ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ গুণ্ডাগিৰি, ভাঙিলে দোকান - Assam Nagaland Border

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 8:53 PM IST

Naga miscreants in Assam Nagaland Border : অসম ভূমিৰ সীমান্তত ব্যৱসায় কৰিবলৈ নগাক দিব লাগে কৰ । কৰ নিদিলেই বিপদ । নগাৰ ভাবুকিত শংকিত সীমান্তৰ জনতা ।

Naga miscreants in Assam Nagaland Border
অসম-নাগালেণ্ড সীমান্ত (ETV Bharat Assam)

সৰুপথাৰ, ১৮ আগষ্ট : অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ চেতিয়া গাঁৱত ব্যৱসায়িক প্ৰতিষ্ঠানত নগা দুৰ্বৃত্তৰ গুণ্ডাগিৰি । দাবী কৰা ৫০০ টকা দিবলৈ অস্বীকাৰ কৰা বাবে ব্যৱসায়ীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত দুৰ্বৃত্তৰ দলৰ ৷ এই লৈ দুয়োপক্ষৰ মাজত তৰ্কাতৰ্কি হোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনক মাৰপিট কৰিবলৈ উদ্যত হয় । এই দলটোৱে ধন নাপাই দোকানখন লণ্ড-ভণ্ড কৰে । এই ঘটনাটোক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে ।

অসমীয়া যুৱকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নগা যুৱকৰ আক্ৰমণ :

১৭ আগষ্টত প্ৰায় চাৰি মান বজাত বি ছেক্টৰৰ ২নং চেতিয়া গাঁৱৰ ব্যৱসায়ী অনিল কৰ্মকাৰৰ দোকানলৈ নিউ চান্দালাচোং নামৰ নগা গাঁৱৰ পৰা পাঁচজন নগা যুৱক ক্ৰমে লুংচি কিকন,আখাব্ কিকন, আখাংগ’, বিবেন ল’থা আৰু আচাম’আহেই ধন দাবী কৰে ৷ ব্যৱসায়ী অনিল কৰ্মকাৰে নগদ ধনৰ পৰিবৰ্তে অন লাইনতহে দিব পাৰিব বুলি কোৱাত যুৱককেইজনে ব্যৱসায়ীজনক মাৰপিট কৰিবলৈ উদ্যত হয় ৷ অনিলৰ বৃদ্ধা মাতৃয়ে যুৱককেইজনক নামাৰিবলৈ অনুৰোধ জনায় । সেই সময়ত অনিলৰ পত্নী আহি পোৱাত তেওঁক প্ৰহাৰ কৰে বুলি ব্যৱসায়ীজনৰ পত্নীয়ে অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে পৰিয়ালৰলোকে অনিলক কোনোমতে যুৱককেইজনৰ কৱলৰ পৰা ৰক্ষা কৰে ৷ ইফালে, যুৱককেইজনে দাবী কৰা ধন নাপাই দোকানৰ বয়বস্তু লণ্ডভণ্ড কৰি ক্ষতি সাধন কৰে । আনকি ব্যৱসায়ীজনৰ বাসগৃহৰ ভিতৰলৈ গৈ উপদ্ৰৱ চলাই বাসগৃহৰ গেটৰ ক্ষতিসাধন কৰে ৷

চি আৰ পি এফকো কেৰেপ নকৰে নগাই :

উল্লেখযোগ্য যে এই সময়তে ১৪২ নং চি আৰ পি এফৰ ৰোমানবস্তিৰ ছাউনিৰ পৰা দুজন জোৱান দোকানলৈ অহা অৱস্থাত জোৱান দুজনৰ সৈতেও নগা যুৱককেইজনে তৰ্কাতৰ্কি কৰি মুকলিভাৱে প্ৰত্যাহ্বান জনায় বুলি অভিযোগ কৰে অনিলৰ পত্নীয়ে ৷

ইফালে, এই ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে সীমান্ত দণ্ডাধীশ, উৰিয়ামঘাট আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে ৷ ব্যৱসায়ীজনৰ পৰিয়ালে এই ঘটনাৰ পিছৰে পৰা চৰম নিৰাপত্তাহীনতাত ভোগা বুলি কয় ৷ উল্লেখ্য যে ২০১৪ চনত বি ছেক্টৰৰ চেতিয়া গাঁও অঞ্চলত নগা দুস্কৃতিকাৰীয়ে ১৬খনকৈ অসমীয়া গঞা কৃষকৰ গাঁৱত অগ্নিসংযোগ কৰি ভস্মীভূত কৰাৰ লগতে বহুকেইজন নিৰীহ গঞাক নৃশংসভাৱে হত্যা কৰিছিল ।

এই অঞ্চলটোৰ জনসাধাৰণক নিৰাপত্তা দিবৰ কাৰণে চৰকাৰে ২ নং চেতিয়া গাঁৱৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোত কেইবাটাও এছ এছ বিৰ ছাউনি স্থাপন কৰিছিল । ফলত অঞ্চলটোত নগা দুস্কৃতিকাৰীকাৰীৰ উপদ্ৰৱ কিছু শাম কাটিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত এই ছাউনি সমূহ উঠাই নিয়াৰ সুযোগত পুনৰ দুস্কৃতিকাৰীয়ে অঞ্চলটোত দুস্কাৰ্য সংঘটিত কৰিবলৈ লয় ৷ সেয়েহে অঞ্চলবাসীয়ে ২নং চেতীয়াগাঁৱৰ উপৰি শান্তিপুৰত একোটাকৈ অসম বেটেলিয়নৰ ছাউনি স্থাপনৰ বাবে অসম চৰকাৰক দাবী জনাইছে ৷

অসমৰ চৰকাৰৰ কৰ নগাৰ হাতলৈ যায় :

অসম ভূমিৰ সীমান্তত ব্যৱসায় কৰিবলৈ নগাক দিব লাগে কৰ । কৰ নিদিলেই বিপদ । আনকি চি আৰ পি এফ জোৱানকো কেৰেপ নকৰে নগা যুৱকে । ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা অসমৰ কৃষকসকলে একাংশ নগা দুস্কৃতিকাৰীৰ দ্বাৰা সময়ে সময়ে উপদ্ৰৱৰ সন্মুখীন হৈ আহিব লগা হৈছে ৷ সীমান্তৱৰ্তী অসমৰ একাংশ অসমীয়া গাঁৱত নগা দুস্কৃতিকাৰীয়ে ধনদাবী কৰাৰ উপৰি অসমৰ গঞাঁ ৰাইজৰ পোহনীয়া জীৱজন্তু বলপূৰ্বক লৈ যায় ৷ মহকুমাটোৰ বি ছেক্টৰৰ অন্তৰ্গত ৰোমানবস্তি, ছান্দলাছোং, ২নং চেতিয়া গাঁৱকে আদি কৰি ভালেসংখ্যক অসমৰ গাঁৱৰ জনসাধাৰণে নগা উগ্ৰপন্থীকো নিয়মিতভাৱে কৰ দি আহিব লগা হৈছে ৷ কৰ দিবলৈ অমান্তি হোৱা পৰিয়ালসমূহৰ পৰা ভয়-ভাবুকি, মাৰপিট কৰি কৰ আদায় কৰে ৷

লগতে পঢ়ক:মেৰাপানীত বেদখলৰ বিৰুদ্ধে গোলাঘাট জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - eviction drive in Golaghat

অসম-নাগালেণ্ড সীমান্তত একাংশ মহিলাই বৰষুণত তিতি অৱৰোধ কৰিলে পথ - Artificial Flood In Sarupathar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.