজিছে নামৰূপ সাৰ কাৰখানাত - BV Fertilizer Company

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 8:24 AM IST

BVFCL Namrup : যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি থকাৰ পাছত নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰৰ উকমুকনিৰ সৃষ্টি হৈছে । নামৰূপ সাৰ কাৰখানা জীয়াই ৰখাৰ দাবীত শ্ৰমিক ইউনিয়নে সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ।

BVFCL Namrup
মৃত্যুঘণ্টা বাজিছে নামৰূপ সাৰ কাৰখানাত (ETV Bharat Assam)

ডিব্ৰুগড়, ২৯ আগষ্ট : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে দেশত নতুন নতুন উদ্যোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা ক্ৰমাৎ বন্ধ হোৱাৰ দিশে গতি কৰিছে । বিশেষ খবৰ ওলোৱা অনুসৰি, যিকোনো মুহূৰ্ততে বন্ধ হ'ব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা ।

উল্লেখ্য যে ২০০৬ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাচোৱানে নামৰূপ সাৰ কাৰখানা অধিক কাৰ্যক্ষম কৰিবলৈ উত্তৰ- পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোত চতুৰ্থ গোট নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । সেয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীত দীৰ্ঘদিনৰ পৰা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

আনহাতে, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি থকাৰ বিপৰীতে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰৰ উকমুকনিৰ সৃষ্টি হৈছে । তাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে উদ্যোগটোৰ শ্ৰমিক ইউনিয়নে সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সাৰ কাৰখানাটো জীয়াই ৰখাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

লক্ষণীয় বিষয়টো হ'ল, ২০১৫ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কেবিনেট অনুমোদনৰ জৰিয়তে সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ প্ৰস্তাৱ দিছিল । কিন্তু ৰহস্যজনকভাৱে ২০২২ চনত নিটি আয়োগে বিভিন্ন প্ৰক্ৰিয়াৰ আধাৰত নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ পৰামৰ্শ আগবঢ়ায় । এই সমগ্ৰ বিষয়টো বৰ্তমান সময়ত দেশৰ কেইবাখনো আগশাৰীৰ বাতৰিকাকতত প্ৰকাশ পোৱাৰ পাচত আন্দোনলমুখৰ হৈ পৰিছে নামৰূপ ৷

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাই ভগ্নপ্ৰায় উৎপাদন গোটৰ জৰিয়তে খেতিয়কৰ চাহিদা পূৰণ কৰা সময়তে উদ্যোগটো বন্ধৰ বাবে কুচকাৱাজ চলাত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে ৰাইজ । সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত প্ৰতিবাদ সাব্যস্ত কৰি সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । লগতে ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালক নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰিবলৈ বিশেষ উদ্যোগ ল'বলৈ আহ্বান জনায় ।

উল্লেখ্য যে চলিত মাহতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক সহিতে এটি সঁজাতী দলৰ সৈতে কেন্দ্ৰীয় সাৰ মন্ত্ৰী জে পি নাড্ডা আৰু সৰ্বানন্দ সোণোৱালক দিল্লীত সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ দাবীত সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে এই সম্পৰ্কত আলোচনাত মিলিত হৈছিল । কিন্তু ইমানৰ পাচতো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো কেন্দ্ৰীয় চৰকাৰৰ বন্ধ কৰিব নে অধিক কাৰ্যক্ষম কৰিবলৈ আগবঢ়িব সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :সংকটৰ দিশে নামৰূপ সাৰ কাৰখানা: উৎপাদন হ্ৰাসৰ লগতে কমিছে উপার্জন - Namrup fertilizer factory
লগতে পঢ়ক :নামৰূপ সাৰ কাৰখানাত সাৰ কেলেংকাৰীৰ অভিযোগ; তদন্তৰ দাবীত আছুৰ প্ৰতিবাদ - AASU protest at BVFCL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.