ETV Bharat / state

সাগৰীয় মাণিক এতিয়া ঘৰৰ পুখুৰীত: মুকুতাৰ খেতিৰে বিপ্লৱৰ সূচনা ৰুলেন হাজৰিকাৰ - Pearl Farming Business

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 1:57 PM IST

What is Pearl farming : এতিয়া কেৱল সাগৰতেই নহয়, পুখুৰীতো উৎপাদন কৰিব পাৰি মূল্যৱান মুকুতা । আমাৰ ৰাজ্যৰ বিভিন্ন পুখুৰীতো বৰ্তমান উপলব্ধ হৈছে এই মুকুতা । ইয়াক সম্ভৱ কৰি তুলিছে নগাঁৱৰ ৰুলেন হাজৰিকা নামৰ এজন শিক্ষিত যুৱকে । মুকুতা খেতিৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আন বহু পৰিয়ালকো দেখুৱাইছে স্বাৱলম্বিতাৰ এটি সুন্দৰ পথ । প্ৰথমে এটা সৰু পুখুৰীত মুকুতা খেতি কৰিবলৈ আৰম্ভ কৰা ৰুলেন হাজৰিকাই বৰ্তমান সমবায় ভিত্তিত ইয়াৰ খেতি কৰি স্বাৱলম্বী কৰিছে ৰাজ্যৰ পাঁচ শতাধিক পৰিয়ালক । এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

what is Pearl farming
পুখুৰীতো উৎপাদন কৰিব পাৰি মূল্যবান মুকুতা (ETV Bharat Assam)

নগাঁও, ১২ জুলাই : এতিয়া অসমতো সম্ভৱ মুকুতাৰ খেতি । মূল্যবান মুকুতাৰ খেতি তথা ইয়াৰ উৎপাদন বৰ্তমান সম্ভৱ হৈ উঠিছে নগাঁও জিলাতো । উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত মুকুতাৰ খেতি তথা উৎপাদন আৰম্ভ হোৱাৰ আঁৰতে এই খেতিৰ বাটকটীয়া হৈছে নগাঁও জিলাৰ ধিঙৰ অন্তৰ্গত বেছামাৰীৰ এজন উচ্চ শিক্ষিত যুৱক ।

ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ICAR ৰ সহযোগিতাত বৈজ্ঞানিক পদ্ধতিত যুৱকজনে কৰি আহিছে মুকুতাৰ খেতি । আমি উল্লেখ কৰা যুৱকজনৰ নাম ৰুলেন হাজৰিকা । খাল-বিলতে সহজতে উপলব্ধ শামুকক বিশেষভাৱে অস্ত্ৰোপচাৰ কৰি ঘৰৰ পুখুৰীতে উচ্চ শিক্ষিত যুৱকজনে উৎপাদন কৰিছে মুকুতা ।

কেৱল নিজাববীয়াকৈ ঘৰৰ পুখুৰীতে যে যুৱকজনে মুকুতাৰ খেতি কৰি গৈছে এনে নহয় ৷ তেওঁৰ প্ৰচেষ্টাত মুকুতা খেতিৰ প্ৰসাৰ আৰু নিবনুৱা যুৱক-যুৱতীসকলক জড়িত কৰাবলৈ অসম ভিত্তিত গঠন কৰা হৈছে 𝐀𝐬𝐬𝐚𝐦 𝐏𝐞𝐚𝐫𝐥 𝐃𝐞𝐯𝐞𝐥𝐨𝐩𝐦𝐞𝐧𝐭 𝐂𝐨-𝐎𝐩𝐞𝐫𝐚𝐭𝐢𝐯𝐞 𝐒𝐨𝐜𝐢𝐞𝐭𝐲 𝐋𝐭𝐝. নামৰ এটি সংস্থা ।

এই সংস্থাটোৰ উদ্যোগত বৰ্তমানলৈকে ৰাজ্যৰ ১৩ খন জিলাৰ শিক্ষিত যুৱক যুৱতী আৰু আত্মসহায়ক গোটৰ মহিলাসকলক মুকুতা খেতিৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে ৰুলেন হাজৰিকাই । ইটিভি ভাৰতক তেখেতে জানিব দিয়া অনুসৰি, পৰ্যায়ক্ৰমে ৰাজ্যৰ আন জিলাসমূহতো দিয়া হ'ব ইয়াৰ প্ৰশিক্ষণ ।

