মৰাণ, ২১ আগষ্ট : বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী সন্ধানহীন হোৱাৰ লগতে মৃত্যুক আকোঁৱলি লোৱা ঘটনাই সচেতন ৰাইজক চিন্তিত কৰিছে । ইয়াৰ মাজতে আন এক দুখৰ খবৰ আহিল ডিব্ৰুগড়ৰ মৰাণলৈ । মুম্বাইত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে মৰাণৰ এজন যুৱকে ।
কেনেকৈ মৃত্য়ু হ'ল সঞ্জীৱৰ ?
মৰাণৰ ১ নং ঘোঁৰাঘাচৰ কালিয়ান গুৰিয়াৰ পুত্ৰ সঞ্জীৱ গুৰিয়াক খুমটাইৰ এজন ঠিকাদাৰে লৈ গৈছিল মুম্বাইলৈ । তাতেই সঞ্জীৱ গুৰিয়াই দিন হাজিৰা কৰিছিল । কাম কৰি থকা অৱস্থাতে যুৱকজনে মুম্বাইৰ এটা অট্টালিকাৰ দ্বিতীয় মহলাৰ ওপৰৰ পৰা পৰি যায় । গুৰুতৰভাৱে আহত সঞ্জীৱক মুম্বাই আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় । চিকিৎসালয়তে যোৱা ১৯ আগষ্টত সঞ্জীৱৰ মৃত্যু হোৱা বুলি পৰিয়ালটোৱে খবৰ লাভ কৰে ।
জানিব পৰা নাই মৃত্য়ুৰ কাৰণ :
আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে । প্ৰকৃততে কেনেকৈ ঘটনাটো সংঘটিত হ'ল সেই কথা ভালকৈ জানিব পৰা নাই পৰিয়ালৰ লোকসকলে । কেৱল ঠিকাদাৰে অট্টালিকাৰ পৰা পৰি যোৱা বুলি জনাইছে বুলি কয় পৰিয়ালৰ লোকে ।
মৃতদেহ স্ব-গৃহলৈ আনিবলৈ নাই ধন :
এতিয়া সঞ্জীৱ গুৰিয়াৰ মৃতদেহ স্ব-গৃহলৈ আনিবলৈও হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে । আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটোৰ একমাত্ৰ সন্তান আছিল সঞ্জীৱ গুৰিয়া । পৰিয়ালটো পোহপালন দিয়াৰ একমাত্ৰ ভৰসা আছিল মৃত সঞ্জীৱ । পুত্ৰক হেৰুওৱা খবৰ লাভ কৰাৰ পিচতে দুখত ভাগি পৰিছে অসহায় পিতৃ-মাতৃ । পৰিয়ালটোৱে সহায়ৰ বাবে চৰকাৰক জনাইছে আহ্বান ।