ETV Bharat / state

শিৱামণিক কাষত লৈ বটদ্ৰৱাত মূৰ দোৱালে প্ৰদ্যুৎ বৰদলৈয়ে - Batadrava Holi - BATADRAVA HOLI

Pradyut Bordoloi at Batadrava Than : দৌল পূৰ্ণিমাৰ নিশা বটদ্ৰৱা থানত সেৱা ল’লে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । বিধায়িকা শিৱামণি বৰাক লগত লৈ ভকত বৈষ্ণৱৰ সৈতে মত বিনিময় বৰদলৈয়ে । লগতে সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷

DEVANANDA DEV GOSWAMI PASSES AWAY
শিৱামণিক কাষত লৈ বটদ্ৰৱাত মূৰ দোৱালে প্ৰদ্যুৎ বৰদলৈয়ে
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:07 AM IST

শিৱামণিক কাষত লৈ বটদ্ৰৱাত মূৰ দোৱালে প্ৰদ্যুৎ বৰদলৈয়ে

নগাঁও, 26 মাৰ্চ : সোমবাৰে দিনৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানত সেৱা লয় ৷ ইয়াৰ পিচতে পবিত্ৰ দৌল পূৰ্ণিমাৰ নিশা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত । জাতীয় সাজ পৰিধান কৰি বিধায়িকা শিৱামণি বৰাক লগত লৈ কীৰ্তন ঘৰত তেওঁ নেদেখাজনৰ ওচৰত মূৰ দোৱায় আশিস গ্ৰহণ কৰে ৷

ইয়াৰ পাচতে কীৰ্তন ঘৰত ভকতসকলৰ লগতো মত বিনিময় কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । লগতে দৌল মহোৎসৱৰ হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰৰ মাজত পৰিভ্ৰমণ কৰি দৌল মহোৎসৱৰ আনন্দ উপভোগ কৰে বৰদলৈয়ে ।

কীৰ্তন ঘৰত সাংবাদিকৰ আগত পবিত্ৰ দৌল পূৰ্ণিমাৰ দিনটোত মহাপুৰুষ শংকৰদেৱৰ শ্ৰীচৰণত সেৱা নিবেদন কৰাৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘মহাপুৰুষ গুৰুজনাই 21 বছৰ বয়সতে জাতি-বৰ্ণ-নিৰ্বিশেষে সকলোকে লগত লৈ কৃষ্ণ ভক্তিৰ মাহাত্ম্য বিলীন কৰাৰ নিমিত্তে আনন্দদায়ক এই দৌল উৎসৱৰ পাতনি মেলিছিল । সেই পবিত্ৰ স্থানত মই আজি উপস্থিত হৈ নিজকে ধন্য মানিছো’’ ।

লগতে পঢ়ক : ভৰদৌলৰ দিনা বৰপেটা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - ASSAM CM in Barpeta Satra

লগতে সদ্য প্ৰয়াত বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ বিয়োগত শোক প্ৰকাশ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । ইপিনে একাংশ নেতাৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভতো মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । সংবাদ মাধ্যমৰ সন্মুখত দিল্লীৰ হেঁচাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । কংগ্ৰেছৰ শিপা পাতললৈকে থকা বুলিও উল্লেখ কৰি দুই-এজন নেতাৰ কংগ্ৰেছ ত্যাগে দলটোক কোনো ক্ষতি নকৰে বুলিও মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, দৌল পূৰ্ণিমা অৰ্থাৎ সোমবাৰে বটদ্ৰৱা ভ্ৰমণৰ সময়ত প্ৰদ্যুৎ বৰদলৈক সংগ দিয়ে বিধায়িকা শিৱামণি বৰাকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ দলৰ কেবাজনো নেতা-কৰ্মীয়ে ৷

লগতে পঢ়ক : ফাকুৱা উৎসৱৰ দিনাই বটদ্ৰৱা থানত সেৱা ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই - CM at Batadrava than

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.