লগতে পঢ়ক : জীৱনত তিনিবাৰকৈ ল’ব খুজিছিল চৰম সিদ্ধান্ত; আজি তেওঁ বহুতৰে আদৰ্শ - Self reliant woman

ইটিভি ভাৰত, অসমৰে হোৱা এক আছুটীয়া সাক্ষাৎকাৰত ৰুলেন হাজৰিকাই উল্লেখ কৰা অনুসৰি, নগাঁও জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ ১১৫০ গৰাকী মহিলাক বৰ্তমানলৈকে মুকুটা খেতি তথা উৎপাদনৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে ।

কলকাতাস্থিত 𝐂𝐞𝐧𝐭𝐫𝐚𝐥 𝐈𝐧𝐬𝐭𝐢𝐭𝐮𝐭𝐞 𝐨𝐟 𝐅𝐢𝐬𝐡𝐚𝐫𝐲 𝐄𝐝𝐮𝐜𝐚𝐭𝐢𝐨𝐧 (𝐂𝐈𝐅𝐄) পৰা অহা দুগৰাকী বিশেষজ্ঞই বিভিন্ন গোটৰ পৰা আহি অংশগ্ৰহণ কৰা মহিলা সদস্যসকলক মুকুতা উৎপাদনৰ ওপৰত উন্নত প্ৰৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰাৰ কথাও জনালে ৰুলেন হাজৰিকাই ।

মুকুতা উৎপাদক হাজৰিকাই জানিবলৈ দিয়া অনুসৰি, উন্নত মানৰ এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষিত মহিলাসকলে ইতিমধ্যে মুকুতাৰ খেতি কৰিবলৈ আৰাম্ভ কৰিছে । তাৰোপৰি বিভিন্ন খাল বিলৰ পৰা সংগ্ৰহ কৰা ২০,০০০ কাণখোলা শামুকেৰে 𝐒𝐨𝐜𝐢𝐞𝐭𝐲 ৰ এটা বৃহৎকায় পুখুৰীত বিজ্ঞানসন্মত পদ্ধতিৰে ৰুলেন হাজৰিকাৰ নেতৃত্বত সদস্যসকলে আৰম্ভ কৰিছে মুকুতাৰ খেতি ।

লগতে পঢ়ক : ন-ভূঁই ৰোৱা বতৰ : পথাৰৰ বোকা-মাটিৰ বুকুত এগোঁজ দুগোঁজকৈ কঠীয়াৰে ভৱিষ্যতৰ আখৰ লিখিছে ৰোৱনীয়ে - Paddy Cultivation

হাজৰিকাই ৰাজ্যৰ শিক্ষিত নিৱনুৱা যুৱক যুৱতীসকলক মূল্যবান এই মুকুতা খেতিৰ লগত জড়িত হৈ স্বাৱলম্বী হ'বলৈ আহ্বান জনোৱাৰ লগতে এই বৃত্তিটোৰ লগত জড়িতসকলৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰো সুদৃষ্টি কামনা কৰিছে ।

উল্লেখ্য যে, অসমৰ বিভিন্ন খাল বিলত সহজতে উপলব্ধ কানখোলা শামুক সংগ্ৰহ কৰি এক বিশেষ অস্ত্ৰোপ্ৰচাৰেৰে শামুকটোৰ ভিতৰত এবিধ বিশেষ ধাতু সংস্থাপন কৰাৰ অন্তত শামুকবোৰক বিজ্ঞান সন্মতভাৱে পুখুৰীত প্ৰতিপালন কৰা হয় । ১২ ৰ পৰা ১৫ মাহৰ ভিতৰত এই কাণখোলা শামুকৰ পেটতে সৃষ্টি হয় মূল্যবান মুকুতাৰ আৰু ইয়াৰ পৰাই প্ৰস্তুত কৰা হয় বিভিন্ন আকৃতিৰ চেইন, লকেট, কাণফুলি, আঙুঠিকে ধৰি বিভিন্ন সামগ্ৰী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.